পঞ্চম টি-২০তো ইংলেণ্ডৰ জয়লাভ
ৰঙিলী বাৰ্ত্তাসেৱা- ইংলেণ্ডৰ বিৰুদ্ধে পাঁচখনীয়া টি-২০ শৃংখলাত ভাৰত অতি শোচনীয় পৰাজয়ৰ সন্মুখীন হয়। শৃংখলাটোৰ পঞ্চম তথা অন্তিম টি-২০ মেচখনত ঘৰুৱা দলটোৱে জয়লাভ কৰি ৪-০ মসৃণ ব্যৱধানত শৃংখলা জয় কৰে। আনহাতে ভাৰতে প্ৰথমবাৰৰ বাবে একেৰাহে দুটা টি-২০ শৃংখলাত পৰাজয়ৰ সন্মুখীন হয়। ইয়াৰ আগতে আয়াৰলেণ্ডৰ হাতত ভাৰত শৃংখলাত পৰাজিত হৈছিল। উল্লেখযোগ্য যে প্রথমখন টি-২০ পৰিত্যক্ত হৈছিল। আজি পঞ্চমখন মেচত ইংলেণ্ডে ভাৰতক ৫৬ ৰানৰ ব্যৱধানত পৰাজিত কৰে। প্রথমে বেটিং কৰি ইংলেণ্ডে ২০ অ’ভাৰত তিনিটা উইকেট হেৰুৱাই ২৫৭ ৰান সংগ্ৰহ কৰে। প্রত্যুত্তৰত ভাৰতে ২০ অ’ভাৰত ৮ উইকেট হেৰুৱাই ২০১ ৰানহে গোটাবলৈ সক্ষম হয়। ভাৰতৰ হৈ ঈশান কিষানে ৫৬ ৰান, তিলক বাৰ্মাই ৫৩ আৰু শ্রেয়াষ আয়াৰে ২৮ ৰান কৰে। ইয়াৰ আগতে ইংলেণ্ডৰ যোছ বাটলাৰে ৬৪টা বলত ১২টা চাৰি আৰু ৮টা ছয়েৰে ১৩১ ৰান কৰে। অধিনায়ক হেৰি ব্ৰুকে ৪৫টা বলত ৯৫ ৰান কৰে। শৃংখলাটোত ভাৰতৰ শোচনীয় পৰাজয়ৰ পাছত এতিয়া আই চি চিৰ টি-২০ ৰেংকিঙত ভাৰতে প্রথম স্থান হেৰুওৱাৰ সম্ভাৱনা আছে।
