অসমৰ চাৰিবিধ ঐতিহ্যপূৰ্ণ সামগ্ৰীক ভৌগোলিক সূচকাংক প্ৰদান

অসমৰ চাৰিবিধ ঐতিহ্যপূৰ্ণ সামগ্ৰীক ভৌগোলিক সূচকাংক প্ৰদান

ৰঙিলী বাৰ্ত্তাসেৱা- অসমৰ চাৰিটাকৈ সম্পদে লাভ কৰিছে ভৌগোলিক সূচক বা জি আই টেগ ৷  শেহতীয়াকৈ ‘জিঅ’গ্রাফিকেল ইণ্ডিকেচনছ ৰেজিষ্ট্ৰী’-এ স্বীকৃতি প্রদান কৰা এই চাৰিবিধ সামগ্ৰী হ’ল-বিহু পেঁপা,  কাৰ্বি আংলঙৰ হস্ততাঁত শিল্প, বাঁহ শিল্প, আৰু দেউৰী সম্প্ৰদায়ৰ হস্ততাঁত শিল্প। এই সম্পদসমূহে অসমৰ জনজাতীয় ঐতিহ্য, সংগীতৰ পৰম্পৰা আৰু পৰম্পৰাগত হস্তশিল্পৰ এক সমৃদ্ধ বৈচিত্ৰ্য প্ৰতিফলিত কৰে । ইয়াৰ লগে লগে পুনৰ ৰাজ্যখনৰ ঐতিহ্যপূর্ণ কাৰুশিল্প, উপজাতীয় ঐতিহ্য আৰু সাংস্কৃতিক পৰিচয়ৰ বৈচিত্র্যপূর্ণ দিশসমূহ উদ্ভাসিত হোৱাত সহায়ক হৈ পৰিব। এই স্বীকৃতিপ্ৰাপ্তিৰ প্রক্রিয়াত সহায় আৰু সমন্বয় কৰিছে নেচনেল বেংক ফৰ এগ্রিকালচাৰ এণ্ড ৰুৰেল ডেভেলপমেন্ট, চমুকৈ নাবাৰ্ডৰ অসম শাখাই। ইতিপূর্বে নাবাৰ্ডৰ অসম শাখাই ৰাজ্যখনৰ কেতবোৰ সামগ্ৰীক জিআই টেগপ্রাপ্তিৰ ক্ষেত্ৰত অগ্রণী ভূমিকা গ্রহণ কৰিছে। নাবাৰ্ডৰ অসম শাখাৰ মুখ্য মহাপ্ৰবন্ধক লোকেন দাসে এই সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত কয় যে এই প্রমাণীকৰণ কেৱল সামগ্ৰীসমূহৰ পৰিচিতি আৰু নিৰ্ভৰযোগ্যতাকেই সুদৃঢ় নকৰে। বৰং ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ সামগ্ৰীসমূহৰ বজাৰপ্ৰাপ্তিৰ সম্ভাৱনা বৃদ্ধি কৰিব। এই চাৰিবিধকে ধৰি নাবাৰ্ডৰ সহযোগত অসমৰ জিআই টেগপ্রাপ্ত সামগ্ৰীৰ সংখ্যা ১২টালৈ বৃদ্ধি পালে। তেওঁৰ মতে, এনে স্বীকৃতিয়ে ঐতিহ্যপূর্ণ সামগ্ৰীসমূহৰ পৰিচিতি আৰু নিৰ্ভৰযোগ্যতা বৃদ্ধি কৰাৰ সমান্তৰালভাৱে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় বজাৰত ইয়াৰ চাহিদা-সম্ভাৱনা উল্লেখযোগ্যভাবে বৃদ্ধি কৰিব। অসম সমৃদ্ধ সাংস্কৃতিক ঐতিহ্যৰ বাবে পৰিচিত। হস্ততাঁত শিল্প, থলুৱা কাৰুশিল্প আৰু লোকশিল্পৰ মাধ্যমেৰে এই সমৃদ্ধ সাংস্কৃতিক ঐতিহ্য উদ্ভাসিত হৈ পৰে। ইয়াৰ মাজত বহু সামগ্রী গ্রাম্য জনগোষ্ঠীয় আর্থ-সামাজিক কাঠামোৰ সৈতে নিবিড়ভাবে জড়িত হৈ আছে। এতিয়া জিআই টেগ পোৱাৰ লগে লগে এনে সামগ্ৰীসমূহৰ বিনা অনুমতিত অনুকৰণ আৰু অপব্যৱহাৰৰ বিৰুদ্ধে আইনী সুৰক্ষা পাব। লগতে শিল্পী আৰু শিপিনীসকলে উন্নত বজাৰৰ সুবিধা, সমুচিত দাম আৰু সামগ্ৰীৰ ব্যাপক পৰিচিতি লাভ কৰাৰো পথ প্রশস্ত হৈ পৰিব। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল এই পদক্ষেপে ৰাজ্যখনৰ হাজাৰ হাজাৰ গ্ৰাম্য শিল্পী আৰু শিপিনীক উপকৃত কৰাৰ আশা কৰা হৈছে। অসমৰ চাৰিটাকৈ সম্পদে জিআই স্বীকৃতি লাভ কৰাত আনন্দ প্ৰকাশ কৰে মুখ্যমন্ত্ৰীয়ে ৷ এটা পোষ্টত তেওঁ লিখিছে, অসমৰ সমৃদ্ধিৰ আন এক গৌৰৱময় স্বীকৃতিৰে আমি সমৃদ্ধ হ’লোঁ। অসমৰ পৰিচয় স্বৰূপ বিহু পেঁপা, কাৰ্বি আংলং হস্তশিল্প, অসমৰ বাঁহ শিল্প আৰু দেউৰী হস্তশিল্প সামগ্ৰীয়ে ভৌগোলিক সূচকাংক (GI Tag) লাভ কৰাটো আমাৰ চহকী ঐতিহ্য, সৃষ্টিশীলতা আৰু সাংস্কৃতিক বৈচিত্ৰ্যৰ এক সন্মানজনক স্বীকৃতি । এই সাফল্যৰ বাবে জড়িত সকলো শিল্পী আৰু অসমবাসীলৈ আন্তৰিক অভিনন্দন। আহক, এই সাফল্যৰ ধাৰাৰে আমাৰ অনন্য ঐতিহ্যক সুৰক্ষিত ৰাখি বিশ্বমঞ্চত অসমৰ সংস্কৃতিৰ জয়গান অধিক শক্তিশালী কৰি তোলোঁ ।