ছেমি ফাইনেলত প্ৰৱেশ আর্জেন্টিনাৰ
ৰঙিলী বাৰ্ত্তাসেৱা- ফিফা বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত ছুইজাৰলেণ্ডক পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিলে লিঅ’নেল মেছিৰ আর্জেন্টিনাই। কোৱাৰ্টাৰ ফাইনেলত ছুইজাৰলেণ্ডৰ খেলুৱৈসকলে অনবদ্য যুঁজ দিলে যদিও খেলখনত শেষ হাঁহি আর্জেন্টিনাই মাৰিলে। কানছাছ চিটীত অনুষ্ঠিত কোৱাৰ্টাৰ ফাইনেলত ১২০ মিনিটৰ ৰুদ্ধশ্বাস মহাৰণৰ অন্তত ছুইজাৰলেণ্ডক ৩-১ গ’লত পৰাস্ত কৰি একেৰাহে দ্বিতীয়বাৰৰ বাবে বিশ্বকাপৰ ছেমি ফাইনেলত স্থান নিশ্চিত কৰিলে লিঅ’নেল মেছিৰ দলে। ৯০ মিনিটত ১-১ সমতাত শেষ হোৱা মেচখনৰ ভাগ্য সলনি কৰিলে অতিৰিক্ত সময়ত জুলিয়ান আলভাৰেজে, আৰু শেষ মুহূৰ্তত লাউটাৰো মাৰ্টিনেছে বিজয় দস্তাবেজত মাৰিলে ছীল-মোহৰ। দেওবাৰৰ এই মেচখন আৰম্ভণিৰে পৰাই আছিল আৰ্জেণ্টিনাৰ নিয়ন্ত্ৰণত। প্ৰথমটো গ’ল কৰিছিল আর্জেন্টিনাৰ মেক এলিকাষ্টাৰে। তাতো সহায় কৰিছিল সেই মেছি মেজিকে। বিশ্বকাপৰ সামগ্রিক ইতিহাসত এয়া মেছিৰ ১০ নম্বৰ এছিষ্ট। কিংবদন্তি ডিয়েগো মাৰাডোনাক এছিষ্টৰ সংখ্যাত তেওঁ চেৰ পেলালে। কিন্তু সেই গ’লটোৰ পিছত আর্জেন্টিনা যেন কিছু ম্লান পৰি গ’ল। সেই গ’লৰ পাছত মেছিৰ পৰিকল্পিত আক্রমণ, মিডফিল্ডাৰৰ নিয়ন্ত্ৰণত চাপত পৰে ছুইজাৰলেণ্ড। কিন্তু দ্বিতীয়াৰ্ধত সম্পূৰ্ণ সলনি হয় ছবিখন। দুৰ্দান্ত প্ৰত্যাৱৰ্তনেৰে ছুইজাৰলেণ্ডে অধিক আত্মবিশ্বাসেৰে আৰম্ভ কৰে খেল। ৬৭ মিনিটত ডান এনডয়ে গ’ল কৰি স্ক’ৰ ১-১ কৰে আৰু মেচখনক দিলে উত্তেজনাৰ শিখৰ। ইয়াৰ পাছত দুয়োটা দলে সৃষ্টি কৰিলে নিশ্চিত সুযোগ। কিন্তু প্ৰতিবাৰেই ব্যৰ্থ। একাধিক নিশ্চিত সুযোগ সৃষ্টি কৰিলেও নিৰ্ধাৰিত সময়ত বিজয়ী নিৰ্ধাৰণ নহ’ল। কিন্তু মাজতে আকৌ ঘটিল অঘটন। ৭২ মিনিটত দ্বিতীয়খন হালধীয়া কাৰ্ডৰ পিছত ৰঙা কার্ড পায় ছুইজাৰলেণ্ডৰ ব্রিল এমবলোৱে। ১০জনলৈ সংকুচিত হৈ পৰিল ছুইজাৰলেণ্ডৰ দলটো। শেষৰফালে ১০ জনেৰে যুঁজি তেওঁলোকে মেচখন অতিৰিক্ত সময়লৈ টানি নিয়ে। তথাপি বিনাযুদ্ধে বেজীৰ আগৰ মাটি এৰিবলৈও প্ৰস্তুত নোহোৱাৰ দৰেই সাহসেৰে যুঁজ দিলে ছুইজাৰলেণ্ডে। অতিৰিক্ত সময়তো ১০জনীয়া ছুইছ ডিফেন্সক বিশেষ চাপত ৰাখিব পৰা নাছিল আর্জেন্টিনাই। অতিৰিক্ত সময়ত যেতিয়া মেচখন পেনাল্টি শ্বুটআউটলৈ গঢ় লোৱাৰ সম্ভাৱনা ক্ৰমাৎ বৃদ্ধি পাইছিল, ঠিক তেতিয়াই নায়কৰূপে আত্মপ্ৰকাশ হ’ল জুলিয়ান আলভাৰেজৰ। সুযোগ সন্ধানী জুলিয়ানৰ জোতাৰ আগত যেন আঠাৰ দৰে লাগিল বল। ১১২ মিনিটত সুযোগ পোৱাৰ লগে লগে অসাধাৰণ স্থিৰতা, ক্ষিপ্ৰ সিদ্ধান্ত আৰু নিখুঁত ফিনিছিঙেৰে আশাত বন্দী ছুইজাৰলেণ্ডৰ অনুৰাগীৰ বুকুত শেল যেন বহুৱাই গ’লবক্সৰ বক্ষ ভেদিলে জুলিয়ানৰ জোৰদাৰ শ্বটে। ৰচনা হ’ল নতুন কল্পকাহিনীৰ। সেই গ’লটোৱে কেৱল স্ক’ৰলাইন সলনি কৰা নাছিল, সমগ্ৰ মেচখনৰ গতি আৰু মানসিক সমীকৰণো আৰ্জেণ্টিনাৰ পক্ষলৈ ঘূৰাই আনিছিল। আলভাৰেছৰ সেই গ’লৰ পিছত সমগ্ৰ আৰ্জেণ্টিনা শিবিৰ নতুন উদ্যমেৰে উজ্জীৱিত হৈ উঠে। গ’ল পৰিশোধ কৰাৰ শেষ চেষ্টা চলাইছিল ছুইজাৰলেণ্ডে। কিন্তু সংযোজিত সময়ত প্ৰত্যাক্ৰমণত লাউটাৰো মাৰ্টিনেছে তৃতীয় গ’ল কৰি ৩-১ ব্যৱধান নিশ্চিত কৰে। ৰেফাৰীৰ অন্তিম হুইছেল বজাৰ লগে লগে আনন্দত উল্লাসিত হৈ উঠে নীলা-শুল্ক শিবিৰ, আনহাতে ছুইজাৰলেণ্ডৰ খেলুৱৈসকলৰ চকুত স্পষ্ট হৈ পৰে অপূৰ্ণ সপোনৰ বেদনা।
