এটা জিয়া শিল  – শৰৎ দাস

এটা জিয়া শিল
                        শৰৎ দাস, গহপুৰ। 
এটা প্ৰকাণ্ড
জিয়া শিল
ওৰে জীৱন
বুকুত বান্ধি
লৈ ফুৰিছে
তেওঁ
কোনো দিনেই
 অনুভৱ নকৰা
বোজা বোৰ
কেতিয়াবা গোট মাৰি
বৰফ হয়
বুকুৰ মাজত
কেতিয়াবা
প্ৰখৰ তাপত
গলি বৈ আহে
হৃদয়ৰ মাজেৰে
জীয়াই থকাৰ হেঁপাহতেই
বুকুত বান্ধি
লৈ ফুৰিব লগা হ‌য়
অসহনীয় বোজাবোৰ
দুখ অথবা সুখৰ
সংজ্ঞা বুজি নোপোৱা
জিয়া শিলটোৱে
কেতিয়াবা মৌনতাৰে
কথা পাতে