সীমিত নম্বৰৰ পৰীক্ষাৰ ফলাফলে কেতিয়াও ভৱিষ্যত নিৰ্ণয় কৰিব নোৱাৰে – আয়শা ছিদ্দিকা

Pc Mint

সীমিত নম্বৰৰ পৰীক্ষাৰ ফলাফলে কেতিয়াও ভৱিষ্যত নিৰ্ণয় কৰিব নোৱাৰে

আয়শা ছিদ্দিকা (আছৰি)
বাংলিপাৰা, বৰপেটা 

বৰ্তমানৰ যান্ত্ৰিক যুগৰ শিক্ষা ব্যৱস্থাত নম্বৰৰ প্ৰতি থকা আমাৰ অতিৰিক্ত চাহিদাই সমাজখনক এক অঘোষিত প্ৰতিযোগিতাৰ পথাৰলৈ ঠেলি দিছে। শৈশৱৰ পৰাই এটা শিশুৰ মেধাক কেৱল তেওঁ লাভ কৰা নম্বৰৰ শতাংশৰ হাৰেৰে বিচাৰ কৰা হয়, যিটো অত্যন্ত দুৰ্ভাগ্যজনক। আচলতে পৰীক্ষাৰ নম্বৰবোৰ এজন শিক্ষাৰ্থীৰ স্মৃতিশক্তি বা এটা নিৰ্দিষ্ট সময়ৰ পৰিৱেশৰ ওপৰত নিৰ্ভৰশীল এক সাময়িক ফলাফলহে। পৰীক্ষাৰ সেই নিৰ্ধাৰিত কিছু সময়ছোৱাই এজন মানুহৰ গোটেই জীৱনটোৰ যোগ্যতা বা তেওঁৰ অন্তৰ্নিহিত গুণক কেতিয়াও সামৰি ল’ব নোৱাৰে। এগৰাকী শিক্ষাৰ্থী হয়তো গণিতত দুৰ্বল হ’ব পাৰে, কিন্তু তেওঁৰ তুলিকাত ফুটি উঠিব পাৰে এক অনন্য সৃষ্টিশীলতা, অথবা তেওঁৰ হাতত প্ৰাণ পাব পাৰে কোনো যন্ত্ৰৰ জটিল অংশ। এই মানৱীয় দক্ষতা আৰু ব্যৱহাৰিক জ্ঞানক কোনো নম্বৰৰ তালিকাৰে জোখা সম্ভৱ নহয়।

শিক্ষক ,সমাজ আৰু অভিভাৱকসকলে বুজা উচিত যে সফলতাৰ সংজ্ঞা কেৱল ডাক্তৰ বা ইঞ্জিনীয়াৰ হোৱকেই নুবুজায়। বৰ্তমানৰ পৰিৱৰ্তিত পৃথিৱীত নতুন নতুন কৰ্মক্ষেত্ৰৰ সৃষ্টি হৈছে য’ত নম্বৰতকৈ সৃষ্টিশীল চিন্তা আৰু কাৰিকৰী কৌশলকহে অধিক অগ্ৰাধিকাৰ দিয়া হয়। বহু সময়ত দেখা যায় যে পৰীক্ষাত শীৰ্ষস্থান দখল কৰা শিক্ষাৰ্থীসকলো জীৱনৰ প্ৰত্যাহ্বানৰ মুখত থমকি ৰয়, আনহাতে তথাকথিত ‘পিছপৰা’ শিক্ষাৰ্থীসকলে নিজৰ অদম্য সাহস আৰু ব্যৱহাৰিক বুদ্ধিয়ে বিশ্বৰ দৰবাৰত নিজৰ পৰিচয় দাঙি ধৰে। ইয়াৰ কাৰণ হ’ল জীৱনৰ প্ৰকৃত পৰীক্ষাগাৰত পাঠ্যপুথিৰ মুখস্থ বিদ্যাতকৈ ধৈৰ্য্য, যোগাযোগ দক্ষতা আৰু মানসিক স্থিৰতাহে আচল মূলধন হৈ পৰে।

পৰীক্ষাৰ নম্বৰক কেন্দ্ৰ কৰি গঢ়ি উঠা মানসিক চাপে কিশোৰ-কিশোৰীসকলৰ স্বাভাৱিক বিকাশতো বাধাৰ সৃষ্টি কৰে। বিফলতাৰ ভয়ে তেওঁলোকৰ নতুন কিবা এটা কৰাৰ সাহস কাঢ়ি নিয়ে। কিন্তু আমি পাহৰা উচিত নহয় যে থমাছ আলভা এডিচনৰ দৰে মহান উদ্ভাৱককো এসময়ত বিদ্যালয়ৰ পৰা অনুপযুক্ত বুলি উলিয়াই দিয়া হৈছিল। তেওঁৰ সীমিত নম্বৰ বা শৈক্ষিক প্ৰমাণপত্ৰই তেওঁক পৃথিৱী পোহৰাবলৈ বাধা দিব পৰা নাছিল। জীৱনটো এটা দীঘলীয়া মেৰাথান দৌৰৰ দৰে, য’ত প্ৰাৰম্ভিক পৰ্যায়ৰ স্থিতিৰ ওপৰত ভিত্তি কৰি শেষ ফলাফল ঘোষণা কৰিব নোৱাৰি। প্ৰতিটো ভুল আৰু প্ৰতিটো কম নম্বৰে এজন ব্যক্তিক নতুনকৈ নিজৰ ত্ৰুটিবোৰ বিচাৰি উলিওৱাৰ আৰু নিজক গঢ় দিয়াৰ সুযোগহে প্ৰদান কৰে।

