সন্দীপন-অমৃতপ্ৰভাৰ জামিনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ অসম চৰকাৰ
ৰঙিলী বাৰ্ত্তাসেৱা- প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ হত্যা গোচৰত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰা গোচৰটোৰ অন্যতম অভিযুক্তদ্বয় অমৃতপ্রভা মহন্ত আৰু সন্দীপন গার্গে লাভ কৰা জামিনক প্রত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে অসম চৰকাৰ। ৰাজ্য চৰকাৰে দুয়োগৰাকীৰ জামিনৰ ৰায়ক প্রত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত বিশেষ অনুমতি আবেদন (Special Leave Petition বা SLP) দাখিল কৰিছে। ৰাজ্য চৰকাৰৰ হৈ অধিবক্তা শুভদ্বীপ ৰয়ে উচ্চতম ন্যায়ালয়ত এই এছএলপি দাখিল কৰে। ইতিমধ্যে আবেদনখন উচ্চতম ন্যায়ালয়ৰ ডায়েৰীত অন্তর্ভুক্ত হৈছে আৰু ডায়েৰী নম্বৰ হৈছে ৬৮৫৭১/২০২৬। আবেদনখনৰ শুনানিকালত ৰাজ্য চৰকাৰৰ হৈ প্রতিনিধিত্ব কৰিব ৰাজ্য চৰকাৰৰ মহাধিবক্তা দেৱজিৎ লন শইকীয়া, অধিবক্তা আৰু উচ্চতম ন্যায়ালয়ৰ অসম চৰকাৰৰ ষ্টেণ্ডিং কাউঞ্চিলৰ সদস্য দেৱজিৎ বৰকাকতি আৰু জ্যেষ্ঠ অধিবক্তা নলীন এছ কোহলী আৰু উচ্চতম ন্যায়ালয়ত অসম চৰকাৰৰ ষ্টেণ্ডিং কাউঞ্চিলৰ সদস্য অংকিত ৰয়ে। উল্লেখ্য যে জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি ৰাজ্যবাসীয়ে অপেক্ষা কৰি থকাৰ সময়ত অসম চৰকাৰৰ এই পদক্ষেপে গোচৰটোক নতুন মাত্ৰা প্ৰদান কৰাৰ লগতে পুনৰ চৰ্চাৰ মাজলৈ আনিছে। এতিয়া উচ্চতম ন্যায়ালয়ৰ পৰৱৰ্তী শুনানি আৰু নিৰ্দেশনাৰ ওপৰত সকলোৰে দৃষ্টি নিবদ্ধ হৈছে। উল্লেখ্য যে জুবিন গাৰ্গৰ হত্যা গোচৰত বিগত ৯ অক্টোবৰত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰা জামিন লাভ কৰিছিল অমৃতপ্রভা মহন্তই। সেইদৰে জুবিন গাৰ্গৰ সম্পৰ্কীয় ভাতৃ তথা নিলম্বিত আৰক্ষী বিষয়া সন্দীপন গাৰ্গে যোৱা ১৬ অক্টোবৰত উচ্চ ন্যায়ালয়ৰ পৰা জামিন লাভ কৰিছিল। অমৃতপ্রভা মহন্ত আৰু সন্দীপন গাৰ্গৰ জামিনক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল আৰু ৰাইজৰ দলকে ধৰি কেইবাটাও দল-সংগঠনে তেওঁলোকৰ জামিনক লৈ প্রতিবাদতো লিপ্ত হৈছিল। ৰাজ্যজুৰি সৃষ্টি হোৱা প্ৰতিক্ৰিয়াৰ মাজতে ৰাজ্য চৰকাৰৰ মহাধিবক্তা দেৱজিৎ লন শইকীয়া আৰু গোচৰটোৰ তদন্ত কৰা এছআইটিৰ মুৰব্বী মুন্নাপ্রসাদ গুপ্তাই অমৃতপ্রভা মহন্ত আৰু সন্দীপন গাৰ্গৰ জামিনৰ বিৰোধিতাৰে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ’ব বুলি ঘোষণা কৰিছিল। দুয়োগৰাকীয়ে অমৃতপ্রভা মহন্ত আৰু সন্দীপন গাৰ্গৰ জামিনক লৈ প্রতিক্রিয়া প্রকাশ কৰি উল্লেখ কৰিছিল যে তেওঁলোকৰ জামিন হ’লেও দোষমুক্ত হোৱা নাই। গতিকে বিচাৰ প্ৰক্ৰিয়া চলি থাকিব। ইয়াৰ মাজতে অমৃতপ্রভা মহন্ত আৰু সন্দীপন গার্গে ফাষ্টট্রেক আদালতত চলি থকা গোচৰত সাক্ষ্যদান কৰি আছে।
