সাধু কথাৰ শিশুৰ জীৱনৰ প্ৰয়োজনীয়তা
ভাস্কৰ প্ৰিয়ম হাজৰিকা
কৰচুং সত্ৰ ,নগাঁও, অসম
সাধু কথা” — এই দুটি শব্দ উচ্চাৰিত হোৱাৰ লগে লগে আমাৰ মনৰ আকাশত শৈশৱৰ বহু স্নিগ্ধ স্মৃতি ভাঁহি উঠে। নিস্তব্ধ নিশাৰ কোমল পৰিৱেশত আইতাৰ স্নেহময় কোলাত বহি শুনা ডালিম কুঁৱৰী, তেজীমলা, বেউলা-লক্ষীন্দৰ বা ৰূপকোঁৱৰৰ অলৌকিক কাহিনীবোৰে আজিও আমাৰ হৃদয়ত এক মধুৰ কম্পন তোলে। সাধু কথা কেৱল মনোৰঞ্জনৰ উপাদান নহয়; ই হৈছে জ্ঞানৰ দীপশিখা, নৈতিকতাৰ পথপ্ৰদৰ্শক, সংস্কৃতিৰ বাহক আৰু জীৱন গঢ়াৰ অনন্য মাধ্যম।
সাধুকথা অসমীয়া সাহিত্যৰ এটা বিশিষ্ট বিভাগ। সাধুকথাবোৰ সাধাৰণতে এক অনিৰ্দিষ্ট ৰূপৰ এক লোক-কথা। কিন্তু এইবোৰত এটা সজ নীতি কথা থাকে আৰু সেয়ে হয়তো এইবোৰ লোক-কথাক অসমীয়াত সাধুকথা বোলা হয়। সাধুকথাবোৰৰ স্থিৰ ৰূপ এটা নাই, সাধু কওঁতাই নিজৰ অভিৰুচি আৰু সামৰ্থ অনুসাৰে তাক বৰ্ণাই যায়।
অসমৰ সাধুকথাৰ ভড়াল যথেষ্ট চহকী। এইবিলাকৰ কিছুমান অসমীয়াত আৰু বাকীবিলাক কছাৰী, ৰাভা, মিকিৰ আদি জনজাতীয় ভাষাত ৰচিত। কিছুমান লেখত লবলগীয়া সাধু অসমৰ সকলো অধিবাসীৰ মাজতে সমানে প্ৰচলিত।
অসমৰ সাধুবোৰক থলুৱা, সংস্কৃতৰ পৰা অহা আৰু বিদেশী- এই তিনিভাগত ভগাব পাৰি। থলুৱা সাধুবোৰৰ কাহিনী অসম অঞ্চলৰ; সংস্কৃতৰ পৰা অহা সাধুবোৰ হ’ল হিতোপদেশ, পঞ্চতন্ত্ৰ আদি আৰু কিছুমান সাধুৰ মূল কাহিনী মধ্য এছিয়া বা ইউৰোপৰ কাহিনীৰ সৈতে মিলে।
সাধু কথাই শিশুমনৰ মানসিক আৰু বৌদ্ধিক বিকাশত অপৰিসীম সহায় আগবঢ়ায়। শিশুৰ মন কেঁচা মাটিৰ দৰে কোমল আৰু গ্ৰহণক্ষম। সাধুৰ প্ৰতিটো ঘটনাই শিশুমনত কল্পনাৰ নান্দনিক জগত গঢ়ি তোলে। যেতিয়া কোৱা হয় “এখন ঘন অৰণ্য আছিল” বা “এজন সাহসী ৰাজপুত্ৰে দৈত্যৰ লগত যুদ্ধ কৰিলে”, তেতিয়া শিশুমনে নিজে নিজে সেই দৃশ্যৰ ছবি আঁকি লয়। এই কল্পনাৰ ব্যায়ামে শিশুৰ সৃষ্টিশীলতা, চিন্তাশক্তি আৰু বুদ্ধিমত্তা বিকশিত কৰে।
সাধু কথা হৈছে নৈতিক শিক্ষা আৰু চৰিত্ৰ গঠনৰ মহৌষধ। প্ৰায় সকলো সাধুতেই সত্যৰ জয় আৰু অসত্যৰ পৰাজয় প্ৰতিফলিত হয়। অন্যায়, লোভ, মিছা, অহংকাৰ আদিৰ পৰিণতি কিমান ভয়ংকৰ, আৰু সততা, পৰিশ্ৰম, দয়া, সাহস আদি গুণ কিমান মহৎ সেই শিক্ষা সাধুৰ মাজেৰে সহজেই লাভ কৰা যায়। লক্ষ্মীনাথ বেজবৰুৱাৰ বুঢ়ী আইৰ সাধু অসমীয়া সমাজত এই নৈতিক বোধ জাগ্ৰত কৰাৰ এক উজ্জ্বল নিদৰ্শন।
