সোমবাৰে ঘোষণা কৰা হ’ব সিদ্ধাৰ্থৰ জামিনৰ ৰায়

সোমবাৰে ঘোষণা কৰা হ’ব সিদ্ধাৰ্থৰ জামিনৰ ৰায়

ৰঙিলী বাৰ্ত্তাসেৱা-  জুবিন গাৰ্গ মৃত্যুকাণ্ড সন্দর্ভত বিশেষ ফাষ্ট-ট্রেক আদালতে সিদ্ধার্থ শৰ্মাৰ জামিন আবেদন সম্পর্কে ৪ মে’ অৰ্থাৎ সোমবাৰে চূড়ান্ত ৰায় ঘোষণা কৰিব। উল্লেখ্য যে এই গোচৰটোত দৈনিক শুনানি চলাই থকা বিশেষ ফাষ্ট-ট্রেক আদালতে ২৮ এপ্রিলত জামিন আবেদনৰ শুনানি সম্পূৰ্ণ কৰিছিল। প্ৰথমতে ২ মে’ত ৰায় ঘোষণাৰ দিন ধাৰ্য কৰা হৈছিল যদিও আদালতৰ কাৰ্যবিধি স্থগিত থকাৰ বাবে ৰায় ঘোষণা পিছুৱাই সোমবাৰলৈ স্থগিত কৰা হয়। ইয়াৰ পূৰ্বে আদালতে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্রহণ কৰি অভিযুক্ত সিদ্ধার্থ শৰ্মাৰ মালিকানাধীন ‘মহাবীৰ একুৱা’ নামৰ পানী প্রস্তুত কাৰখানা জব্দ কৰাৰ লগতে তেওঁৰ ব্যৱহাৰ কৰা ৬টা বেংক একাউন্টো স্থগিত কৰাৰ নিৰ্দেশ দিয়ে। তদন্তৰ সময়ত এই একাউন্টসমূহত ১ কোটি টকাতকৈ অধিক ধন থকা তথ্য পোহৰলৈ আহে। অভিযোগ পক্ষৰ মতে, এই ধনৰ বৈধ উৎস প্ৰমাণ কৰিবলৈ সিদ্ধার্থ শর্মাই কোনো স্পষ্ট তথ্য আগবঢ়াব পৰা নাই। আদালতে আৰু উল্লেখ কৰে যে, আগন্তুক শুনানিত যদি শর্মাই এই সম্পত্তিৰ উৎস প্ৰমাণ কৰিব নোৱাৰে, তেন্তে জব্দ কৰা ধন জুবিন গাৰ্গৰ পৰিয়ালৰ সদস্য বা তেওঁৰ চৰকাৰী ট্রাষ্টলৈ হস্তান্তৰ কৰা হ’ব পাৰে।