আপোনাৰ নামটো ক’ত লিখা থাকিব লাগে?
ৰিতু ভৰালী,যোৰহাট
সিদিনাৰ সৰু ঘটনাবোৰ।”মোৰ নামটো গোহাৰিত কিয় নাই,আমাৰ ইয়াৰ নামটো কিয় নাই,আমাৰ এওঁৰ নামটো কিয় নিদিলে,আমি মানুহ নহয় নেকি ..?” ইত্যাদি কথাৰে আয়োজিত কোনো অনুষ্ঠানৰ গোহাৰিত নাম নথকা মানুহে কাৰোবাক গালি খপনি পাৰি থকা প্ৰথাটো আপোনাৰ চহৰখনটো আছে নেকি? বুজিছে,আমাৰ চহৰটো এনে সৰু ঘটনাবোৰ; ডাঙৰ ঘটনা একোটাৰ দৰে বাজি থাকে আঞ্চলিক বাতৰিৰ মাধ্যম একোটাৰ দৰে।মোৰ খুব হাঁহি উঠে জানে,নাৰী-পুৰুষৰ এই অৰ্থ নথকা গালি-খপনিবোৰ শুনি। আপুনিও বাৰু আপোনাৰ নামটোক লৈ খুবেই চিন্তিত নেকি?এনে চিন্তা অহাটো স্বাভাৱিক বাৰু।অকলশৰে থাকিলে ভাবিবচোন,গোহাৰি একোখনত আপোনাৰ নাম নথকা কথাটো বিষয়ত পৰেনে?হয়তো নপৰে,ই কোনো বিষয় নহয়।তাৰ পাছতো আপোনাৰ কণ্ঠই চিঞৰ-বাখৰ কৰে -‘গোহাৰিত মোৰ নাম নাই কিয়?’আপুনি এই পৃথিৱীলৈ অহাৰ উদ্দেশ্য কি জানানে?বা কোনোদিনে জীৱন জিওৱাৰ উদ্দেশ্যৰ প্ৰয়োজনবোধ নকৰাকৈ চলি আহিছে,এই কথা ভাবেনে?হয়তো নাভাবে।মই জানোঁ, এইবোৰ আপোনাৰ বাবে কোনো লাগতিয়াল কথা নহয়।ফটোৱা বুলি কৈ কথাবোৰ পেলাই দিলে পঢ়িবলৈ লৈ। এই মুহূৰ্তত আপুনি যদি মহিলা তেনে,মাথোঁ শুই উঠিছে, গা ধুইছে,ৰান্ধিছে, খাইছে, শুই গৈছে আৰু পুৱা আকৌ সাৰ পাই উঠিছে।যদি পুৰুষ তেনে শুই উঠিছে,কোনোবা কৰ্ম স্থলীলৈ গৈছে,আহিছে,খাইছে আৰু শুই গৈছে আৰু পাছদিনা আকৌ সাৰে উঠিছে।মুঠতে ইমানেই আছিল আপোনাৰ দিনলিপিৰ কৰ্ম। চাওকচোন এবাৰ,মানুহে আপোনাক অৰ্থাৎ আপোনাৰ নামটো মনত ৰাখিব পৰাকৈ সপ্তাহ,মাহ,বছৰযুৰি আপোনাৰ সামাজিক কৰ্ম কি?।কি কৰ্মৰ বাবে আপোনাক সমাজে মনত ৰাখিব সময়ৰ পৰা সময়লৈ। প্ৰজন্মৰ পৰা প্ৰজন্মলৈ।কেৱল খাই বৈ শুই ৰোৱা সময়খিনিক কৰ্ম বুলিব পাৰিনে? এনে কৰ্ম কৰক,যি কৰ্মই আপোনাৰ নামৰ পৰিচয়ৰ স্থান দিব। এনে কৰ্ম কৰক,যি কৰ্মই আপুনি কোন ঠাইত বহিব,কোন ঠাইলৈ যাব,কোন অনুষ্ঠানৰ তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হ’ব।এনেবোৰ কথা আধ্যাত্মিক দিশত থকা মানুহে বাৰুকৈ জানে।আধ্যাত্মিক মানে কিনো!