হাৰিয়ানাৰ মুখ্যমন্ত্ৰীৰ ৰাষ্ট্ৰপতিক পঞ্জাৱ চৰকাৰক বৰ্খাস্ত কৰিবলৈ আহ্বান

p.c. the hindu

হাৰিয়ানাৰ মুখ্যমন্ত্ৰীৰ ৰাষ্ট্ৰপতিক পঞ্জাৱ চৰকাৰক বৰ্খাস্ত কৰিবলৈ আহ্বান

ৰঙিলী বাৰ্ত্তাসেৱা–  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পঞ্জাৱত নিৰাপত্তা ৰক্ষাৰ ত্ৰুটিৰ পিছত হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দক ৰাজ্য চৰকাৰক বৰ্খাস্ত কৰিবলৈ আৰু ৰাষ্ট্ৰপতি শাসন জাৰি কৰিবলৈ আহ্বান জনাইছে। যাৰ অধীনত আগন্তুক ৰাজ্যবিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব।মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰৰ নেতৃত্বত হাৰিয়ানা চৰকাৰৰ এটা প্ৰতিনিধি দলে ৰাজভৱনত ৰাজ্যপালক সাক্ষাৎ কৰে আৰু প্ৰধানমন্ত্ৰী মোদীৰ নিৰাপত্তাৰ ক্ষেত্ৰত হোৱা ত্ৰুটিৰ বাবে পঞ্জাৱ চৰকাৰৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ বাবে ৰাষ্ট্ৰপতি কোবিন্দক এখন স্মাৰকপত্ৰ দাখিল কৰে।