স্বাৰ্থ – হেৰম্ব নাথ 

Pc Wattpad

স্বাৰ্থ

হেৰম্ব নাথ 

জিতুলে মোক সিমান এটা গুৰুত্ব দিয়া নাছিল কিন্তু হঠাৎ আজি কেইদিনমানৰ পৰা সি মোৰ পিছে পিছে ঘূৰিবলৈ ধৰিলে। মানে ল’গ নেৰা হ’ল। আচৰিত, কাৰণটো কি বাৰু? তাৰ দৰেটো মই ধনী ঘৰৰ ল’ৰা নহয়! ধুনীয়া সাজ-পোছাকো নাই! এটা সময়ত, মই দুখীয়া বুলি সি মোৰ পৰা আঁতৰি ফুৰিছিল। আজিকালি কিয় সি মোক আঠা লগাৰ দৰে লাগি ধৰিছে?
নিজানত এনেদৰে অলপ সময় চিন্তা কৰাৰ পাছত সম্বিৎ ঘূৰি আহিল। তাৰ চাল-চলন দেখি একেবাৰে সন্দেহ উপজিল! মোৰ একমাত্ৰ ভণ্টী অদিতি অতি ধুনীয়া লগতে পঢ়া-শুনাটো চোকা। সেইবাবেই জিতুলে মোৰ পিছ নেৰে। হোটেলত চাহ খালে যেনিবা সি আগতেই উঠি যায় পইচা দিবলৈ। গাড়ীৰ ভাৰাও দিব বিচাৰে। কেতিয়াবা ভাৰাৰ বাবে টনা-আঁজোৰা লাগে।
কি কথা, কি বিচিত্র প্ৰাণী, সিটো বহুত কৃপণ আছিল। বন্ধু সমাজত কৃপণ বুলি এটা সুকীয়া পৰিচয়ো আছে। তাৰ পাছতো এনে অস্বাভাৱিক আচৰণ কিয়??
ছি: সি কদাপি মোৰ বন্ধু নহয় আৰু হ’বও নোৱাৰে।