কেৱল নামঘৰত গৈ খোল-তাল বজাই ঘণ্টা ঘণ্টা ধৰি নাম-প্ৰসংগ কৰি থকা মানেই আধ্যাত্মিক নেকি!মোৰবোধৰে কিন্তু এয়া আধ্যাত্মিকতা নুবুজাই।আধ্যাত্মিকতা মানে হ’ল সৎ মানসিকতা।য’ত মানুহে কাৰো অন্যায় নকৰি ন্যায়ৰ দিশত আগবাঢ়ি যায়।আন দহ জনকো সৎ দিশত আগুৱাই দি জীৱনটো সুন্দৰ কৰাৰ প্ৰেৰণা দিয়ে,সাহস দিয়ে। কাৰোবাৰ বিপদৰ মুহূৰ্তত সহায়ৰ এখন আগুৱাই দিবলৈ সদায় নিজকে প্ৰস্তুত কৰিবলৈ শিকক।সহায় মানে কেৱল টকা নেকি! নিশ্চয় নহয়। কাৰোবাক ভোকত দেখি নিজে পেট পূৰাবলৈ ধৰাৰ আগতে যদি তেওঁলৈ মন দিছে,তেনে আপুনি ধন্য।উজুটি খাই পৰিবলৈ ধৰা কোনোজনক দেখি যদি বুকুখন কঁপি উঠিছে,হঠাৎ ধৰিবলৈ নিজৰ মনটোক আঘাত কৰিছে,তেনে আপুনি ধন্য।কাৰোবাৰ বিয়োগত যদি কথাবোৰ আপোনাৰ লগত ৰিজাইছে, তেনে আপুনি ধন্য।উকা কপালৰ সাজযোৰত যদি নিজকে যেন লাগিছে; তেনে আপুনি ধন্য। যদি পুৰুষ হৈ নাৰীৰ আৰু নাৰী হৈ পুৰুষৰ মনটো বুজি উঠিছে;তেনে আপুনি ধন্য। হয়তো ঘৰখন অথবা আন দহৰ পৰা কিকি উঠা আৰু নিজকে দহে মানুহ বুলিবলৈ এনে কৰ্ম কৰি যাওঁতে যাওঁতে আপোনাক বাৰু ঈশ্বৰমুখী কৰি তোলা নাইনে!হয় এনেকৈয়ে আমি ঈশ্বৰৰ দিশে আগবাঢ়ো।এয়া হৈছে কৰ্মৰ শক্তি।সৎ কৰ্মৰ শক্তি।যি কৰ্মই আপোনাৰ নামটো ঈশ্বৰৰ চৰণত স্থায়ী হৈ থাকি যায়,ঈশ্বৰে প্ৰস্তুত কৰি ৰখা সৎ মানুহৰ তালিকাত লিখিত ৰূপত থাকি যায় সময়ৰ পৰা সময়লৈ। আপুনি বাৰু আপোনাৰ নামটো কেৱল অনুষ্ঠানৰ গোহাৰিত থকাটোকে কামনা কৰে নে ঈশ্বৰৰ গোহাৰিত! আচলতে কৰ্মই ধর্ম। আপোনাৰ কৰ্মই আপোনাৰ পৰিচয়। আপোনাৰ কৰ্মইহে আপোনাৰ স্থান নিৰ্ণয় কৰে। অৰ্থাৎ যি যেনেকৈ কৰ্ম কৰিব,তেওঁ তেনেকৈ স্থান লাভ কৰিব।এই পাৰ্থিৱ শৰীৰ দুদিনীয়া।আচলতে প্ৰাণ থকা লৈকেহে দেহৰ মূল্য।ইমানৰ পাছতো আমি কিহৰ অহংকাৰ কিয় কৰো? এতিয়া বহু সময় পাৰ কৰিলে নহয়নে!বুজিছে,যতি নথকা জীৱনৰ কথাবোৰ এৰি দিয়ক আৰু ভালে থাকক আপুনি।ভাল কামৰ অন্য নাম সংস্কাৰ অথবা সংস্কৃতি। ভাল কথাবোৰ লৈ ভালে ৰাখক আপুনি আপোনাৰ মনটোক।কিয়নো, পবিত্ৰ মনৰ গৰাকীৰ নামহে অমৰ।
