সেউজীয়াৰ গান – টোলন তাছা

Pc Kaziranga National Park

সেউজীয়াৰ গান

টোলন তাছা
কলিয়াবৰ,নগাঁও

দুটি ওঁঁঠত তোমাৰ সেউজীয়াৰ গান
বুকুৰ উমেৰে জীপাল কৰিছা বাগিচাৰ প্ৰাণ
ৰ’দালীৰ চোকা হাঁহিত বৰণ সলায় ছালে
বাগিচাৰ মাটিক সাৰুৱা কৰে
তোমাৰেই ক’লা কপালৰ ঘামে।

চাহ গছৰ ডালে পাতে শিপাতে
কিমান যে কৰুণ গাথা লিখা আছে,
পুৱাটিয়ে সাৰ পোৱাৰ পৰা গধূলিলৈকে,
কটা-ছিঙা-ফটা আঙুলিয়েই নাচে
অসমী আইৰ বুকুত ইমূৰৰ পৰা সিমূৰলে।

মাদলৰ চেঁৱত উথলি উঠে আনন্দৰ জোৱাৰ
ঝু’মইৰৰ তালত মতলীয়া হৈ পাহৰা এবুকু হাহাকাৰ
সেয়ে ফাগুনে কিৰিলি মাৰে উৰুখা পজাঁত,
বিষাদৰ ক’লা মেঘে আলফুলে ওমলি থাকে
তোমাৰেই উৱলিব ধৰা সপোনৰ বোকোচাত ।

হে’ মোৰ চাহ বাগিচাৰ শ্ৰমিক
হে’ আই অসমীৰ নিৰ্বোধ খনিকৰ,
তোমাৰ খহটা হাতৰ পৰশতে
বাগিচাৰ সেউজীয়াবোৰে প্ৰাণ পাই উঠে
গৌৰৱেৰে ফুলি উঠে বুকু সোণৰ অসমৰ ।

নিঃকিন হৈও তুমি যিদৰে
শুৱনি কৰিছা বিশ্বৰ বিলাসী মেজ,
কোনে বাৰু ভাবিব পাৰে
চাহপাতৰ কাপত যে নিগৰে
তোমাৰ ক’লা দেহৰে ঘাম আৰু তেজ।

হে’ বৰ অসমৰ নিৰৱ ভাস্কৰ
তোমাক জনাওঁ শত কোটি প্ৰণিপাত,
দশোদিশে গুঞ্জৰিত হওঁক তোমাৰেই জয়গান
চিৰদিনেই জিলিকি থাকক বিশ্বত
সেউজীয়া চাহ বাগিচাৰ এটি কলি দুটি পাত।