সম নাগৰিক সংহিতা ( UCC, Uniform Civil Code) এটি পৰ্যালোচনা
নাছিৰ আহমেদ,শিমলাবাৰী, গোৱালপাৰা
সম নাগৰিক সংহিতা হ’ল , এনে এক দেৱানী আইন ( Civil Law), যাৰ অধীনত ধৰ্ম-জাতি-বৰ্ণ- নিৰ্বিশেষে দেশৰ সকলো নাগৰিকৰ বাবে বিবাহ, বিবাহ বিচ্ছেদ, সম্পত্তিৰ অধিকাৰ আৰু উত্তৰাধিকাৰৰ ক্ষেত্ৰত একেখন আইন প্ৰযোজ্য হ’ব।
বিজেপি শাসিত কেন্দ্ৰীয় চৰকাৰে শাসনাধিষ্ট হৈয়েই দেশৰ ভিতৰত একেখন ফৌজদাৰী আইন (Criminal law) থকাৰ দৰে একেখন দেৱানী আইন সংলগ্ন কৰি সম নাগৰিক সংহিতা (Uniform Civil Code) প্ৰৱৰ্তন কৰিবলৈ দৃঢ় প্ৰতিজ্ঞ হৈছে।
ইতিমধ্যে উত্তৰাখণ্ড ৰাজ্যৰ বিধানসভাত ২০২৪ চনৰ ৮ মাৰ্চত এই আইনখন প্ৰৱৰ্তন কৰে। বিজেপি শাসিত আমাৰ অসমৰ ৰাজ্যৰ চৰকাৰে ২০২৬ চনৰ ২৫ মে’ তাৰিখে বিধানসভাত এই সম নাগৰিক সংহিতা বিধেয়কখন উত্থাপন কৰে । আৰু ২৭ মে’ তাৰিখে গৃহীত কৰি লয়।অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম চৰকাৰে এই সম নাগৰিক সংহিতাৰ জৰিয়তে থুলমূল ভাৱে বহু বিবাহ, বাল্যবিবাহ প্ৰথা ৰোধ কৰিব বিচৰা হৈছে। ল’ৰা ছোৱালীৰ বিয়াৰ বয়স ন্যূনতম ২১ বছৰ আৰু মাক-দেউতাকৰ সম্পত্তিৰ অধিকাৰ ল’ৰা ছোৱালীৰ মাজত সমপৰিমাণৰ কৰিব বিচৰা হৈছে। বিয়াৰ ক্ষেত্ৰত পঞ্জীয়ন বাধ্যতামূলক আৰু লিভ ইন টুগেদাৰ আইনতঃ অবৈধ বুলি ঘোষণা কৰা হৈছে।
অৱশ্যে একমাত্ৰ গোৱা ৰাজ্যত এই সম নাগৰিক সংহিতা আইনখন ১৮৬৭ চনৰ পৰ্টুগীজ নাগৰিক সংহিতা (Portuguese Civil Code of 1867) ৰ ওপৰত আধাৰিত। ১৯৬১ চনত গোৱা স্বাধীনতা লাভ কৰাৰ পিছতো ভাৰত চৰকাৰে এই পুৰণি পৰ্টুগীজ আইনখন ৰাজ্যত বাহাল ৰাখে। এই আইন অনুসৰি বিবাহৰ পিছত স্বামী-স্ত্ৰী দুয়ো মিলি সম্পত্তিৰ যুটীয়া মালিক হয় । বিবাহ বিচ্ছেদ হ’লেও সম্পত্তিৰ ভাগ দুয়োজনেই সমান ভাৱে লাভ কৰে।
গোৱাত বিবাহ পঞ্জীয়ন কৰাটো বাধ্যতামূলক।
ইয়াত সকলো ধৰ্মৰ মানুহৰ মাজত বহু বিবাহ নিষিদ্ধ। পঞ্জীয়নভুক্ত বিবাহত এজন মুছলমান পুৰুষে একাধিক ভাৱে বিবাহ কৰিব নোৱাৰে বা মৌখিকভাৱে তালাক দিব নোৱাৰে। অৱশ্যে কিছুমান বিশেষ ক্ষেত্ৰত এজন হিন্দু পুৰুষৰ বাবে সীমিত বহু বিবাহৰ ব্যৱস্থা ৰখা হৈছে।
