কবিতাৰ বয়স হৈছে
আয়শা ছিদ্দিকা (আছৰি)
বাংলিপাৰা, বৰপেটা
শুনিছোঁ কবিতাই হেনো বিপ্লৱ আনি
পুৰণি সমাজ উফৰাই নতুনত্ব বিয়পাব পাৰে।
অন্ধবিশ্বাস মষিমূৰ কৰি এক নতুন উদ্যমেৰে
নতুন চিন্তা ধৰাৰ বীজ ৰোপণ কৰিব পাৰে।
সলনি কৰিব পাৰে শোষণকাৰী সাম্ৰাজ্য
ন্যায় দিব পাৰে লাঞ্চিত বঞ্চিত প্ৰজাক।
শুনিছোঁ কবিতাই হেনো প্ৰেম শিকায়
দুটা বিপৰীত দিশক সান্নিধ্যলৈ লৈ আহে ।
য’ত দেখা নহয় জাত-পাত,বৰ্ণ-ধৰ্ম ,উচ্চ-নীচ
একতাৰ পাঠ পঢ়াই পঢ়াই মানৱতা গঢ়ে ।
প্ৰকৃতি, সমাজ সকলোকে একেলগে লগত লৈ
অনাগত নতুন ভৱিষ্যতলৈ খোজ দিয়ে।
কিন্তু…..
কিন্তু আজি জানো আছে কবিতাৰ সেই ক্ষমতা
নে সময়ৰ স্ৰোতত গা উজাই দি পাহৰিছে
ভটিয়াই যোৱাৰ সেই পুৰনি কলা-কৌশল।
নে সমাজ পৰিৱৰ্তন কৰি, বিপ্লৱৰ প্ৰভাৱ সহ্য কৰি
ভাগৰি জিৰণি লৈছে অমানৱীয় সাম্ৰাজ্যৰ ছায়াত।
হ’ব পাৰে মাত মাতিবলৈ, প্ৰতিবাদ কৰিবলৈ
লাগতীয়াল শক্তি আৰু সাহস
নোহোৱা হৈছে দুৰ্বল বাহুখিনিত
কাৰণ কবিতাৰ বয়স হৈছে ।
শেষ নিশ্বাস ত্যাগ কৰিবলৈ আৰু মাথোঁ
কিছুপৰ হে বাকী।
অসুস্থ কবিতাক আজি চাগে
স্বাৰ্থন্ধতাৰ বীজাণুয়ে জুৰুলা কৰিছে বৰ বেয়াকৈ।
শয্যাশায়ী অৱস্থাত আৰু কাৰনো হিতৰ কথা
চিন্তা কৰিব পৰাৰ মানসিকতা বাকী থাকে।
কবিতাৰ বয়স হৈছে
সেয়ে নিজৰ সুসাধ্যতা হেৰুৱাই
নি:স্ব হৈছে কবিতা ।
