সৌন্দৰ্যৰ ভ্ৰম আৰু মানৱতাৰ স্খলন – প্ৰেম বৈষ্ণৱ

Pc West County Net

সৌন্দৰ্যৰ ভ্ৰম আৰু মানৱতাৰ স্খলন

 প্ৰেম বৈষ্ণৱ,বিহালী, বিশ্বনাথ

মানৱ সমাজৰ বিৱৰ্তনৰ ধাৰাত সংস্কৃতি আৰু সভ্যতাৰ জয়গান গোৱা হয় যদিও আমাৰ মাজত শিপাই থকা কিছুমান সংকীৰ্ণ মানসিকতাই মানৱতাৰ ভেটি দুৰ্বল কৰি পেলাইছে। তাৰে ভিতৰত অন্যতম হৈছে মানুহৰ ৰূপ বৈষম্য। কোনো ব্যক্তিৰ দৈহিক গঠন, গঢ়-গতি, সাজ-পোছাক বা সামাজিক অৱস্থানক লৈ কৰা তুচ্ছ-তাচ্ছিল্য এক সামাজিক ব্যাধি হৈ পৰিছে। সমাজৰ এচাম লোকে ব্যক্তিৰ অন্তৰ্নিহিত গুণক উপেক্ষা কৰি কেৱল বাহ্যিক অৱয়ৱক মাপকাঠি হিচাপে লৈ কৰা বিদ্ৰূপাত্মক মন্তব্যই গতিশীল জীৱন এটাক অকালতে স্থবিৰ কৰি দিয়ে। এনে পৰিস্থিতিত এজন মানুহে নিজৰ অস্তিত্বৰ সংকটত ভোগাৰ উপৰি সমাজৰ পৰা বিচ্ছিন্ন হৈ পৰিবলগীয়া হয়। আজিৰ এই পৰ্যালোচনাৰ মূল লক্ষ্য হৈছে ৰূপ বৈষম্যৰ দৰে এক গভীৰ সামাজিক সমস্যাৰ সকলো দিশ সামৰি এখন সুস্থ সমাজ গঢ়াৰ বাবে মানসিক পৰিৱৰ্তনৰ পোষকতা কৰা।

ৰূপ বৈষম্যৰ ধাৰণাটো গভীৰ আৰু ইয়াৰ প্ৰভাৱ ব্যক্তিভেদে ভিন্ন। জন্মগতভাৱে প্ৰতিজন ব্যক্তিৰ বিশেষ বৈশিষ্ট্য থাকে। কোনেও নিজৰ উচ্চতা, বৰণ, শৰীৰৰ গঠন নিজেই নিৰ্ধাৰণ কৰা নাই। এইবোৰ ঈশ্বৰ আৰু প্ৰকৃতিপ্ৰদত্ত উপাদান। অথচ এক শ্ৰেণীৰ লোকৰ অহংবোধৰ ফলত তেওঁলোকে আনক অৱজ্ঞা কৰিবলৈ সাহস পায়। কিশোৰ অৱস্থাৰ পৰাই আৰম্ভ হোৱা এনে বিদ্ৰূপাত্মক আচৰণ আৰু মন্তব্যই ব্যক্তিৰ মনত দকৈ শিপায়। সৰু ল’ৰা-ছোৱালীয়ে যেতিয়া সমনীয়াৰ পৰা ‘খোনা’, ‘পেট্ৰা’ বা ‘ক’লা’ বুলি উপহাস পায়, তেতিয়া তেওঁলোকৰ কোমল মনত এক স্থায়ী আঘাত লাগে। ডাঙৰ হোৱাৰ পাছতো তেওঁলোকে আইনাত নিজৰ প্ৰতিচ্ছবি চাবলৈ শংকা অনুভৱ কৰে। সমাজৰ আগত থিয় হৈ কথা ক’বলৈও তেওঁলোকৰ আত্মবিশ্বাসে বাধা দিয়ে। এনে এক পৰিৱেশত ব্যক্তিজনৰ মৌলিক অধিকাৰ আৰু তেওঁৰ আত্মসন্মানক কুঠাৰাঘাত কৰা হয়।

