হৃদয়ৰ ৰঙ- প্ৰসেনজিৎ গোস্বামী

Pc Unsplash

হৃদয়ৰ ৰঙ

বন্ধ কোঠাত বিচনাত বাগৰি তোমাৰ কথাই ভাবিছোঁ।

হুমুনিয়াহ বোৰে কোঠাৰ বেৰ, চিলিং বগাই

খেলি আছে আপোনমনে।

খিৰিকী খুলি দিম বুলি ভাবিও নিদিলোঁ।

থাকক নালাগে।

আপোন মনে খেলি থকা হুমুনিয়াহবোৰে হয়তো

খিৰিকাৰে সোমাই অহা বতাহত বিতত হব।

তোমাক ভাল পোৱাটো যেন বৰ্ষা অৰণ্য।

তোমাক ভালপাওঁ বুলি কোৱাতো অৰণ্যৰোদন।

আৰু মই?

আৰু মই?

সময়ে এৰি থৈ যোৱা কেইটামান মূহুৰ্তৰ

স্মৃতি মাথো।

তোমাক ভাল পোৱাটো যেন বৰ্ষা অৰণ্য

তোমাক ভালপাওঁ বুলি কোৱাতো অৰণ্যৰোদন।

প্ৰসেনজিৎ গোস্বামী