চেনীৰামৰ ভাওনা – শৈলেন কুমাৰ

Pc B.PAC

চেনীৰামৰ ভাওনা

শৈলেন কুমাৰ, মিৰ্জা

ইয়াক মাৰি, তাক খাই,
কেৱল ঘৰৰ ভঁৰাল ভৰাই,
চেনীৰামৰ চলাহি কথাত,
ভোল গৈ জনতা পৰিল লেঠাত।

ৰাজনীতি নে সমাজনীতি,
সবৰে দেখোন একেই ৰীতি,
কোন সঁচা আৰু কোন মিছা,
ভাবি ভাবি জনতা হ’ল দিশহাৰা।

যোগ্যজনে পিছে বহি আঙুলিয়াই,
অযোগ্যই টকাৰ পাহাৰ বনাই,
হিতাধিকাৰীয়ে ফ্ৰী আঁচনিলৈ বাট চায়,
বুদ্ধিজীৱীয়ে বহি চাহৰ কাপৰ জুতি লয়।

চেনীৰামৰ হাঁহিটো বৰ মৰম লগা,
ভোট লৈ তেওঁ দিলে সকলোকে ৰাম ঠগা,
জনতা আধা মৰা হৈ বহি ৰ’ল,
ৰাজনীতিৰ নামত দেশখন দেখোন সৰ্বনাশ হ’ল!