শিক্ষা আৰু কৰ্মক্ষেত্ৰত এই বৈষম্যৰ প্ৰভাৱ অধিক ভয়ংকৰ। আজিৰ উচ্চশিক্ষিত সমাজতো এজন ব্যক্তিৰ নম্ৰ আৰু বিনয়ী আচৰণক অযোগ্যতাৰ মাপকাঠি হিচাপে গণ্য কৰা হয়। এজন ল’ৰাৰ বিনয়ক যদি কোনোবাই ‘লেডিজ’ বুলি হাঁহে, তেন্তে সেয়া কেৱল অসভ্যতা নহয়, সেয়া পিতৃ-মাতৃৰ পৰা পোৱা সু-সংস্কাৰক উপহাস কৰা। মাতটো অস্পষ্ট হোৱা বা শাৰীৰিক কোনো সীমাবদ্ধতা থকা ব্যক্তিক অনুকৰণ কৰি সমাজৰ আগত হেয় কৰা প্ৰৱণতাই আমাৰ বৌদ্ধিক দৈন্যতা প্ৰকাশ কৰে। গান গাবলৈ সুকণ্ঠৰ প্ৰয়োজন, অথচ কোম্পানী বা অনুষ্ঠানত কেৱল ৰূপ ধুনীয়া হ’লেই সুযোগ পোৱাৰ যি প্ৰথা চলিছে, সেয়া চূড়ান্ত অন্যায়। বিয়াৰ বজাৰত ক’লা বৰণৰ ছোৱালীৰ প্ৰতি কৰা অৱজ্ঞা বা পাৰ্টি এটাত তেওঁলোকক অকলশৰীয়াকৈ থৈ দিয়াৰ পৰিৱেশে প্ৰমাণ কৰে যে কিছু কিছু ক্ষেত্ৰত আমাৰ সমাজত গুণতকৈ ৰূপৰ মূল্য অধিক। এনে কাৰ্যই মেধাৱী আৰু প্ৰতিভাৱান ব্যক্তিক সমাজৰ মূল সোঁতৰ পৰা আঁতৰাই ৰাখে।

মানসিক স্বাস্থ্যৰ ক্ষেত্ৰত ৰূপ বৈষম্যই সৃষ্টি কৰা ক্ষতি অপৰিসীম। বিদ্যালয়ৰ শ্ৰেণীকোঠাত শিক্ষকৰ পৰা পোৱা একোটা বিদ্ৰূপাত্মক মন্তব্যই ছাত্ৰৰ অধ্যয়নৰ প্ৰতি থকা আগ্ৰহ ম্লান কৰিব পাৰে। আত্মীয়-স্বজনৰ মাজত হোৱা এনে হাঁহি-খিকিন্দাই কিশোৰ-কিশোৰীৰ মনত উদ্দিগ্নতা সৃষ্টি কৰে। নিজৰ শৰীৰক লৈ লাজ পোৱা বা ঘৃণা কৰা মনোবৃত্তিয়ে ব্যক্তিজনক আজীৱন মানসিক দাসত্বৰ শিকলি পিন্ধায়। তেওঁলোকে নিজৰ চিন্তাশক্তি প্ৰকাশ কৰিবলৈ ভয় কৰে বা ইচ্ছা প্ৰকাশ নকৰে, কাৰণ সমাজৰ অৱজ্ঞা পোৱাৰ ভয়ে তেওঁলোকক কোঙা কৰি ৰাখে। ভলটেয়াৰৰ সেই কালজয়ী কথাষাৰ আমি মনত ৰখা উচিত – “তুমি কোৱা কথা মই গ্ৰহণ কৰিব নোৱাৰো, কিন্তু মই প্ৰাণ দি হ’লেও তোমাৰ কোৱাৰ অধিকাৰ ৰক্ষা কৰিম” । আমি সমাজ পাতি বসবাস কৰোঁ, গতিকে ইজনে সিজনৰ প্ৰতি সহানুভূতিশীল হোৱাটো প্ৰাথমিক কৰ্তব্য। আমি যদি কোনো ব্যক্তিক সাহস দিব নোৱাৰোঁ, তেন্তে অপমান কৰাৰ অধিকাৰো আমাৰ নাই। হিন্দু ধৰ্মগ্ৰন্থত কৈছে – ‘যি বাক্যই কাৰো উদ্বেগ নঘটায়, যি সত্য, প্ৰিয় আৰু হিতকৰ, সেয়াই বাক্যৰ তপস্যা’। আমাৰ মুখৰ পৰা নিৰ্গত হোৱা প্ৰতিটো শব্দই সমাজৰ প্ৰশান্তিৰ কাৰণ হ’ব লাগে। কিন্তু আমি নিজকে অপবাক্যৰ পৰা আঁতৰাই ৰখাত ব্যৰ্থ হৈছোঁ। জীৱনক সু-নিয়ন্ত্ৰণ কৰিব পাৰিলেহে সমাজ মংগলময় হ’ব।

