দেউতাৰ দৰে হ’বলৈ..
পংকজ দাস, গহপুৰ ,বিশ্বনাথ
দেউতাৰ হোৱাৰ কিমান কষ্টকৰ
দেউতাৰ হোৱা সকলেহে জানে
সেই সকলক সোধক
দেউতাৰ হ’বলৈ
ক’ত কি কৰিছিল
জীৱন কি সেইজনক সোধক
সংগ্ৰাম কি সেইজনক সোধক
ৰ’দত জ্বলি নিজেই ছায় হৈ
ঘামত তিতি জুৰুলি জুপুৰি হৈ
দুবেলা দুমুঠি নিজেই নাখায়
অনাহাৰে থকা জনক সোধক
দেউতাৰ হ’বলৈ
কি কৰিব লাগে
জীৱন যুঁজত হাৰ নমনা জনক সোধক
মুখত হাঁহি পেটত একোৱা জুইলৈ
কেনেকৈ সহিব পাৰে
সংসাৰৰ ভাৰ
গাত ৰ’দ নপৰা
আৰু গাত বৰষুণ নপৰা
জনক সোধক
দেউতাক হোৱাৰ যন্ত্ৰণা
দেউতাৰ দৰে হ’বলৈ
সাত জনম ললেও
দেউতাৰ দৰে হ’ব নোৱাৰিম ছাগৈ।