এতিয়াও ভাৰতৰ বেছিভাগ ৰাজ্যত সম নাগৰিক সংহিতা প্ৰচলন হোৱা নাই। তাৰ পৰিৱৰ্তে বৰ্তমানলৈকে ভাৰতত বিভিন্ন ধৰ্মাৱলম্বী লোক সকলৰ মাজত বিবাহ সংক্ৰান্ত আৰু সম্পত্তিৰ অধিকাৰ সম্পৰ্কে নিজা আইন বা ব্যক্তিগত আইন (Personal Law) প্ৰচলিত হৈ আছে। এই প্ৰচলিত ব্যক্তিগত আইন প্ৰথম বৃটিছ চৰকাৰে মূলতঃ হিন্দু আৰু মুছলমান নাগৰিকসকলৰ বাবে প্ৰচলন কৰিছিল।
বৃটিছ শাসকসকলে বিভিন্ন ধৰ্মীয় সম্প্ৰদায়ৰ নেতাসকলৰ বিৰোধিতা কৰাৰ আশঙ্কা কৰি তেওঁলোকৰ পাৰিবাৰিক ক্ষেত্ৰত হস্তক্ষেপ কৰাৰ পৰা
বিৰত আছিল। ভাৰতে স্বাধীনতা লাভ কৰাৰ পিছত হিন্দু কোড বিল প্ৰৱৰ্তন কৰা হয়, যিয়ে ভাৰতীয় ধৰ্মৰ ভিতৰত বৌদ্ধ, হিন্দু, জৈন আৰু শিখ ধৰ্মাৱলম্বী লোকসকলৰ মাজত বিভিন্ন সংখ্যাত ব্যক্তিগত আইন সংশোধন আৰু সংস্কাৰ কৰা হয়। আৰু খ্ৰীষ্টান, মুছলমান আৰু পাৰ্ছী সকলৰ বাবেও হিন্দু, বৌদ্ধ, জৈন, শিখ আদি ধৰ্মৰ পৰা পাৰ্থক্য বজাই ৰাখি পৃথক সম্প্ৰদায় হিচাপে চিহ্নিত কৰি তেওঁলোকৰ বাবে পৃথক ব্যক্তিগত আইন প্ৰযোজ্য কৰা হয়।
পৰৱৰ্তী সময়ত আমাৰ স্বাধীন ভাৰতত কিছুমান ঘটনা-পৰিক্ৰমাই এই বিভিন্ন ধৰ্মাৱলম্বী লোক সকলৰ মাজত প্ৰচলিত থকা ব্যক্তিগত আইনৰ বিষয়ে দেশৰ নাগৰিকৰ মাজত নানা প্ৰশ্নৰ অৱতাৰণা হৈছে। এই আইনসমূহৰ কিছু সীমাবদ্ধতাও অনুভূত হৈছে। বিশেষকৈ তলত উল্লেখ কৰা কেইবাটাও মোকৰ্দমাৰ ধাৰাই নাগৰিকসকলৰ বাবে সম নাগৰিক সংহিতাৰ প্ৰয়োজনীয়তা অনুভৱ হৈছে।
যেনে:- ১৯৮৫ চনৰ ছাহ বানু মামলা:- ১৯৬৮ চনত ৬৮ বছৰ বয়সী মুছলমান তিৰোতা ছাহ বানু বেগমে তেওঁৰ স্বামীৰ দ্বাৰা তালাকপ্ৰাপ্ত হোৱাৰ পিছত ফৌজদাৰী কাৰ্যবিধিৰ ( বৰ্তমান ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা,২০২৩)১২৫
ধাৰাৰ অধীনত ভৰণ-পোষণৰ বাবে আবেদন কৰিব পাৰে। তেওঁৰ স্বামীয়ে মুছলিম ব্যক্তিগত আইন অনুসৰি কেৱল ইদ্দতকাল ( তালাকৰ পিছত তিনি মাহ লৈকে) ভৰণ-পোষণ দিবলৈ ৰাজী হোৱাত ছুপ্ৰিম কোৰ্টৰ পাঁচ বিচাৰপতিৰ এক সাংবিধানিক বেঞ্চে(১৯৮৫) মুছলিম ব্যক্তিগত আইন নস্যাৎ কৰি ছাহ বানু বেগমৰ পক্ষে ৰায় দিয়ে আৰু ফৌজদাৰী কাৰ্যবিধিৰ ১২৫ ধাৰাক মুছলিম নাৰীসহ সকলোৰে বাবে প্ৰযোজ্য এটি ধৰ্মনিৰপেক্ষ আইন হিচাপে ঘোষণা কৰে।
