সকলো শিক্ষাৰ্থীৰ বাবে সফলতাৰ বিভিন্ন পথ
ড°বুলজিৎ বুঢ়াগোহাঁই
কেৰিয়াৰ পৰামৰ্শদাতা তথা
মুৰব্বী, যান্ত্রিক অভিযান্ত্রিক বিভাগ,
অসম ডন বস্ক’ বিশ্ববিদ্যালয়
শিক্ষাৰ্থীসকলৰ কেৰিয়াৰ গঢ়াৰ সুযোগ কেৱল প্ৰথম বিভাগ লাভ কৰা সকলৰ মাজতে সীমাবদ্ধ নহয়। বাস্তৱত, প্ৰথম, দ্বিতীয়, তৃতীয় বিভাগ পোৱা আৰু আনকি যিসকল শিক্ষাৰ্থী দশম শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ নহয়, তেওঁলোকৰ বাবেও বিভিন্ন কেৰিয়াৰ পথ সদায় মুকলি থাকে। নম্বৰ জীৱনৰ এটা অংশ মাত্ৰ, ই কেতিয়াও মানুহৰ সম্পূৰ্ণ ভৱিষ্যৎ নিৰ্ধাৰণ নকৰে। জীৱনত সফলতা লাভ কৰিবলৈ সঠিক দিশ-নির্দেশনা, অধ্যৱসায়, আত্মবিশ্বাস , নিজৰ দক্ষতাৰ ওপৰত বিশ্বাস আদি অধিক প্ৰয়োজন হয় ।
প্ৰথম বিভাগ লাভ কৰা শিক্ষাৰ্থীসকলৰ বাবে নিশ্চয়কৈ উচ্চশিক্ষাৰ ক্ষেত্ৰত অধিক সুযোগ থাকে। তেওঁলোকে বিজ্ঞান, বাণিজ্য বা কলা শাখা বাছি লৈ ইঞ্জিনিয়াৰিং, চিকিৎসা, ব্যৱস্থাপনা, আইন আদি পেছাদাৰী ক্ষেত্ৰত আগবাঢ়িব পাৰে। বেছি নম্বৰ লাভ কৰাৰ ফলত উন্নত শিক্ষানুষ্ঠানত প্ৰৱেশ আৰু বৃত্তিৰ সুবিধাও সহজে লাভ কৰে। তথাপিও, এইটো মনত ৰাখিব লাগিব যে কেৱল নম্বৰে সফলতাৰ একমাত্ৰ মানদণ্ড নহয়—আগ্ৰহ, অধ্যৱসায়, শৃংখলাবদ্ধ পৰিশ্ৰম , লক্ষ্যপ্ৰতি নিষ্ঠা আদিয়ে প্ৰকৃত সফলতা নিশ্চিত কৰে।
দ্বিতীয় বিভাগ পোৱা শিক্ষাৰ্থীসকলেও নিজৰ আগ্ৰহ আৰু দক্ষতাৰ ভিত্তিত বিভিন্ন ক্ষেত্ৰত আগবাঢ়ি যাব পাৰে। বহুতো ক্ষেত্ৰত দেখা যায় যে মধ্যম মানৰ একাডেমিক ফলাফল থকা শিক্ষাৰ্থীয়ে বাস্তৱ জীৱনত অধিক সফলতা লাভ কৰে, কাৰণ তেওঁলোকে দক্ষতা উন্নয়ন আৰু প্ৰায়োগিক জ্ঞান আহৰণত অধিক গুৰুত্ব দিয়ে। ব্যৱসায়, শিক্ষকতা, চৰকাৰী চাকৰি, বেংকিং, বীমা, তথ্য প্ৰযুক্তি, সৃষ্টিশীল ক্ষেত্ৰ আদিত এইসকল শিক্ষাৰ্থীয়ে যথেষ্ট সফলতা লাভ কৰিব পাৰে। সঠিক পথ-প্ৰদৰ্শন আৰু কঠোৰ পৰিশ্ৰম থাকিলে তেওঁলোকো সাফল্যৰ শিখৰত উপনীত হ’ব পাৰে।