শিক্ষাৰ মূল উদ্দেশ্য হোৱা উচিত চৰিত্ৰ গঠন আৰু জ্ঞানৰ প্ৰকৃত অন্বেষণ, নম্বৰৰ বিনিময়ত মেধা বিক্ৰী কৰা নহয়। এজন ছাত্ৰই লাভ কৰা নম্বৰে তেওঁৰ ভৱিষ্যতৰ দিশ নিৰ্দেশ কৰিব পাৰে, কিন্তু তেওঁৰ লক্ষ্যত উপনীত হোৱাৰ পথ কেতিয়াও বন্ধ কৰিব নোৱাৰে। আমাৰ সমাজত এতিয়া এনে এক বাতাবৰণৰ প্ৰয়োজন য’ত বিফলতাক অপমান হিচাপে ন’লৈ সফলতাৰ এটা নতুন পন্থা হিচাপেহে গণ্য কৰা হয়। এটুকুৰা কাগজৰ নম্বৰে এজন মানুহক কেতিয়াও পৰাস্ত কৰিব নোৱাৰে যদিহে তেওঁৰ মনত আকাশ চুব পৰা সপোন আৰু সেই সপোনক বাস্তৱায়িত কৰিব পৰা সংকল্প থাকে। ভৱিষ্যত নিৰ্মিত হয় বৰ্তমানৰ কৰ্মৰাজিৰে, কোনো সংখ্যাৰ সমষ্টিৰে নহয়।

জীৱন এক নিৰন্তৰ শিক্ষণৰ প্ৰক্ৰিয়া। পৰীক্ষাৰ নম্বৰ যিয়েই নহওক কিয়, ব্যক্তিৰ কঠোৰ পৰিশ্ৰম, সময়ানুবৰ্তিতা, নৈতিক দৃঢ়তা আৰু অভিযোজন ক্ষমতাৰ ওপৰতেই ভৱিষ্যত নিৰ্ভৰ কৰে। বহুতো লোক আছে যিয়ে একাদশ বা দ্বাদশ শ্ৰেণীত কম নম্বৰ পাইছিল, কিন্তু উচ্চ শিক্ষা বা ব্যৱসায়িক জীৱনত এক অভূতপূৰ্ব সফলতাৰ মুখ দেখিলে।

গতিকে পৰীক্ষাৰ নম্বৰক আত্ম-মূল্যায়নৰ একমাত্ৰ দাপোন হিচাপে গণ্য নকৰি ইয়াক এক শিক্ষণীয় অভিজ্ঞতা হিচাপে লোৱাই যুক্তিসংগত। জীৱনৰ প্ৰকৃত পৰীক্ষা পৰীক্ষা হলৰ বাহিৰত, য’ত নম্বৰৰ পৰিৱৰ্তে চৰিত্ৰ আৰু দৃষ্টিভংগীয়ে ভৱিষ্যত নিৰ্ণয় কৰে। সীমিত কেইখনমান পৰীক্ষাৰ নম্বৰে কোনো সীমিত মানুহক সংজ্ঞায়িত কৰিব নোৱাৰে চকুৰ আগত সদায় বিশাল সম্ভাৱনাৰ পথ মুকলি থাকে।

সেইকাৰণে সীমিত কিছু পৰীক্ষাৰ নম্বৰৰ ওপৰত ভিত্তি কৰি উঠি অহা প্ৰজন্মৰ চিন্তা শক্তি আৰু বিশ্বাসত আঘাত নকৰিব, উৎসাহ যোগাব এই ফলাফল জীৱনৰ চূড়ান্ত ফলাফল নহয় বুলি অন্যথা হিতে বিপৰীত হোৱাৰ সম্ভাৱনা বেছি থাকে , আমি সচেতন হ’লেহে সমাজ সচেতন হ’ব।

 আমাৰ মানসিকতা,চিন্তা ,আৰু দৃষ্টিভংগী সলনি কৰিলে হে সমাজৰ আও পুৰণি চিন্তা আৰু নিয়মৰ সীমা ৰেখা পাৰ কৰিব পৰা যাব। নিজেও সচেতন হওক আৰু সমাজকো সচেতন কৰক। এইয়া প্ৰতিজন কৰ্তব্যপৰায়ণ মানুহৰ কৰ্তব্য।