কিন্তু মুছলিম ধৰ্মগুৰু সকলৰ প্ৰতিবাদত চৰকাৰে মুছলিম নাৰী ( তালাকৰ অধিকাৰ সুৰক্ষা) আইন ১৯৮৬ মতে স্বামীৰ দায়িত্ব ইদ্দতকালৰ মাজত সীমাবদ্ধ ৰাখে আৰু দীৰ্ঘকালীন ভৰণ-পোষণৰ দায়িত্ব মহিলাৰ আত্মীয় বা ওয়াকফ বোৰ্ডৰ ওপৰত স্থানান্তৰিত কৰে।
ডেনিয়েল লতিফি ( ছাহ বানুৰ আইনজীৱী )মামলা, ২০০১য়ে ১৯৮৬ চনৰ আইনটিৰ বৈধতাক চেলেঞ্জ কৰাৰ ফলত পুনৰাই ছাহ বানু ৰায়ৰ মূল চেতনা অক্ষুণ্ণ ৰাখি স্ত্ৰীৰ ভৱিষ্যৎ প্ৰয়োজন ৰক্ষাৰ্থে স্বামীক ইদ্দতকালীন সময় এককালীল অৰ্থ প্ৰদান কৰিবলৈ পৰামৰ্শ দিয়ে।
মহম্মদ আব্দুল ছামাদ বনাম তেলেঙ্গানা ৰাজ্য মামলা, ২০২৪ ৰ ছুপ্ৰিম কোৰ্টৰ ৰায় মতে ১৯৮৬ চনৰ ৰায়টি ফৌজদাৰী কাৰ্যবিধিৰ ১২৫ ধাৰাক বাতিল নকৰি অক্ষুণ্ণ ৰাখে ; যাৰ ফলত তালাকপ্ৰাপ্ত মুছলিম মহিলাসকলে উভয় আইনৰ যিকোনো এটি বা উভয় আইনৰ অধীনত ভৰণ-পোষণৰ দাবী কৰিব পাৰিব।
সৰলা-মুদগুল মামলা,১৯৯৬ :- এই আইন মতে ধৰ্মান্তৰিত হোৱা আৰু বহু বিবাহৰ দৰে সংবেদনশীল বিষয়বোৰ উত্থাপন কৰি অভিন্ন দেৱানী আইনৰ ওপৰত গুৰুত্ব দিয়ে।
লিলি থমাছ বনাম ইউনিয়ন অফ ইণ্ডিয়া মামলা,২০১৩ :- দ্বিতীয় বিবাহক আইনতঃ বৈধ কৰাৰ বাবে অন্য ধৰ্মত ধৰ্মান্তৰিত হোৱাৰ বিষয়ে আলোচনা কৰে। ভাৰতৰ অধিকাংশ ব্যক্তিগত আইন আইন , যাৰ ভিতৰত ১৯৫৫ চনৰ হিন্দু বিবাহ আইন আৰু বিভিন্ন ধৰ্মৰ বাবে প্ৰযোজ্য অন্যান্য ব্যক্তিগত আইন অন্তৰ্ভুক্ত, অনুযায়ী দ্বিতীয় বিয়া নিষিদ্ধ। এই দ্বিতীয় বিয়া আইন এৰাই চলিবলৈ ধৰ্মান্তৰৰ অপব্যৱহাৰৰ বিষয়টি মোকাবিলা কৰি ছুপ্ৰিম কোৰ্টে ৰায় প্ৰদান কৰে যে, কোনো এজন হিন্দু পুৰুষৰ হিন্দু নিয়ম মতে বৰ্তমান বৈধ পত্নী থাকিলে ইছলাম ধৰ্ম বা বেলেগ ধৰ্ম গ্ৰহণ কৰিলেও দ্বিতীয় বিবাহ অবৈধ বুলি গণ্য কৰা হ’ব। উক্ত হিন্দু পুৰুষজনে দ্বিতীয় বিবাহ কৰাৰ অজুহাতত ইছলাম ধৰ্মত ধৰ্মান্তৰিত হৈ দ্বিতীয় বিবাহ আইনক ভেঙুচালি কৰাৰ অপৰাধত তেওঁৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ( আইপিসি) ৪৯৪ আৰু ৪৯৫ ধাৰাৰ অধীনত দ্বিতীয় বিবাহৰ বাবে মামলা কৰা যাব পাৰে।