তৃতীয় বিভাগ লাভ কৰা শিক্ষাৰ্থীসকলৰ ক্ষেত্ৰতো হতাশ হোৱাৰ কোনো কাৰণ নাই। বৰ্তমান যুগত কেৱল একাডেমিক ফলাফলৰ ওপৰত নিৰ্ভৰ নকৰাকৈ দক্ষতা-ভিত্তিক আৰু কাৰিকৰী শিক্ষাৰ বহু সুযোগ সৃষ্টি হৈছে। তথ্য প্ৰযুক্তি, আতিথ্য ব্যৱস্থাপনা, ৰিটেইল ব্যৱস্থাপনা, পেৰামেডিকেল, অটোমোবাইল, ইলেক্ট্ৰিকেল, প্লাম্বিং, মোবাইল মাৰামতি আদি টেকনিকেল ট্ৰেডত প্ৰশিক্ষণ লৈ এক সুদৃঢ় আৰু স্বনির্ভৰ কেৰিয়াৰ গঢ়ি তোলা সম্পূৰ্ণ সম্ভৱ। ধাপে ধাপে আগবাঢ়ি তেওঁলোকে পুনৰ একাডেমিক ক্ষেত্ৰতো উন্নতি সাধন কৰিব পাৰে।
যিসকল শিক্ষাৰ্থী দশম শ্ৰেণীত অনুত্তীৰ্ণ হয়, তেওঁলোকৰ বাবেও জীৱনৰ পথ বন্ধ নহয়। ই কেৱল নতুন আৰম্ভণিৰ এক মূল্যবান সুযোগ। তেওঁলোকে পুনৰ পৰীক্ষাত অৱতীৰ্ণ হৈ উত্তীৰ্ণ হ’ব পাৰে। তাৰোপৰি, দক্ষতা উন্নয়ন কাৰ্যসূচী, কাৰিকৰী শিক্ষা, ক্ষুদ্ৰ উদ্যোগ, স্ব-নিয়োজিত কাম, সংগীত, চিত্ৰকলা, অভিনয়, খেলাধূলা, ইউটিউব বা ডিজিটেল কণ্টেণ্ট সৃষ্টি আদি ক্ষেত্ৰতো আগবাঢ়ি যাব পাৰে। ইতিহাস সাক্ষী যে বহুতো মহান ব্যক্তিয়ে প্ৰথম জীৱনত ব্যৰ্থতাৰ সন্মুখীন হৈছিল, কিন্তু পিছত তেওঁলোকে অসাধাৰণ সফলতা অৰ্জন কৰিছে।
বৰ্তমান যুগত কেৱল নম্বৰ নহয়, বৰঞ্চ দক্ষতা, ইতিবাচক মনোভাৱ, সৃষ্টিশীল চিন্তা আৰু পৰিৱর্তনৰ সৈতে খাপ খুৱাই লোৱাৰ ক্ষমতাই সফলতাৰ মূল চাবিকাঠি হিচাপে বিবেচিত হৈছে। ডিজিটেল মাৰ্কেটিং, গ্ৰাফিক ডিজাইন, এনিমেচন, ৰন্ধন শিল্প, পৰ্যটন, কৃষি উদ্যোগ, ষ্টাৰ্টআপ , অনলাইন ব্যৱসায় আদি ক্ষেত্ৰসমূহ সকলো শিক্ষাৰ্থীৰ বাবে সমানভাৱে উন্মুক্ত। অনলাইন শিক্ষা প্লেটফৰ্মৰ জৰিয়তে যিকোনো সময়তে নতুন দক্ষতা আয়ত্ত কৰি নিজকে উন্নত কৰিব পৰা যায়। কেৰিয়াৰ বিষয়ৰ বিভিন্ন কথা কোনো আগ্ৰহী শিক্ষাৰ্থীয়ে জানিব বিচাৰে, তেন্তে প্ৰত্যেক শনিবাৰে বিয়লি ৬-৯ বজাৰ ভিতৰত ফোন (৯৪৩৫১৮৮৬৩০) ত যোগাযোগ কৰিব পাৰে ।
