হত্যাৰ ভাবুকিক লৈ চিন্তিত নহয় মুখ্যমন্ত্ৰী
ৰঙিলী বাৰ্ত্তাসেৱা- মোলৈ হত্যাৰ ভাবুকি আহিয়ে থাকে ৷ মোৰ বাবে এইটো নতুন কথা নহয় ৷ আৰ্শীবাদ যাত্ৰাৰ সময়তো বহুতো হত্যাৰ ভাবুকি পাইছিলো ৷ কিছুমান মানুহ মোৰ ওপৰত সন্তুষ্ট নহয় ৷ যাৰ বাবে এনে ভাবুকি দি থাকে ৷ শেহতীয়াকৈ ৰাজ্যৰ ড৹ হিমন্ত বিশ্ব শৰ্মাই লাভ কৰা হত্যাৰ ভাবুকি সন্দৰ্ভত তেওঁ এইদৰে মন্তব্য কৰে ৷ সোমবাৰে সংবাদমেলত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী শৰ্মাই আৰু কয়, মোৰ বাবে হত্যাৰ ভাবুকি পাই থকাটো সাধাৰণ কথা ৷ আমাৰ আৰক্ষী বিভাগ মোক সুৰক্ষা দিবলৈ যথেষ্ট যোগ্য ৷ মই এই ভাবুকিলৈ ভয় নকৰো৷ উল্লেখ্য যে, মৰিগাঁও জিলাৰ ভূৰাগাঁৱৰ আব্দুল মুতালেবৰ ফেচবুক একাউণ্টৰ পৰা স্বাধীনতা দিৱসৰ ভাষণৰ লাইভ সম্প্ৰচাৰৰ সময়ত শৰ্মাই মৃত্যুৰ ভাবুকি লাভ কৰিছিল ৷ এই অভিযোগৰ পাছতে ঘটনাৰ তদন্ত কৰি মৰিগাঁও আৰক্ষীয়ে তদন্ত কৰি মুতালেবক গ্ৰেপ্তাৰ কৰে । DGP হৰমীত সিঙে এই কথা সদৰী কৰিছিল ৷ এই ঘটনাৰ মাত্র দুদিন পিছত অর্থাৎ সোমবাৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মালৈ দ্বিতীয়টো হত্যাৰ ভাবুকি আহে। এইবাৰ সামাজিক মাধ্যমযোগে নগাঁও জিলাৰ জুৰীয়াৰ পৰা মুবাৰক আলী নামৰ এজনে এই ভাবুকি প্রদান কৰা বুলি জানিব পৰা গেছে। ২ কোটি টকা দিলে মুখ্যমন্ত্রীক মধ্য অসমতেই হত্যা কৰিম বুলি ভাবুকি দিয়ে। এই ভাবুকি লাভ কৰাৰ পিছতে নগাঁও আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰে আৰু মুবাৰক আলীৰ ঘৰত আৰক্ষীৰ এটা দল উপস্থিত হয়। স্থানীয় কিছু লোকে উল্লেখ কৰা মতে, অভিযুক্ত মুবাৰক আলী কর্মসূত্রে অসমৰ বাহিৰত বাস কৰে। বছৰেকত ঘৰলৈ ১০-২০ দিনৰ বাবে আহে আৰু গুচি যায়। মুবাৰকৰ বিৰুদ্ধে যি অভিযোগ উঠিছে সম্ভৱতঃ সেয়া মিছা, কাৰণ তেওঁ এনেধৰণৰ কাম কৰাৰ মানসিকতাৰ ব্যক্ত নহয় বুলি স্থানীয় লোকে জনায়। জুৰীয়াৰ আন এজন লোকে কয় যে কিছু লোকে হয়তো মুবাৰক আলীৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিছে। মুবাৰক একেবাৰ অশিক্ষিতব্যক্তি। লিখা-ঢ়া কৰিব নোৱাৰে। তেনে স্থলত তেওঁ ফেচবুকযোগে ভাবুকি দিয়াৰ কথা অলপ আচৰিত বিষয়, সেয়ে আৰক্ষীয়ে এই ঘটনাৰ উচিত তদন্ত কৰি দোষীক শাস্তি দিব লাগে বুলি তেওঁ জনায়।
