কবিতা বেয়া পাওঁ বুলি নক’বা – হেৰম্ব নাথ

Pc Medium

কবিতা বেয়া পাওঁ বুলি নক’বা

হেৰম্ব নাথ

মোক বেয়া পাওঁ বুলি ক’
কিন্তু কবিতা বেয়া পাওঁ বুলি নক’বা
কবিতা কোনেও নপঢ়ে
কবিতাৰ কিতাপ বিক্ৰী নহয়
কিন্তু মদ বিক্ৰী হয়
কবিতা কোনেও নপঢ়ে
কিন্তু ৰজনীগন্ধা বিক্ৰী হয়।
কি হ’ব কি নহ’ব
সকলো নিজৰ কথা
মানে নিজৰ অধিকাৰ
ৰাজনীতিও বেয়া বস্তু
কিন্তু নিশা মন্ত্ৰী-বিধায়কৰ ওচৰলৈ যাওঁ
কিন্তু দিনৰ পোহৰত মেলে-মিটিঙে কওঁ
ক্ষমতাৰ পিছত নদৌৰিবা
প্ৰেম বেয়া বস্তু
সময় অবাবত অতিবাহিত হয়
প্ৰেম মানেই কেৰিয়াৰ গঢ়াৰ এখন মস্ত প্ৰাচীৰ
কিন্তু এটা চুমাৰ বাবে কোন বাৰু পাগল নহয়
সেই ওঠৰ বছৰত!
কাৰ বুকুত বাৰু
না ধিন না প্ৰেমৰ লহৰ নুঠে
যেতিয়া দীঘলীপুখুৰী পাৰত
সাগৰিকা-মধুমিতাহঁতে চকুত চকু, বুকুত বুকু,
ওঁঠত ওঁঠ থৈ কথা পতা দেখে
আস্! খোজবোৰ কিয় এনেকুৱা হৈছে—
চিটিবাছৰ হৰ্ণ গমকেই পোৱা নাইচোন
নিজৰ হাতৰ মুঠিটোকেই চুমা দিবলৈ মন যায় অ’
দেহাজান-মইনাজান অ’
নাচি উঠে দুচকুৰ আগত
সাগৰিকাহঁতৰ খামুচিয়া কঁকালৰ ভাঁজবোৰ
কঁপাহী কোমল অনুভূতিসিক্ত দুচকুৱে ঘূৰে
প্ৰেম পুখুৰীৰ পাৰে পাৰে
দুচকুৰ ভোক নপলাই
চাই চাই হেঁপাহ নপলায়
ৰিমজিম আবেলিৰ বতাহজাকে
কাণে কাণে কৈ যায়
চা চা সাগৰিকা-মধুমিতা-নন্দিতাহঁতৰ
চালে চকু ৰোৱা গুলপীয়া হাঁহিবোৰ
মেঘৰ আঁৰৰ বেলি যেন সিহঁতৰ ওঁঠৰ সুষমা
বুকুৰ মঞ্জিমা
দুবৰিয়ে নাচে ৰুণজুন নুপূৰৰ ছন্দত
প্ৰেমাস্পদৰ মধুময় মৰমবোৰ ছন্দে ছন্দে বৰষে যেতিয়া
ভালপোৱাজনৰ প্ৰেমৰ মৃদু ধ্বনিত
প্ৰতিধ্বনিত হয়
আই লাভ ইউ টু
পলকতে বুকুৰ বাকৰিত সৰি পৰে এপাহ কৃষ্ণচূড়া
হয়তো, আজিও আছে প্ৰেমৰ সেই সুগন্ধীময়
ৰঙীন ফুলপাহ
কৃষ্ণচূড়াৰ……!
কিন্তু কাৰ হাতত?
কাৰোবাৰ বাবে সেই ফুলপাহো হ’ব পাৰে
তাজমহল!