মানৱ মনৰ এটা জটিল দিশ হৈছে – নিজৰ অভাৱ বা দুৰ্বলতা ঢাকিবলৈ আনৰ ওপৰত চলোৱা আধিপত্য। কোনো ব্যক্তিৰ গঢ়-গতি বা সাজ-পোছাকক লৈ কৰা তুচ্ছ-তাচ্ছিল্য প্ৰকৃততে সেই ব্যক্তিজনৰ প্ৰতি থকা বিদ্বেষ নহয়, সেয়া আচলতে বিদ্ৰূপকাৰীৰ সংকীৰ্ণ মানসিকতাৰ এক বহিঃপ্ৰকাশ। এনে আচৰণে সমাজৰ চৰিত্ৰক কলুষিত কৰে আৰু এক নেতিবাচক পৰিৱেশ সৃষ্টি কৰে। সামাজিক মাধ্যমৰ এই যুগত ৰূপ বৈষম্যৰ প্ৰকৃতি সলনি হৈছে। মানুহে আনৰ চৰিত্ৰ বিচাৰ কৰাৰ আগতে তেওঁৰ ফটো বা ভিডিঅ’ চাই অৱস্থান নিৰ্ধাৰণ কৰে। নেতিবাচক মন্তব্যৰ দ্ৰুত প্ৰসাৰ ঘটাই এজন ব্যক্তিক লৈ হাঁহা বা উপহাস কৰা কাৰ্যই সামাজিক সম্পৰ্কৰ আন্তৰিকতা ধ্বংস কৰিছে। অনলাইন প্লেটফৰ্মবোৰত আমি প্ৰায়ে দেখিবলৈ পাওঁ, কোনোবা এজনৰ দৈহিক গঠনক লৈ কৰা ব্যংগাত্মক চিত্ৰকল্পই সমাজৰ মানসিক অৱনমনক সূচায়। এনে কাৰ্যই ব্যক্তিজনক অকলশৰীয়া কৰি পেলায়। এই বিচ্ছিন্নতাই তেওঁৰ মনত বিষাদ আৰু নিৰাশাৰ সৃষ্টি কৰে। সমাজৰ এই আধুনিক ডিজিটেল যুঁগত আমি মানৱীয় সংবেদনশীলতা হেৰুৱাই পেলাইছোঁ।

