মাধৱদেৱৰ তিৰোভাৱ তিথি উপলক্ষে
সাম্প্রতিক সমাজ ব্যবস্থাত মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ আধ্যাত্মিক দৰ্শনৰ প্ৰাসংগিকতা:এটি আলোকপাত
নিবেদিতা হাজৰিকা,লখিমপুৰ
অসমীয়া জাতি আৰু সংস্কৃতিৰ প্রাণস্বৰূপ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰধান প্রিয় শিষ্য তথা মানস-পুত্ৰ স্বৰূপ মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱ আছিল একাধাৰে ভক্তি ৰসৰ সাধক, সুগায়ক, নাট্যকাৰ আৰু মহান দার্শনিক। তেওঁৰ আধ্যাত্মিক দৰ্শন কেৱল পুথিগত বা পৰলোকমুখী আছিল নােৱাৰে, ই আছিল বাস্তৱ জীৱনক সুন্দৰ আৰু মৰ্যাদাপূৰ্ণ কৰি গঢ়ি তোলাৰ এক সজীৱ পথ। বর্তমান সময়ৰ অশান্ত, ভোগবাদী আৰু যান্ত্ৰিক সমাজ ব্যৱস্থাত মাধৱদেৱৰ আধ্যাত্মিক চিন্তাৰ প্ৰাসংগিকতা অপৰিসীম।
মাধৱদেৱৰ মূল দৰ্শন আছিল একশৰণ নামধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰ। তেওঁ জাতি-বর্ণ, উচ্চ-নীচ আদি সকলো ভেদাভেদৰ ঊৰ্দ্ধত উঠি মানুহক একেখন মঞ্চত থিয় কৰাইছিল।
প্ৰাসংগিকতা: বৰ্তমান সমাজত জাতি, ধৰ্ম আৰু সম্প্ৰদায়ৰ সংঘাত যেতিয়া বৃদ্ধি পাইছে, ঠিক তেনে সময়ত মাধৱদেৱৰ সৰ্বজনীন ভক্তি আৰু মানৱতাবাদী দৰ্শনে সমাজত একতা আৰু সম্প্রীতি ৰক্ষা কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে।
মাধৱদেৱৰ বিখ্যাত সৃষ্টি ‘নামঘোষা’ হৈছে আধ্যাত্মিক জ্ঞান আৰু ভক্তিতত্ত্বৰ এক অমূল্য ভাণ্ডাৰ। সংসাৰৰ দুখ-তাপ আৰু মানসিক অশান্তি দূৰ কৰিবলৈ নামঘোষাৰ পদসমূহৰ চৰ্চা অত্যন্ত ফলপ্রসূ।
আজিৰ মানুহ মানসিক চাপ, মানসিক অৱসাদ আৰু খৰধৰীয়া জীৱনশৈলীৰ বলি। মাধৱদেৱৰ আধ্যাত্মিক চিন্তাই মানুহক অন্তৰৰ শান্তি বিচাৰি পোৱাত আৰু নৈতিক দিশত সবল হৈ থাকিবলৈ অনুপ্ৰাণিত কৰে।
মাধৱদেৱে তেওঁৰ আচাৰ-ব্যৱহাৰ আৰু জীৱনেৰে দেখুৱাই গৈছে যে মানুহৰ জীৱনত সততা, বিনীত ভাব আৰু নৈতিকতা সৰ্বোপৰি। তেওঁৰ ৰচিত ‘ঝুমুৰা’ আৰু শিশু-উপযোগী ‘বৰগীত’ বোৰত ভক্তিৰ লগে লগে উচ্চ মানৱীয় গুণৰ কথা প্ৰতিফলিত হৈছে।
বৰ্তমান যুৱ প্ৰজন্মৰ মাজত নৈতিক অৱক্ষয় ৰোধ কৰিবলৈ মাধৱদেৱৰ দৰ্শন আৰু তেওঁৰ সৃষ্টিৰাজিৰ চৰ্চা অত্যন্ত জৰুৰী হৈ পৰিছে। ই নতুন প্ৰজন্মক সৎ পথত পৰিচালিত কৰাত সহায় কৰে।
ভক্তিৰ জৰিয়তে আত্ম-উপলব্ধি
মাধৱদেৱে গুৰুৰ প্ৰতি ভক্তি আৰু ঈশ্বৰৰ নামৰ মহিমাক সৰ্বোচ্চ স্থান দিছিল। তেওঁ দেখুৱাইছিল যে জটিল পূজা-পার্বণ বা যাগ-যজ্ঞতকৈ সঁচা অন্তৰৰ ভক্তি আৰু হৰি-নামেই মানুহক মুক্তি দিব পাৰে।
