সময়, সাধনা আৰু সফলতা – ভাস্কৰ প্ৰিয়ম হাজৰিকা

Pc Medium

সময়, সাধনা আৰু সফলতা

ভাস্কৰ প্ৰিয়ম হাজৰিকা
কৰচুং সত্ৰ,নগাঁও

“সময়” শব্দটো বৰ সৰু অথচ অনন্ত গতিৰে বৈ যোৱা সোঁতটোৱেই মানুহৰ জীৱনৰ আটাইতকৈ মূল্যৱান সম্পদ। যি কেতিয়াও কাৰো বাবে ৰৈ নাথাকে। সময় নীৰৱ, কিন্তু তাৰ নীৰৱতাৰ মাজতেই লুকাই থাকে জীৱনৰ গভীৰতম শিক্ষা। প্ৰতিটো ক্ষণতে একো একোটা শিক্ষা আমাক দি যায়। সময়ে কেতিয়াও কাকো সফলতাৰ শিখৰত তুলি নিদিয়ে; সময় মাথোঁ নিৰৱ সাক্ষী হৈ চাই থাকে মানুহৰ সংগ্ৰাম, ত্যাগ, পৰিশ্ৰম আৰু সাধনাৰ কাহিনী। সফলতাৰ মুকুট পৰিধান কৰে সেইজন মানুহে, যিয়ে সময়ৰ বুকুত নিজৰ ঘাম, অধ্যৱসায় আৰু সপোনৰ বীজ সিঁচিবলৈ জানে। যি সময়ক ভালদৰে সদ্বব‍্যৱহাৰ কৰিব নাজানে তেওঁ কেতিয়াও সফল হ’ব নোৱাৰে।

জীৱনৰ পথ কেতিয়াও সহজ নহয়। এই পথত কেতিয়াবা ক্লান্তি আহে, কেতিয়াবা ব্যৰ্থতাৰ অন্ধকাৰ নামি আহে, কেতিয়াবা আশা ভাঙি হৃদয় স্তব্ধ হৈ পৰে। তথাপিও যিজনে থমকি নাথাকে, যিজনে ব্যৰ্থতাৰ ধূলি মচি পুনৰ আগবাঢ়িবলৈ শিকে, সময়ে অৱশেষত তেওঁ পক্ষতে কথা কয়। কাৰণ সময়তকৈ শক্তিশালী বস্তু হৈছে মানুহৰ অদম্য ইচ্ছাশক্তি।

এটা সৰু বীজ মাটিৰ তলত নিঃশব্দে পৰি থাকে। বাহিৰৰ পৃথিৱীয়ে তাৰ অস্তিত্ব অনুভৱ নকৰে। কিন্তু সেই বীজটোৱে মাটিৰ অন্ধকাৰ বুকুত নীৰৱ সাধনা চলাই থাকে। ধৈৰ্য আৰু সময়ৰ বুকুত এদিন সেই বীজ অংকুৰিত হয়, ডাল-পাত মেলি আকাশ চুবলৈ চেষ্টা কৰে। মানুহৰ জীৱনো ঠিক তেনেকুৱাই। সপোনৰ বীজ সিঁচি তাক অধ্যৱসায়ৰ সাধনা কৰা মানুহজনেই এদিন সফলতাৰ পোহৰ দেখে।

ইতিহাসৰ প্ৰতিটো মহান ব্যক্তিৰ জীৱনত এই সত্যৰ উজ্জ্বল উদাহৰণ আছে। আমি যদি তেওঁলোকৰ জীৱনী পঢ়ি চাওঁ তেনেহলে দেখা পাম তেওঁলোকৰ সফলতাৰ আঁৰত থকা অগণন ত্যাগ, অসীম ধৈৰ্য আৰু অসীম সাধনা। বহুতেই হয়তো মানুহে কেৱল সফলতাৰ উজ্জ্বল মুহূৰ্তটোহে দেখে, কিন্তু সেই সফলতাৰ আঁৰত থকা নিদ্ৰাহীন নিশা, অন্তৰৰ বেদনা আৰু নীৰৱ অশ্ৰুবোৰ কেতিয়াও দেখা নাপায়। সফলতা কেতিয়াও আকস্মিকভাৱে আহি নপৰে; ই হৈছে সময়ৰ বুকুত লিখা পৰিশ্ৰমৰ এক অনন্ত কবিতা।

মানুহৰ জীৱনত সময়ৰ মূল্য অপৰিসীম। সময়ক অৱহেলা কৰা মানুহে জীৱনৰ সম্ভাৱনাবোৰ হেৰুৱাই পেলায়। কিন্তু যিজনে সময়ক সন্মান কৰে, প্ৰতিটো ক্ষণক সপোন পূৰণৰ বাবে সাৰে থাকে, জীৱনে এদিন তাক সাফল্যৰ দুৱাৰ মুকলি কৰি দিয়ে। সময়ৰ লগত সংগ্ৰাম কৰি আগবাঢ়ি যোৱা মানুহজনেহে হে উপলব্ধি কৰে যে সফলতা কোনো গন্তব্য স্থান নহয়, ই এক নিৰন্তৰ যাত্ৰা।

সফলতা মানে কেৱল ধন-সম্পদ বা খ্যাতি নহয়; সফলতা হৈছে নিজৰ সপোনৰ ওচৰ চাপিব পৰা, নিজৰ অস্তিত্বৰ মূল্য উপলব্ধি কৰা। যিজনে নিজৰ অন্তৰৰ ভয়ক জয় কৰিব পাৰে, ব্যৰ্থতাৰ মাজতো আশাৰ পোহৰ বিচাৰিব পাৰে, সঁচা অৰ্থত সফলতা তেওঁৰ হাততেই ধৰা দিয়ে। যিজনে জীৱনৰ কঠিন পথত ক্লান্ত নহৈ আগবাঢ়িবলৈ জানে, সময় এদিন নিশ্চয় তেওঁৰ নাম সাফল্যৰ স্বৰ্ণাক্ষৰত লিখি ৰাখে।