পৰিৱৰ্তনৰ বাবে প্ৰয়োজন দৃঢ় মানসিকতা। ৰূপ বৈষম্যৰ বিৰুদ্ধে যুঁজ দিয়াৰ অৰ্থ হৈছে আমাৰ দৃষ্টিভংগীৰ আমূল পৰিৱৰ্তন ঘটোৱা। আমি বুজিব লাগিব যে মানৱ সমাজ এখন বৈচিত্ৰ্যৰে ভৰা। ভিন্নতাৰ মাজতেই একতা বিৰাজ কৰে। এজন ব্যক্তিৰ শৰীৰৰ গঠন যিদৰেই নহওক, তেওঁৰ মনৰ গভীৰতাত থকা মানৱীয় মূল্যবোধবোৰহে আচল সৌন্দৰ্য। আমি আমাৰ ল’ৰা-ছোৱালীক শিক্ষা প্ৰদান কৰোঁতে বাহ্যিক ৰূপৰ গুৰুত্বৰ পৰিৱৰ্তে চৰিত্ৰৰ মহিমাৰ ওপৰত অধিক গুৰুত্ব দিব লাগিব। প্ৰতিটো পৰিয়াল আৰু সমাজত এক সুস্থ পৰিৱেশ গঢ়ি তোলাৰ দায়িত্ব আমাৰ সকলোৰে। এজন ব্যক্তিক তেওঁৰ বাহ্যিক ৰূপৰ বাবে তুচ্ছ নকৰি, তেওঁৰ কণ্ঠ বা তেওঁৰ কামৰ প্ৰতি সন্মান জনাবলৈহে আমি শিকিব লাগিব। এই প্ৰক্ৰিয়াত কোনো অস্বাভাৱিকতা নাই, এইয়া এক পৰিপক্ক চিন্তাধাৰা। যদি আমি সমাজৰ পৰা এই বৈষম্য দূৰ কৰিব বিচাৰোঁ, তেন্তে আমি প্ৰত্যেকটো স্তৰতে মাত মাতিব লাগিব। অকলশৰীয়া হৈ পৰা ব্যক্তিজনক সাহসেৰে থিয় হ’বলৈ শিকাব লাগিব।

ৰূপ বৈষম্যৰ বিৰুদ্ধে যুঁজখন কেৱল বাহ্যিক নহয়, ই আমাৰ নিজৰ অন্তৰৰ সৈতে যুঁজ। আমি যেতিয়া আনক অপমান কৰি আনন্দ লওঁ, তেতিয়া আমি আচলতে নিজৰ চৰিত্ৰৰ নিম্নগামিতাকে প্ৰদৰ্শন কৰোঁ। আনৰ দুৰ্বলতা বিচাৰি ফুৰাতকৈ নিজৰ গুণৰ বিকাশ সাধন কৰাটোৱেই হৈছে প্ৰকৃত বুদ্ধিমানৰ পৰিচয়। ভৱিষ্যতে আমি যদি এনে এখন সমাজ গঢ়িব বিচাৰোঁ য’ত প্ৰতিজন ব্যক্তিয়ে নিৰ্ভয়ে নিজৰ প্ৰতিভা প্ৰকাশ কৰিব পাৰিব, তেন্তে এই মানসিকতাৰ পৰা আমি শীঘ্ৰেই ওলাই অহাটো বাঞ্ছনীয়। এইখিনিতে প্ৰশ্ন উঠে – আমি প্ৰকৃততে কিমান আধুনিক? আধুনিকতাৰ অৰ্থ সাজ-সজ্জাৰ উন্নত প্ৰদৰ্শনী নহয়। আধুনিকতা মানে হৈছে আনৰ নিজস্বতাক সন্মান কৰা। প্ৰতিজন ব্যক্তিৰ স্বতন্ত্ৰতাক স্বীকাৰ কৰাটোৱেই হৈছে আধুনিক সমাজৰ মূল ভিত্তি। আমি আমাৰ সমাজৰ পৰা ঘৃণা আৰু বৈষম্যৰ পৰিৱেশটো আঁতৰাই প্ৰেম আৰু সহানুভূতিৰ এক নতুন যাত্ৰা আৰম্ভ কৰিব লাগিব। ৰূপৰ অৱয়ৱৰ পৰা মুক্ত হৈ আমি চৰিত্ৰৰ মহিমাৰে মানুহক বিচাৰ কৰিবলৈ শিকিব লাগিব। এই দীঘলীয়া যাত্ৰাত বাধা অনেক আহিব পাৰে, কিন্তু অবিৰত প্ৰচেষ্টাৰ দ্বাৰা আমি নিশ্চিতভাৱে এক সুস্থ সবল সমাজ গঢ়িবলৈ সক্ষম হ’ম। আমাৰ এই প্ৰয়াস কেৱল সাময়িক নহৈ চিৰস্থায়ী হ’ব লাগিব, যাতে অনাগত প্ৰজন্মই ঘৃণাৰ নহয়, প্ৰেমৰ এক পৃথিৱী পায়।