ছায়ৰা বানু মামলা,২০১৭ :- ছুপ্ৰিম কোৰ্টে তিনি তালাকক অসাংবিধানিক বুলি ঘোষণা কৰি বাতিল কৰি দিয়ে ; যাৰ ফলস্বৰুপে মুছলিম মহিলা ( বিবাহ অধিকাৰ সুৰক্ষা) আইন,২০১৯ প্ৰণয়ন হয় ; যিয়ে তাৎক্ষণিক তালাক ( তালাক ই বিদ্দাত) অপৰাধ হিচাপে গণ্য কৰা হয়।
জন বল্লমাট্টম মামলা, ২০০৩ :- ছুপ্ৰিম কোৰ্টৰ ৰায় মতে খৃষ্টান ব্যক্তিগত আইনৰ মাজত থকা নানা বৈষম্যমূলক ধাৰাক ৰোধ কৰি সম নাগৰিক সংহিতাৰ প্ৰয়োজনীয়তা অনুভৱ কৰে।
ছবনম হাছমী মামলা,২০১৪:- ইছলামিক ব্যক্তিগত আইনৰ অধীনত থকা কিশোৰ ন্যায় আইন বা শিশু সুৰক্ষা আৰু অধিকাৰ আইনক সংশোধনীৰ যোগেদি সম নাগৰিক সংহিতাক গ্ৰহণ কৰিবলৈ পৰামৰ্শ প্ৰদান কৰে।
এনে ধৰণে ছাহ বানু মামলা আৰু পৰৱৰ্তী আইনসমূহে ভাৰতৰ ব্যক্তিগত আইন আৰু সাংবিধানিক সমতাৰ মাজত থকা দ্বন্দ্বক উন্মোচিত কৰে। ৰাজনৈতিক বাধা সত্ত্বেও ন্যায়ালয়সমূহে নাৰীসকলৰ ভৰণ-পোষণৰ অধিকাৰক বাহাল ৰাখিছে ; যিয়ে ধৰ্মনিৰপেক্ষতা, লিংগ- ন্যায় বিচাৰ আৰু অভিন্ন দেৱানী আইনৰ পোষকতা কৰে।
ভাৰতৰ সংবিধানৰ ৪৪ অনুচ্ছেদ মতে ড° বি আৰ আম্বেদকাৰে সম নাগৰিক সংহিতাক সংবিধানৰ প্ৰস্তাৱনাত সংলগ্ন কৰা সত্ত্বেও বিভিন্ন ধৰ্মৰ প্ৰবক্তা , বিৰোধী ৰাজনৈতিক দলসমূহ আৰু বিভিন্ন সংখ্যলঘু সংগঠকসকলে ইংৰাজ আমলৰ পৰা প্ৰচলিত ধৰ্মীয় আইনসমূহৰ পৰিৱৰ্তে কেইবাটাও কাৰণত সম নাগৰিক সংহিতা গ্ৰহণ কৰিবলৈ সাজু হোৱা নাছিল।
তেওঁলোকৰ মতে, সম নাগৰিক সংহিতাই ভাৰতৰ সংবিধানে প্ৰদান কৰা ধৰ্ম পালন কৰাৰ স্বাধীনতা ( অনুচ্ছেদ ২৫-২৮) আৰু বৈচিত্ৰ্যৰ নীতি উলংঘন হোৱাৰ আশংকা কৰে।
ভাৰতবৰ্ষত বসবাস কৰা বিভিন্ন ধৰ্ম-জাতি-বৰ্ণ- সম্প্ৰদায়ৰ মাজত থকা বিভিন্ন ৰীতি-নীতি, আচাৰ-অনুষ্ঠান আৰু সংস্কৃতিৰ বিভিন্নতাৰে সমন্বয় এই বৈচিত্ৰময় পৰম্পৰাসমূহক এই সম নাগৰিক সংহিতাই বিনষ্ট সাধন কৰাৰ আশঙ্কা নুই কৰিব নোৱাৰি।