সাধু কথাই ভাষাৰ বিকাশ আৰু প্ৰকাশভংগীৰ উৎকৰ্ষ সাধন কৰে। সাধু শুনাৰ ফলত শব্দভাণ্ডাৰ সমৃদ্ধ হয়, বাক্য গঠনৰ কৌশল আয়ত্ত হয় আৰু ভাষাৰ সুৰ, মাধুৰ্য আৰু অলংকাৰৰ প্ৰতি জ্ঞান জন্মে। শিশুৱে সাধুৰ মাজেৰে নতুন শব্দ, জতুৱা ঠাঁচ আৰু উপমা-অলংকাৰ সহজে শিকে। ফলত তেওঁলোকৰ কথা কোৱাৰ শৈলী স্পষ্ট, সুশৃঙ্খল আৰু মনোগ্ৰাহী হৈ উঠে।
সাধু কথা হৈছে সংস্কৃতি আৰু ঐতিহ্যৰ জীৱন্ত ভঁৰাল। আমাৰ সমাজৰ লোকবিশ্বাস, কৃষিজীৱন, নৈ-অৰণ্যৰ সৈতে সম্পৰ্ক, সামাজিক ৰীতি-নীতি, আশা-আকাংক্ষা আদি বহু বিষয় সাধুৰ মাজত প্ৰতিফলিত হৈ থাকে। এই মৌখিক সাহিত্যৰ ধাৰাই এক প্ৰজন্মৰ পৰা আন প্ৰজন্মলৈ আমাৰ ঐতিহ্য কঢ়িয়াই নিয়ে। সাধুৰ চৰ্চা নাথাকিলে জাতিৰ শিপা লাহে লাহে শুকাই যায়।
সাধু কথাই ধৈৰ্য, একাগ্ৰতা আৰু মনোযোগ বৃদ্ধি কৰে। আধুনিক যুগত মানুহ চুটি ভিডিঅ’ আৰু ক্ষণস্থায়ী বিনোদনত অভ্যস্ত হৈ পৰিছে। এনে সময়ত দীঘলীয়া সাধু মন দি শুনাটো একাগ্ৰতাৰ অনুশীলন। ই মনক স্থিৰ কৰে, চিন্তাক গভীৰ কৰে আৰু ধৈৰ্যৰ মূল্য বুজায়।
সাধু কথা আৱেগিক বন্ধন আৰু মানসিক শান্তিৰো উৎস। আইতা, দেউতা, মাক বা পৰিয়ালৰ জ্যেষ্ঠজনে যেতিয়া সন্তানক সাধু কয়, তেতিয়া হৃদয়ৰ মাজত এক নিবিড় আত্মীয়তা গঢ় লৈ উঠে। ব্যস্ত জীৱনৰ ক্লান্তি দূৰ কৰি এই মুহূৰ্তবোৰে মানসিক প্ৰশান্তি আনে। সাধু শুনা যেন এক মধুৰ চিকিৎসা, যি মনৰ বিষাদ আঁতৰাই হৃদয়ত আনন্দ সৃষ্টি কৰে।
সাধু কথা কেৱল শিশুৰ খেল-ধেমালিৰ বিষয় নহয়; ই হৈছে সমাজ গঢ়াৰ, মন গঢ়াৰ আৰু জাতি গঢ়াৰ এক মহৎ শক্তি। আজিৰ যান্ত্ৰিক যুগত আমি মোবাইলৰ পৰ্দাৰ পৰা চকু আঁতৰাই আকৌ এবাৰ সাধুৰ সেই মায়াময় জগতখনলৈ উভতি যাব লাগিব। নিজে সাধু পঢ়ো, আনকো শুনাওঁ, নতুন প্ৰজন্মৰ হাতত এই অমূল্য ঐতিহ্য সমৰ্পণ কৰোঁ। কিয়নো, যিখন সমাজত সাধু কোৱা মানুহ নাথাকে, সেই সমাজৰ কল্পনাশক্তি, নৈতিকতা আৰু সংস্কৃতি ধীৰে ধীৰে নিঃশেষ হৈ যায়। বতৰ্মান সময়ত মবাইল এইবোৰে শিশুসকলক সাধু কথা জগতৰ পৰা বহু দূৰলৈ আঁতৰাই নিছে। সাধু কথাই একোজন শিশুক সদব্যৱহাৰ , শিষ্টাচাৰৰ লগতে তত্ত্বগধুৰ জ্ঞান আহৰণ কৰাত সহায় কৰে।
