বিদ্যুৎ খণ্ডত দক্ষতা, প্ৰযুক্তি আৰু কৰ্মসংস্থাপনৰ সুযোগ – ড° বুলজিৎ বুঢ়াগোহাঁই

Pc Hartek Group

বিদ্যুৎ খণ্ডত দক্ষতা, প্ৰযুক্তি আৰু কৰ্মসংস্থাপনৰ সুযোগ

ড° বুলজিৎ বুঢ়াগোহাঁই
কেৰিয়াৰ পৰামৰ্শদাতা  তথা
মুৰব্বী, যান্ত্রিক অভিযান্ত্রিক বিভাগ,
অসম ডন বস্ক’ বিশ্ববিদ্যালয় ,
আজাৰা,গুৱাহাটী

বিদ্যুৎ হৈছে আধুনিক সভ্যতাৰ মূল চালিকা শক্তি। গৃহ নিৰ্মাণ, উদ্যোগ, চিকিৎসালয়, পৰিবহণ, তথ্য-প্ৰযুক্তি, যোগাযোগ, বাণিজ্যিক প্ৰতিষ্ঠান আৰু আধুনিক আন্তঃগাঁথনি—প্ৰায় সকলো ক্ষেত্ৰই নিৰৱচ্ছিন্ন আৰু নিৰ্ভৰযোগ্য বিদ্যুৎ যোগানৰ ওপৰত নিৰ্ভৰশীল। স্মাৰ্ট চিটি, নবীকৰণযোগ্য শক্তি, বৈদ্যুতিক বাহন (ইভি), উদ্যোগিক স্বয়ংক্ৰিয়কৰণ আৰু ডিজিটেল প্ৰযুক্তিৰ দ্ৰুত বিকাশে শক্তি খণ্ডক নতুন উচ্চতালৈ লৈ গৈছে। ফলত দেশ-বিদেশত দক্ষ বৈদ্যুতিক পেছাদাৰীৰ চাহিদা ক্ৰমাগতভাৱে বৃদ্ধি পাইছে।

বিদ্যুৎ খণ্ডত কামৰ পৰিসৰ অতি বহল। বৈদ্যুতিক সংস্থাপন, পৰিচালনা, পৰীক্ষণ, ত্ৰুটি নিৰ্ণয়, ৰক্ষণাবেক্ষণ আৰু মেৰামতিৰ দৰে কামৰ বাবে দক্ষ জনশক্তিৰ প্ৰয়োজন হয়। এই পেছাদাৰীসকলে বিদ্যুৎ উৎপাদন কেন্দ্ৰ, সংবহন আৰু বিতৰণ কোম্পানী, ঔদ্যোগিক প্ৰতিষ্ঠান, নিৰ্মাণ কোম্পানী, ৰেলৱে, মেট্ৰ’, দূৰসংযোগ, নবীকৰণযোগ্য শক্তি প্ৰকল্প, চৰকাৰী বিভাগ আৰু ব্যক্তিগত উদ্যোগত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

বিদ্যুৎ খণ্ডত কেৰিয়াৰ গঢ়িবলৈ সাধাৰণতে দশম বা দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হোৱাৰ পাছত আই টি আই, পলিটেকনিক, ডিপ্লমা, এপ্ৰেণ্টিছশ্বিপ অথবা বিভিন্ন দক্ষতা বিকাশমূলক প্ৰশিক্ষণ গ্ৰহণ কৰা হয়। হাতে-কামে কাম কৰিবলৈ আগ্ৰহী, সমস্যা সমাধানত পাৰদৰ্শী আৰু নতুন প্ৰযুক্তি শিকিবলৈ ইচ্ছুক শিক্ষাৰ্থীসকলৰ বাবে এই খণ্ডটো এক উৎকৃষ্ট কেৰিয়াৰ বিকল্প।

এই খণ্ডত বিভিন্ন বিশেষ বৃত্তি উপলব্ধ। উল্লেখযোগ্য বৃত্তিসমূহৰ ভিতৰত আছে—ইলেক্ট্ৰিচিয়ান, ৱায়াৰমেন, ইণ্ডাষ্ট্ৰিয়েল ইলেক্ট্ৰিচিয়ান, ইলেক্ট্ৰিকেল মেইণ্টেনেন্স টেকনিচিয়ান, পাৱাৰ ডিষ্ট্ৰিবিউচন টেকনিচিয়ান, ট্ৰেন্সমিছন লাইন টেকনিচিয়ান, চাবষ্টেচন টেকনিচিয়ান, ট্ৰেন্সফৰ্মাৰ টেকনিচিয়ান, ইলেক্ট্ৰিকেল পেনেল টেকনিচিয়ান, জেনেৰেটৰ টেকনিচিয়ান, ছ’লাৰ পিভি ইনষ্টলাৰ, উইণ্ড টাৰ্বাইন মেইণ্টেনেন্স টেকনিচিয়ান, লিফ্ট টেকনিচিয়ান, হোম এপ্লাইয়েন্স চাৰ্ভিচ টেকনিচিয়ান, আৰএচি টেকনিচিয়ান, ইভি চাৰ্ভিচ টেকনিচিয়ান, বেটাৰী টেকনিচিয়ান, কেবল জইণ্টাৰ, ষ্ট্ৰীট লাইটিং টেকনিচিয়ান আৰু ইলেক্ট্ৰিকেল টেষ্টিং টেকনিচিয়ান আদি। যদিও এই বৃত্তিবোৰৰ কামৰ ক্ষেত্ৰ ভিন্ন, তথাপিও সকলোৰে মূল লক্ষ্য হৈছে বৈদ্যুতিক ব্যৱস্থাক সুৰক্ষিত, নিৰ্ভৰযোগ্য আৰু কাৰ্যক্ষম কৰি ৰখা।