বিভিন্ন ধৰ্মাৱলম্বী সকলৰ মাজত থকা ব্যক্তিগত আইন (বিবাহ পদ্ধতি, বিবাহ বিচ্ছেদ, সম্পত্তিৰ অধিকাৰ, উত্তৰাধিকাৰ আইন, সন্তান দত্তক লোৱা আদি বিভিন্ন ধৰণৰ নিয়ম-নীতি প্ৰচলিত হৈ আছে। আৰু সেইবোৰ নিয়ম-নীতিৰ লগত ধৰ্মীয় বিশ্বাস, ধৰ্মীয় সংস্কাৰ আৰু ধৰ্মগ্ৰন্থৰ প্ৰভাৱ বিদ্যমান। গতিকে সম নাগৰিক সংহিতাৰ নামত এই ধৰ্মীয় আইনসমূহ পৰিৱৰ্তন কৰাৰ পৰিৱৰ্তে সুৰক্ষিত কৰাৰ পোষকতা কৰে।
আনহাতে ভাৰতৰ বিভিন্ন জনজাতিৰ (Tribals) লোকসকলৰ সমাজ ব্যৱস্থা হ’ল মাতৃ প্ৰধান । তেওঁলোকৰ জীৱন ধাৰণৰ প্ৰণালী সম্পূৰ্ণ বেলেগ। সেয়ে এই খিলঞ্জীয়া তথা জনজাতীয় সংগঠনৰ মতে সকলো সম্প্ৰদায়ৰ মাজত এই আইন প্ৰয়োগ কৰিলে তেওঁলোকৰ স্বকীয় পৰম্পৰা, ৰীতি-নীতি আৰু সংস্কৃতিৰ ওপৰত প্ৰভাৱ পৰি পৰিচয়ৰ সংকটত পৰাৰ আশংকা আছে । মূল্যবৃদ্ধি, নিবনুৱা সমস্যা আদিকে এশ এবুৰি জলন্ত সমস্যাৰ পৰা দৃষ্টি আতঁৰাবলৈ শাসকীয় দলে ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত ভাৱে এই সম নাগৰিক সংহিতা বিধেয়ক খন আনিব বিচাৰিছে বুলি সন্দেহ কৰা হয়। সম নাগৰিক সংহিতা প্ৰৱৰ্তন কৰাৰ বিৰোধিতা কৰা দলসমূহে ভাৱে যে, এই আইনখন সংবিধান বিৰোধী, গণতন্ত্ৰৰ পৰিপন্থী আৰু সমাজত বৈষম্য সৃষ্টি কৰা উত্তেজক শক্তি। গতিকে কোনোপধ্যে দেশৰ নাগৰিকৰ মৌলিক অধিকাৰ খৰ্ব কৰা এই সম নাগৰিক সংহিতাক গ্ৰহণ কৰিব নোৱাৰি। কাৰণ, আমাৰ দেশ ভাৰতবৰ্ষৰ মূল মন্ত্ৰই হ’ল বৈচিত্ৰ্যৰ মাজত ঐক্য ।
অৱশ্যে ,এই ক্ষেত্ৰত এটি কথা উনুকিয়াব পাৰি যে, বিভিন্ন ধৰ্মৰ প্ৰবক্তা সকলে একেবাৰে ৰক্ষণশীল মনোভাৱ গ্ৰহণ নকৰি বৰ্তমান যুগৰ লগত খাপ খোৱাকৈ ধৰ্মীয় আইনসমূহ কিছু সংস্কাৰ কৰাৰ প্ৰয়োজনীয়তা একেবাৰে নুই কৰিব নোৱাৰি। আনহাতে, বৰ্তমান বিজেপি শাসিত কেন্দ্ৰীয় তথা ৰাজ্যিক চৰকাৰসমূহে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ হিন্দুত্ববাদী সাম্প্ৰদায়িক ধাৰণাৰ ওপৰত নিৰ্ভৰশীল হৈ ভাৰতৰ নাগৰিকৰ ওপৰত বলপূৰ্বক ভাৱে সম নাগৰিক সংহিতা প্ৰৱৰ্তন নকৰি নীতিসন্মত ভাৱে দেশৰ সকলো সচেতন বুদ্ধিজীৱী, সমাজ সংস্কাৰক, দাৰ্শনিক, ধৰ্মগুৰু সকলক লৈ আলোচনা-বিলোচনাৰ মাজেৰে এটি ঐক্য জনমত(Plebiscite )গঠন কৰাৰ পিছতহে আগৰে পৰা প্ৰচলিত ধৰ্মীয় ব্যক্তিগত আইনসমূহ সংশোধনৰ জৰিয়তে সম নাগৰিক সংহিতা প্ৰৱৰ্তন কৰা বিধিসন্মত হ’ব।
