উবেৰ কাপত চীনৰ হাতত ৫-০ত পৰাস্ত ভাৰতীয় মহিলা দল 

Pc Telangana Today

উবেৰ কাপত চীনৰ হাতত ৫-০ত পৰাস্ত ভাৰতীয় মহিলা দল 

ৰঙিলী বাৰ্ত্তাসেৱা-  ডেনমার্কত পূর্ণগতিত চলি থকা উবেৰ কাপ প্রতিযোগিতাখনৰ অনুষ্ঠিত গ্ৰুপৰ এখন মেচত পি ভি সিন্ধু নেতৃত্বাধীন ভাৰতীয় মহিলা  দলটোৱে চীনৰ হাতত ৫-০ৰ ব্যৱধানত শোচনীয়ভাবে পৰাস্ত হৈ প্রতিযোগিতাখনৰ পৰা আগতীয়াকৈ বিদায় মাগে। গ্ৰুপৰ প্ৰথমখন মেচত ডেনমাৰ্কৰ হাতত পৰাস্ত হয় যদিও ইউক্রেইনক পৰাস্ত কৰি প্রতিযোগিতাখনত প্ৰত্যাৱৰ্তন কৰা ভাৰতীয় দলটোৱে চীনৰ হাতত সহজেই আত্মসমর্পণ কৰে। ভাৰতৰ আগশাৰীৰ খেলুৱৈ পি ভি সিন্ধুৱে প্রথমখন ছিংগলছ মেচত ৱাং ঝি য়িৰ হাতত সংগ্ৰামৰ মূৰত ১৬-২১, ২১-১৯, ১৯-২১ গেমত পৰাজয় স্বীকাৰ কৰে। ইফালে, প্রিয়া কনজেংবাম আৰু শ্রুতি মিশ্ৰৰ দ্বাৰা গঠিত ডাবলছ যুটিটোরে লিউ চেং শু-টান নিঙৰ হাতত ১১-২১, ৮-২১ গেমত সহজেই পৰাস্ত হয়। ইফালে, অসম কন্যা ঈশাৰাণী বৰুৱাই দ্বিতীয়খন ছিংগলছত চেন ইউ ফেইৰ হাতত ২০-২২, ১৩-২১ গেমত পৰাস্ত হয়। আনহাতে, তানিশা ক্রাষ্টো আৰু কভিপ্রিয়া ছেলভাম যুটিয়ে দ্বিতীয়খন ডাবলছ মেচত লুঅ’ জু মিন-ঝেং শু জিয়ান যুটিৰ হাতত ২১-১০, ১২-২১, ১৯-২১ গেমত পৰাস্ত হোৱাৰ বিপৰীতে অন্তিমখন ছিংগলছত দেবিকা ছিহাগে জু বেন জিঙৰ হাতত ২১-১৯, ১৭-২১, ১০-২১ গেমত পৰাস্ত হয়।