প্ৰাসংগিকতা: আধুনিক ভোগবাদী সমাজত মানুহ যেতিয়া কেৱল বস্তুগত সুখৰ পিছত দৌৰিছে, সেই সময়ত মাধৱদেৱৰ দৰ্শনে আধ্যাত্মিকতাৰ প্ৰকৃত অৰ্থ বুজিবলৈ আৰু নিজৰ আত্মাক চিনি পাবলৈ শিকায়। গুৰু জনাৰ দৰ্শনৰ কেন্দ্ৰবিন্দুৱে হৈছে শৰণ আৰু নাম।শৰণৰ অৰ্থ হৈছে ঈশ্বৰৰ ওচৰত আত্ম সমৰ্পণ।সাধন ভকতি আৰু সিদ্ধি ভকতিৰ মাধ্যমেৰে ঈশ্বৰ প্ৰাপ্তিৰ মাৰ্গ দৰ্শন কৰিবলৈ গুৰুজনাই আমাক আহ্বান জনাইছে।কিয়নো,ঈশ্বৰ প্ৰাপ্তিৰ ইয়েই মুল সাধন।
মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ দৰ্শন আৰু নৱ বৈষ্ণৱ ধৰ্মৰ বাৰ্তাই অসমীয়া সমাজ জীৱনত গভীৰ আৰু সুদূৰ প্ৰসাৰী সু-প্ৰভাৱ পেলাইছে।গুৰু জনাৰ দৰ্শনে মানুহক অন্ধবিশ্বাস ,কু-সংস্কাৰ আৰু বলি-বিধানৰ পৰা মুক্ত কৰি এক সাত্ত্বিক ,পবিত্ৰ আৰু সৰল আধ্যাত্মিক জীৱন কটাবলৈ অনুপ্ৰাণিত কৰে।এক শৰণ হৰিনাম ধৰ্মৰ পৰম তত্ত্ব সমূহ সাধাৰণ মানুহৰ মাজলৈ লৈ গৈ মাধৱদেৱে দিয়া দৰ্শনেৰে আজি অসমীয়া জাতিটোৱে আগুৱাই যোৱাৰ বাবে সাহস আৰু প্ৰেৰণা লাভ কৰি আহিছে। জাত-পাত ,উচ্চ-নীচ ৰ ভেদাভেদ পাহৰি সকলো লোককে ভক্তিৰ অধিকাৰী কৰি তেখেতে সমাজত সমতা আৰু ভাতৃত্ববোধৰ এনাজৰী শক্তিশালী কৰিবলৈ যত্ন কৰিছিল।তেখেতৰ প্ৰধান গ্ৰন্থ ‘নামঘোষা’ ত প্ৰতিফলিত ‘ মুক্তিতো নিস্পৃহ যিটো, সেহি ভকতকো নমো’ -এই দৰ্শনে অহংকাৰ ত্যাগ কৰি নম্ৰতা আৰু ভকতক সন্মান জনোৱাৰ মানসিকতা গঢ়ি তুলিবলৈ পৰামৰ্শ দিছে। তেখেতৰ অমূল্য সৃষ্টি নামঘোষা আৰু ভক্তিৰ বাণীয়ে অজ্ঞানতাৰ আন্ধাৰ দূৰ কৰি আধ্যাত্মিক জ্ঞানৰ আলোকেৰে আলোকিত হ’বলৈ শিকায়। তেখেতৰ দৰ্শনে জাতি-ভেদ আৰু অন্ধবিশ্বাসৰ উৰ্ধত এক ঈশ্বৰ হৰিৰ নামত শ্ৰদ্ধা কৰিবলৈ শিকায় ।তেখেতৰ সৰল অথচ আদৰ্শগত জীৱন শৈলীয়ে সমাজত মানৱতা ,নম্ৰতা তথা নৈতিকতাৰ প্ৰকৃত পাঠ প্ৰদান কৰে।
বাহ্যিক আড়ম্বৰৰ পৰা আতঁৰি সঁচা মনেৰে ঈশ্বৰৰ নাম স্মৰণ আৰু আত্মশুদ্ধিৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰাৰ মূল কাৰণ আছিল মানুহক মানসিক শান্তি প্ৰদান বা লাভ কৰোৱা।মাধৱদেৱৰ ভক্তিমাৰ্গ আৰু নামঘোষাৰ ৰচনা আধ্যাত্মিক চেতনা আজিৰ প্ৰজন্মৰ বাবে এক পথ প্ৰদৰ্শক বুলি ক’ব পাৰি।তেখেতৰ আদৰ্শই সমাজত বিনম্ৰতা সহ ব্যৱহাৰ বৃদ্ধি কৰিব।
মহাপুৰুষ মাধৱদেৱৰ মহান আধ্যাত্মিক আৰু । মানৱতাবাদী দৰ্শন আমাৰ প্ৰত্যেকৰে জীৱনত প্ৰয়োগ কৰিবলৈ শিকা বা প্ৰয়োগ কৰাটো এক সুন্দৰ আৰু ইতিবাচক চিন্তা।এখন বৈষম্য ,ভেদাভেদ হীন সমাজ গঢ়াৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদান কৰা ,অহিংসা আৰু মানৱ প্ৰেমক মূল হিচাপে তথা একশৰণ নাম ধৰ্মত দীক্ষিত হ’বলৈ সকলোকে আহ্বান জনোৱা গুৰু জনাৰ দৰ্শন কেৱল তাত্ত্বিক নাছিল, ই আছিল মানৱ সমাজক সাত্বিক আৰু পবিত্ৰ পথলৈ চালিত কৰাৰ এক জীৱন্ত প্ৰয়াস। ‘মুক্তিত কৰি ভকতি শ্ৰেষ্ঠ’- মাধৱদেৱৰ এই বাণীৰ দৰেই, আহক আমি কোনো স্বাৰ্থ বা ফলৰ আশা নকৰি সমাজৰ বাবে নিঃস্বাৰ্থ ভাবে কৰ্ম কৰি যাওঁ।
