হৰতাল – জিণ্টু চাংমাই

Pc Shutterstock

হৰতাল

জিণ্টু চাংমাই
গেন্ধালী মাজৰআটি,নগাঁও

মেলত বহা শেলেঙী কথাত
উজান উঠিছে হাততালি,
খৰখেদাকৈ আগবাঢ়িছে কথা
জেপত যিহেতু বহু টকা।

কথাই কথাই শলাগ লোৱা মুখখন
চেহেৰা বোৰ অপ্ৰিয়,
নীলা শিয়ালক ৰজা পাতি
ৰতনপুৰ এতিয়া জীৱনৰ হিচাপত ব্যস্ত।

হয়টো;
মুখখন আছে বাবে কথাৰ প্ৰয়োজন
হাত দীঘল হোৱা মানেই হাটৰ মিতিৰালি,
প্ৰয়োজন সাপেক্ষে আপোনাৰ বহু ওজন ।

কিন্তু
চকুত চকু থৈ হৰতাল কৰিবলৈ
সৎ সাহসেৰে কথাবোৰ কবলৈ,

ক’লেই যেনিবা কথাবোৰ…!

আপত্তিৰ নিষ্পত্তি হ’বলৈ
ওপঙি থকা পানী টকাৰ সন্মুখত
আপোনাৰ কথাটোৰ কিমান ওজন?