মানুহৰ আত্মবিশ্বাস গঢ়ি তোলাৰ ক্ষেত্ৰত পৰিয়ালৰ ভূমিকা অতিকৈ গুৰুত্বপূৰ্ণ। এটি শিশুক জন্মৰ পৰাই শিকাব লাগে যে তেওঁৰ অস্তিত্বই পৃথিৱীৰ বাবে এক বিশেষ অৱদান। ৰূপৰ মাপকাঠীত আনৰ সৈতে নিজৰ তুলনা কৰাৰ মানসিকতা যিদিনাই শিশুৰ মনৰ পৰা আঁতৰ কৰিব পৰা যাব, সেইদিনাই প্ৰকৃত বিজয় আৰম্ভ হ’ব। বিদ্যালয়ৰ পৰা আৰম্ভ কৰি উচ্চ পৰ্যায়ৰ কৰ্মক্ষেত্ৰলৈ – সকলোতে এক আন্তঃগাঁথনিগত পৰিৱৰ্তনৰ প্ৰয়োজন আছে। য’ত প্ৰতিভাই আগস্থান পাব আৰু ৰূপৰ মোহৰ কোনো মূল্য নাথাকিব। আমি আমাৰ ল’ৰা-ছোৱালীক এনে এক শিক্ষা দিব লাগিব য’ত ‘সংবেদনশীলতা’ এক অপৰিহাৰ্য পাঠ হ’ব। আনৰ দুখক বুজি পোৱা আৰু তেওঁৰ অক্ষমতাৰ ওপৰত হাঁহি নুঠি সহায়ৰ হাত আগবঢ়োৱা প্ৰতিটো শিশুই ভৱিষ্যতৰ সমাজৰ সম্পদ।

মানসিক স্বাস্থ্যৰ ক্ষেত্ৰত আমি সচেতন হ’ব লাগিব। সমাজৰ ইতিকিং বা অপমানৰ ভয়ত নিজকে কোঙা কৰি ৰখাৰ যি প্ৰৱণতা, তাক নাশ কৰিবলৈ আমি এক সহায়ক পৰিৱেশ সৃষ্টি কৰিব লাগিব। পৰামৰ্শদাতা বা সমাজকৰ্মীসকলে এই দিশত বিশেষ গুৰুত্ব দিয়া দৰকাৰ। কোনো ব্যক্তি যদি নিজৰ শৰীৰ বা অৱয়ৱক লৈ হীনমন্যতাত ভোগে, তেন্তে তেওঁক বুজাব লাগিব যে জগতখনত মানুহৰ পৰিচয় তেওঁৰ কাম আৰু চিন্তাৰ দ্বাৰাহে নিৰ্ধাৰিত হয়। কোনোবাই কৈছিল – “মই নিজকে ইমান বেছি সন্মান কৰোঁ যে মোক কোনেও অপমান কৰিব নোৱাৰে” – এনে ধৰণৰ কথাৰে আমি প্ৰতিটো প্ৰতিষ্ঠানত এক জীৱন দৰ্শন হিচাপে প্ৰচাৰ কৰিব লাগিব। কাৰোবাক সন্মান কৰিলে, নিজৰ সন্মান কমি নাযায়, সন্মান বৃদ্ধিহে পায়। যেতিয়া আমি আনক সন্মান কৰিবলৈ শিকিম, তেতিয়া আমি নিজেই নিজৰ সন্মান বৃদ্ধি কৰিম।