এই ক্ষেত্ৰত সফল হ’বলৈ কেৱল তাত্ত্বিক জ্ঞানেই যথেষ্ট নহয়; ব্যৱহাৰিক দক্ষতা, সমস্যা সমাধানৰ ক্ষমতা আৰু আধুনিক প্ৰযুক্তিৰ জ্ঞান সমানেই প্ৰয়োজন। বিদ্যুতৰ মূল ধাৰণা, চাৰ্কিট বিশ্লেষণ, তাঁৰ সংযোগ কৌশল, বৈদ্যুতিক অংকন, মটৰ নিয়ন্ত্ৰণ ব্যৱস্থা, বৈদ্যুতিক জোখ-মাখৰ যন্ত্ৰৰ ব্যৱহাৰ, ত্ৰুটি নিৰ্ণয়, কম্পিউটাৰ সাক্ষৰতা, যোগাযোগ দক্ষতা আৰু দলীয়ভাৱে কাম কৰাৰ মানসিকতা এজন সফল বৈদ্যুতিক পেছাদাৰীৰ বাবে অপৰিহাৰ্য। প্ৰগ্ৰেমেবল লজিক কণ্ট্ৰ’লাৰ (পিএলচি), চুপাৰভাইজৰী কণ্ট্ৰ’ল এণ্ড ডাটা একুইজিচন (এছ চি এ ডি এ), অটোকেড ইলেক্ট্ৰিকেল আৰু স্মাৰ্ট মনিটৰিং চিষ্টেমৰ জ্ঞান কৰ্মক্ষেত্ৰত অতিৰিক্ত সুবিধা প্ৰদান কৰে।

        বিদ্যুতৰ সৈতে কাম কৰাৰ সময়ত নিৰাপত্তাই সৰ্বাধিক গুৰুত্ব বহন কৰে। সেয়েহে ব্যক্তিগত সুৰক্ষা সঁজুলি (পিপিই) ব্যৱহাৰ, লকআউট–টেগআউট (এলঅ’টিঅ) পদ্ধতি অনুসৰণ, ইনচুলেটেড সঁজুলি ব্যৱহাৰ, সঠিক আৰ্থিং, অগ্নি-নিৰাপত্তা, বৈদ্যুতিক বিচ্ছিন্নকৰণ পদ্ধতি পালন কৰাৰ লগতে বৈদ্যুতিক দুৰ্ঘটনাত প্ৰাথমিক চিকিৎসাৰ জ্ঞান থকাটো অতি প্ৰয়োজনীয়। নিৰাপত্তা বিধি-নিয়ম কঠোৰভাৱে মানি চলাটো এজন পেছাদাৰী ইলেক্ট্ৰিচিয়ানৰ অন্যতম গুৰুত্বপূৰ্ণ দায়িত্ব।

       চৰকাৰী আৰু ব্যক্তিগত খণ্ড উভয়তে দক্ষ বৈদ্যুতিক পেছাদাৰীৰ বিপুল চাহিদা আছে। শক্তি উৎপাদন আৰু বিতৰণ কোম্পানী, পাৱাৰ গ্ৰীড, ৰেলৱে, মেট্ৰ’ ৰেল, বিমানবন্দৰ, নিৰ্মাণ কোম্পানী, উৎপাদন উদ্যোগ, তেল আৰু গেছ, নবীকৰণযোগ্য শক্তি, দূৰসংযোগ, ডাটা চেণ্টাৰ আৰু স্মাৰ্ট চিটি প্ৰকল্পত নিয়মিতভাৱে দক্ষ জনশক্তি নিয়োগ কৰা হয়। এই ক্ষেত্ৰখন কেৱল চাকৰিৰ মাজতেই সীমাবদ্ধ নহয়; বৈদ্যুতিক ঠিকাদাৰী, ঘৰৰ তাঁৰ সংযোগ, সৌৰ পেনেল স্থাপন, জেনেৰেটৰ সেৱা, ঘৰুৱা সঁজুলি মেৰামতি, ইনভাৰ্টাৰ-ইউপিএছ সেৱা, ইভি চাৰ্জিং ষ্টেচন স্থাপন, উদ্যোগিক ৰক্ষণাবেক্ষণ, চিচিটিভি স্থাপন, মটৰ ৰিৱাইণ্ডিং আৰু ইলেক্ট্ৰিকেল পেনেল নিৰ্মাণৰ জৰিয়তেও সফল আত্মনিয়োগ সম্ভৱ। অভিজ্ঞতা, বিশেষজ্ঞতা আৰু অতিৰিক্ত প্ৰশিক্ষণৰ ভিত্তিত দৰমহা আৰু উপাৰ্জনৰ সুযোগ ক্ৰমাগতভাৱে বৃদ্ধি পায়। বিশেষকৈ অটোমেচন, পিএলচি, সৌৰ শক্তি, ইভি প্ৰযুক্তি আৰু ঔদ্যোগিক ৰক্ষণাবেক্ষণৰ বিশেষজ্ঞসকলৰ চাহিদা অধিক।

