অসমৰ ৰম্যভূমি
ছেলিমা বেগম,নগাঁও
ছয় ঋতু বিৰাজ কৰে অসমৰ ভূমিত
প্ৰকৃতিৰ সৌন্দৰ্য্য বৃদ্ধি কৰে অসমৰ বুকুত।
নদ-নদী, জান-জুৰি হ্ৰদ আৰু যে ক’ত
তৰু-তৃণ, উদ্ভিদ, পাহাৰ , ভৈয়াম আছে য’ত।
শস্য শ্যামলা পথাৰখন মনোৰম দেখি
কৃষকৰ হাড়ভঙা পৰিশ্ৰমৰ ছবি আঁকি।
ব্ৰহ্মপুত্ৰৰ বুকুত খেলা কৰে টলমল পানী।
ৰিহাৰ মেখেলা পৰিধান কৰি সবে জানি ।
বৰ্ষা ঋতুত ডাৱৰীয়া আকাশৰ মেঘৰ ধেমালি
শুকুলা ডাৱৰে আৱৰি ধৰিছে আকাশত উমলি।
শুকুলা ডাৱৰে ঢাকি আকাশৰ দুৱাৰ ভাঙে
বৰষুণ আহি পৃথিৱীৰ বুকুত উপঙে।
প্ৰাকৃতিক ৰম্যভূমি আনন্দত নাচে
অসমৰ ৰম্যভূমি সৌন্দৰ্য্য বৃদ্ধি কৰে পিচে।
