সজাগ জনতা – শচীন্দ্ৰ কুমাৰ দাস

Pc Shutterstock

সজাগ জনতা

শচীন্দ্ৰ কুমাৰ দাস, পলাশবাৰী

জনতা তুমি পগলা হ’লা ।
ভাৱনাৰ মূল্য বুজিবলৈ আজি যেন পাহৰিলা।
ঘুণ পোক সদৃশ মলিনতাই ফোপোলা কৰিছে মনৰ আবেগবোৰক।
কোন তেওঁ লোক?

বুকুত ইমান সাহস বাঢ়িল কাৰ প্ৰৰোচনাত?
মানৱতাৰ চৰম অধিকাৰক বঞ্চিত কৰি
প্ৰতাৰণাৰ মায়াজালত সকলোকে বন্দী কৰি
মুক্ত আকাশত ভ্ৰমী কৰিছা যিহৰ মইমতালী,
যাক লৈ কৰিছা দম্ভালি স্থায়ী জানো?
কলা তেজ ধাৰী নৰপিশাচৰ দৰে আচৰণত অভ্যষ্ট তেওঁলোক।

ক্ষমতাই মুৰত ধৰি সমাজ জীৱনত কংস ৰূপ ধৰি
জীৱনী সত্বাক উপলুঙা কৰি
আপোন গৰ্বৰ যি দপদপনি স্থায়ী জানো?
সজাগ হোৱা জনতা,
জানিও নজনাৰ যি মিছা ভাও দিছা
সময়ক এদিন হিচাপ দিব লাগিব নিশ্চয়।
স্ব- অধিকাৰৰ স্বপ্ন ৰছা,
একাত্ম এনাজৰীৰে বান্ধ খাই থকা
সজাগ জনতা আজি নিস্তব্ধ কিয়?
উঠা ছাগা জাগ্ৰত হোৱা জনতা।

প্ৰয়োজনীয়তা নাই আজি বাকৰুদ্ধতাৰ,
প্ৰয়োজনীয়তা নাই কাৰোবাৰ
বাহুবল, ক্ষমতা বল, অৰ্থবল , বেআইনী
ধমকনী গৰ্জনীৰে পৰাভুত কৰিব পৰা
ক্ষমতাৰ অপব্যৱহাৰক সহন কৰাৰ।

প্ৰয়োজনীয়তা নাই আজি কাৰোবাৰ
ভৰি চেলেকি অৰ্থৰ পাহাৰ গঢ়াৰ।
একাত্ম হোৱা ,সজাগ হোৱা বিপ্লৱী জনতা
বিভ্ৰান্ত তুমি নহ’বা, পগলা তুমি নহ’বা।