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো ভাৰতীয় বৈদ্যুতিক পেছাদাৰীসকলৰ যথেষ্ট চাহিদা আছে। মধ্যপ্ৰাচ্য, দক্ষিণ-পূব এছিয়া, ইউৰোপ, অষ্ট্ৰেলিয়া আৰু কানাডাৰ দৰে দেশসমূহত আন্তঃৰাষ্ট্ৰীয় সুৰক্ষা প্ৰমাণপত্ৰ, অ’এছএইচএ  প্ৰশিক্ষণ, ইংৰাজী যোগাযোগ দক্ষতা আৰু বৈধ পাছপ’ৰ্ট-ভিছা থাকিলে অধিক কেৰিয়াৰৰ সুযোগ লাভ কৰিব পাৰি।

অনাগত বছৰবোৰত স্বচ্ছ শক্তি, স্মাৰ্ট গ্ৰীড, বৈদ্যুতিক বাহন, উদ্যোগিক স্বয়ংক্ৰিয়কৰণ, স্মাৰ্ট বিল্ডিং, সেউজ শক্তি প্ৰকল্প, ডাটা চেণ্টাৰ, স্মাৰ্ট চিটি মিছন, শক্তি সংৰক্ষণ ব্যৱস্থা আৰু হাই-স্পীড ৰেলৰ সম্প্ৰসাৰণে এই খণ্ডত কৰ্মসংস্থাপনৰ সুযোগ আৰু অধিক বৃদ্ধি কৰিব।

বিদ্যুৎ খণ্ডত সফলতা লাভ কৰিবলৈ নিয়মিত দক্ষতা বিকাশ, নতুন প্ৰযুক্তিৰ সৈতে নিজকে আপডেট কৰি ৰখা, এপ্ৰেণ্টিছশ্বিপৰ জৰিয়তে ব্যৱহাৰিক অভিজ্ঞতা আহৰণ, যোগাযোগ দক্ষতা আৰু দলীয়ভাৱে কাম কৰাৰ ক্ষমতা উন্নত কৰাটো অত্যন্ত প্ৰয়োজনীয়। অভিজ্ঞতা বৃদ্ধিৰ লগে লগে তত্ত্বাৱধায়ক, ৰক্ষণাবেক্ষণ অভিযন্তা, প্ৰকল্প সমন্বয়ক, কাৰিকৰী পৰামৰ্শদাতা অথবা বৈদ্যুতিক ঠিকাদাৰ হিচাপেও সফল কেৰিয়াৰ গঢ়িব পাৰি।

আধুনিক উন্নয়নৰ অন্যতম ভেটি হৈছে বিদ্যুৎ খণ্ড। এই ক্ষেত্ৰত কাৰিকৰী জ্ঞান, ব্যৱহাৰিক দক্ষতা আৰু পেছাদাৰী মনোভাৱ থাকিলে চৰকাৰী, ব্যক্তিগত, উদ্যোগিক আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অসংখ্য কেৰিয়াৰৰ সুযোগ লাভ কৰিব পাৰি। একে সময়তে উদ্যোগী হিচাপে আত্মনিয়োগৰো উজ্জ্বল সম্ভাৱনা আছে। সঠিক শিক্ষা, ব্যৱহাৰিক প্ৰশিক্ষণ, সুৰক্ষা সজাগতা আৰু আধুনিক প্ৰযুক্তিৰ সৈতে খোজ মিলাই আগবাঢ়িলে বিদ্যুৎ খণ্ডত সফল, সন্মানজনক আৰু দীৰ্ঘস্থায়ী কেৰিয়াৰ গঢ়ি তোলা সম্পূৰ্ণ সম্ভৱ। কেৰিয়াৰ বিষয়ৰ বিভিন্ন কথা কোনো আগ্ৰহী শিক্ষাৰ্থীয়ে জানিব বিচাৰে,তেন্তে প্ৰত্যেক শনিবাৰে বিয়লি ৬-৯ বজাৰ ভিতৰত ফোন(৯৪৩৫১৮৮৩০)ত যোগাযোগ কৰিব পাৰে ।