শ্যামকানুৰ জামিন আবেদনৰ শুনানি গ্রহণ উচ্চতম ন্যায়ালয়ৰ
ৰঙিলী বাৰ্ত্তাসেৱা- অক্টোবৰলৈকে কাৰাগাৰতে থাকিব লাগিব শ্যামকানু মহন্ত ৷ উচ্চতম ন্যায়ালয়েও সকাহ নিদিলে হার্টথ্রব জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু গোচৰৰ অন্যতম মূল অভিযুক্ত শ্যামকানু মহন্তক । সোমবাৰে উচ্চতম ন্যায়ালয়ত আছিল শ্যামকানু মহন্তৰ জামিন আবেদনৰ শুনানি । কিন্তু ন্যায়ালয়ে জামিনৰ পৰিৱৰ্তে গোচৰটোৰ পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰে । ফলত অক্টোবৰ মাহলৈকে অসমৰ বাক্সাৰ নিকাছী কাৰাগাৰেই হ’ব শ্যামকানুৰ ঠিকনা । শ্যামকানু মহন্তৰ জামিন আবেদনৰ শুনানি গ্রহণ কৰি উচ্চতম ন্যায়ালয়ে ৰাজ্য চৰকাৰক প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া তৎপৰতাৰে আগবঢ়াই নিবলৈ আজি নির্দেশ প্রদান কৰে। ন্যায়াধীশ বি ভি নাগাৰত্না আৰু ন্যায়াধীশ আৰ মহাদেৱনৰ বিচাৰপীঠে ৫ অক্টোবৰত পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰিছে। উচ্চতম ন্যায়ালয়ত অসম চৰকাৰৰ মহাধিবক্তা দেৱজিৎ শইকীয়াই কয় যে এই গোচৰৰ বিচাৰ প্ৰক্ৰিয়া প্ৰতিদিনে চলি আছে আৰু অহা কেইটামান সপ্তাহত গুৰুত্বপূৰ্ণ প্রত্যক্ষদর্শীৰ সাক্ষ্যগ্ৰহণ কৰাৰ কথা আছে। ইয়াৰ পিছতে খণ্ড বিচাৰপীঠে ৰাজ্য চৰকাৰক গোচৰটো অতি নিষ্ঠাৰে চলাই নিবলৈ নিৰ্দেশ প্রদান কৰে। ন্যায়াধীশ নাগাৰত্নাই মৌখিকভাৱে উল্লেখ কৰে যে আদালতে বিচাৰ প্ৰক্ৰিয়া দ্রুত কৰিবলৈ ৰাজ্য চৰকাৰৰ ওপৰত হেঁচা প্রয়োগ কৰিছে তথা পৰৱৰ্তী শুনানিত ইয়াৰ অগ্ৰগতিক লৈ ন্যায়ালয়ে পর্যালোচনা কৰিব। ছিংগাপুৰৰ সাগৰত জুবিন গাৰ্গৰ ৰহস্যজনকভাৱে মৃত্যু হোৱাৰ পিছত শ্যামকানু মহন্ত আৰু অন্যান্যসকলৰ বিৰুদ্ধে অপৰাধমূলক ষড়যন্ত্র আৰু হত্যাকে ধৰি একাধিক এজাহাৰ দাখিল কৰা হৈছিল। ইপিনে, শ্যামকানু মহন্তৰ হৈ জ্যেষ্ঠ অধিবক্তা সিদ্ধার্থ দাভে আজি যুক্তি দিয়ে যে জুবিন গার্গে স্বইচ্ছাৰে সাগৰত নামিছিল আৰু ঘটনাৰ সময়ত অভিযুক্ত হিচাপে শ্যামকানু মহন্ত উপস্থিত নাছিল। দাভেই কয় যে এগৰাকী প্রাপ্তবয়স্ক ব্যক্তিয়ে লাইফ জেকেট পিন্ধি সাগৰত জাঁপ দিয়াৰ পিছতহে এই ঘটনা সংঘটিত হৈছে। মুঠ ৩৯৪জন সাক্ষীৰ ভিতৰত মাত্র ৯৪জনৰহে সাক্ষ্যগ্ৰহণ কৰা হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে ছিংগাপুৰৰ কৰ্তৃপক্ষই মৰণোত্তৰ পৰীক্ষাৰ অন্তত ই এক বুৰ গৈ হোৱা মৃত্যু বুলি নিশ্চিত কৰিছিল। ইয়াৰ উপৰি জুবিন গাৰ্গক চোৱাচিতা নকৰা বা সুৰা যোগান ধৰাৰ বাবেই শ্যামকানু মহন্তক ষড়যন্ত্রকাৰী বুলি কৰা অভিযোগৰ ওপৰতো তেওঁ প্রশ্ন উত্থাপন কৰে। শুনানিৰ সময়ত ন্যায়াধীশ নাগাৰত্নাই শ্যামকানু মহন্তৰ দৰে এজন ব্যক্তিয়ে জুবিন গাৰ্গক হত্যা কৰাৰ আঁৰত কি উদ্দেশ্য থাকিব পাৰে বুলি প্রশ্ন উত্থাপন কৰে। ইয়াৰ প্ৰত্যুত্তৰত মহাধিবক্তা দেৱজিৎ শইকীয়াই এই মৃত্যু আকস্মিক নহয় বুলি দাবী কৰে। তেওঁ অভিযোগ কৰে যে শ্যামকানু মহন্তই ঘটনাৰ পূৰ্বে জুবিন গাৰ্গৰ বাবে সুৰা আৰু মহিলাৰ যোগান ধৰিছিল আৰু ছিংগাপুৰলৈ নগ’লে আত্মহত্যা কৰাৰ ভাবুকি দি শিল্পীগৰাকীক জোৰকৈ লৈ গৈছিল তথা আঁৰত এক গভীৰ ষড়যন্ত্র লুকাই থকা বুলি যুক্তি প্রদর্শন কৰে। উভয় পক্ষৰ যুক্তি শুনাৰ পাছত ন্যায়ালয়ে শ্যামকানু মহন্তৰ জামিন আবেদনৰ পৰৱৰ্তী শুনানি ৫ অক্টোবৰত ধাৰ্য কৰে। উল্লেখ্য যে বিগত বৰ্ষৰ ১৯ ছেপ্টেম্বৰত ছিংগাপুৰত জুবিন গাৰ্গৰ মৃত্যু ঘটাৰ পিছতে ২০১৩ চনৰ পৰা নৰ্থ ইষ্ট ফেস্টিভেলৰ আয়োজন কৰি অহা শ্যামকানু মহন্তক অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল।