আমি যি সমাজ গঢ়াৰ সপোন দেখিছোঁ, তাত ঘৃণাৰ স্থান থাকিব নোৱাৰে। এই পৃথিৱীখন ঈশ্বৰৰ সৃষ্টিৰ এক অসাধাৰণ কলা। প্ৰতিজন মানুহ একো একোটা অনন্য সৃষ্টি। কোনোৱেই কাৰো সৈতে একে নহয় আৰু ইয়েই আমাৰ সৌন্দৰ্য। আমি কেৱল আৱশ্যকীয় সামাজিক পৰিৱৰ্তনৰ বাবে একত্ৰিত হ’ব লাগিব। ৰূপ বৈষম্যৰ বিৰুদ্ধে যুঁজ দিয়া মানে হৈছে মানৱতাক পুনৰ প্ৰতিষ্ঠা কৰা। সমাজৰ যিসকল লোক এনে কাৰ্যত লিপ্ত, তেওঁলোকক বৰ্জন কৰাৰ পৰিৱৰ্তে আমি তেওঁলোকৰ মানসিকতাৰ পৰিৱৰ্তন ঘটাবলৈ যত্ন কৰিব লাগিব। ঘৃণাৰে ঘৃণাৰ সমাধান কৰিব নোৱাৰি, আচলতে প্ৰেম আৰু সহানুভূতিৰেহে সমাজৰ এই কলংক ধুই পেলাব পাৰি। সামৰণিত ক’ব পাৰি যে, আমি মানুহ হিচাপে জন্ম লৈছোঁ যেতিয়া আমাৰ কৰ্তব্য হ’ল জগতক কিছুমান উচ্চ আদৰ্শৰ ভেটি দি যোৱা। ৰূপেৰে পৃথিৱী জয় কৰিবলৈ যোৱাটো এক অসাৰ চিন্তা। গুণেৰে পৃথিৱী জয় কৰিবলৈ যি প্ৰয়াস, সেয়াই চিৰস্থায়ী। আহক আমি আজিৰ পৰা প্ৰতিজ্ঞা কৰোঁ – আমাৰ কোনো কথাই যেন আনৰ মনত উদ্বেগ নঘটায়। আমাৰ প্ৰতিটো বাক্যই যেন সত্য, প্ৰিয় আৰু হিতকৰ হয়। আমি নিজৰ মাজত থকা অপবাক্যৰ প্ৰবৃত্তি ত্যাগ কৰি এক প্ৰশান্তিময় সমাজ গঢ়িম। আমি বিশ্বাস কৰোঁ যে মানুহ হিচাপে আমাৰ প্ৰকৃত পৰিচয় আমাৰ হৃদয়ত, আমাৰ কৰ্মত আৰু আমাৰ চিন্তাৰ গভীৰতাত। ভৱিষ্যতৰ পৃথিৱীখন হ’ব তেনে এক ঠাই, য’ত শৰীৰৰ বৰণ বা উচ্চতাক লৈ কোনো প্ৰশ্ন উত্থাপন নহ’ব। য’ত প্ৰতিটো প্ৰতিভাই মুকলি আকাশৰ তলত উশাহ ল’ব পাৰিব। এই যাত্ৰা আৰম্ভ হৈছে আমাৰ চিন্তাৰ পৰিৱৰ্তনৰ পৰা। আমি যদি নিজকে সলনি কৰিব পাৰোঁ, তেন্তে পৃথিৱীখন নিশ্চিতভাৱে সলনি হ’ব। ৰূপ বৈষম্যহীন এক আদৰ্শ সমাজ গঢ়িবলৈ আমি আজিৰ পৰাই নিজৰ ভাষা আৰু আচৰণক নিয়ন্ত্ৰণ কৰাৰ সংকল্প ল’ব লাগিব। মনেৰে আধুনিক হোৱাটোৱেই হৈছে আজিৰ যুগত আটাইতকৈ ডাঙৰ প্ৰয়োজনীয়তা। আমি সকলোৱে লগ লাগি এক এনে পৰিৱেশ সৃষ্টি কৰিম, য’ত প্ৰতিজন ব্যক্তিয়ে গৌৰৱেৰে নিজৰ পৰিচয় দাঙি ধৰিব পাৰিব। ৰূপৰ অৱয়ৱৰ পৰা মুক্ত হৈ আমি চৰিত্ৰৰ মহিমাৰে এখন নতুন পৃথিৱী গঢ়িম। এই ধৰাখন মানুহৰ বাবে এক প্ৰশান্তিময় আবাস হৈ ৰ’ব – এয়াই আমাৰ একমাত্ৰ প্ৰাৰ্থনা।