ডিব্ৰুগড়ৰ চেমিম আখতাৰা আলিক টাইমছ অফ ইণ্ডিয়া গ্ৰুপৰ সম্মান : অভিনেতা গুলচন গ্ৰোভাৰে প্ৰদান কৰে বঁটা
এম হাছিম আলী,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড়ৰ নালিয়াপুল নিবাসী চেমিম আখতাৰা আলিক ব্যতিক্ৰম গ্রুপৰ সহযোগত’ দ্য টাইমছ অৱ ইণ্ডিয়া'(টাইমছ গ্রুপ)ৰ তৰফৰ পৰা ছচিয়েল ইমপেক্ট লিডাৰ শ্বিপত শ্ৰেষ্ঠত্ব (Excellence in social impact leader ship) শিতানত সন্মানিত কৰা হৈছে। যোৱা ৩০ এপ্ৰিলত গুৱাহাটীৰ বিভান্টা হোটেলত এই বঁটা প্ৰদান কৰে বলিউডৰ বিখ্যাত অভিনেতা গুলচান গ্ৰোভাৰে। চেমিম আখতাৰা আলি সমাজসেৱা আৰু মহিলা সৱলীকৰণৰ ক্ষেত্ৰত আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে এই সন্মান লাভ কৰে ।তেওঁৰ নিষ্ঠা, একাগ্ৰতা ,অধ্যৱসায় আৰু সমাজমুখী কৰ্ম কলাপে সমাজক এক ইতিবাচক প্ৰভাৱ পেলাইছে। আলিয়ে সমাজৰ দৰিদ্ৰ লোক,দৃষ্টিহীন ব্যক্তি আৰু বান পীড়িত হাজাৰ লোকক সহায় সহযোগিতা আগবঢ়োৱাৰ লগতে বিভিন্ন সামাজিক ক্ষেত্ৰত আগবঢ়োৱা সেৱাৰ বাবে এই বিশেষ স্বীকৃতি লাভ কৰে।চেমিম আখতাৰা আলি ডিব্ৰুগড়ৰ নালিয়াপুলৰ জ্যেষ্ঠ সাংবাদিক তথা “আলোৰণ” কাকতৰ সম্পাদক প্ৰয়াত ৰহমত আলি আৰু ভিক্টোৰিয়া এইচ এছ বেংগলী বালিকা বিদ্যালয়, ডিব্ৰুগড়ৰ উপাধ্যক্ষা প্রয়াত জেবিন আখতাৰা বেগমৰ দ্বিতীয় কন্যা আৰু সমাজসেৱক ইমদাদ আলিৰ(ৰাতুল) পৰিবাৰ । উল্লেখ যোগ্য যে ইয়াৰ পূৰ্বে তেওঁ ২০২৪ চনত ফৰ এভাৰ ষ্টাৰ ইণ্ডিয়াৰ দ্বাৰা ‘ ছুপাৰ উইমেন বটাঁ’ , ২০২৫ চনত ‘টপ টায়াৰ বটা’ আৰু ২০২৬ চনত ফেমিনা গেম চেঞ্জাৰ নৰ্থ ইষ্ট বটাঁ’ লাভ কৰিছে। এগৰাকী কৰি হিচাপে চেমিম আখতাৰা আলিয়ে ইতিমধ্যে ৫০০ ত কৈও অধিক কবিতা ৰচনা কৰাৰ লগতে এখন উপন্যাসৰ কামো সম্পূৰ্ণ কৰিছে। তেওঁৰ এই সাফল্যত অঞ্চলটোত আনন্দ প্ৰকাশ কৰিছে।
