সচৰাচৰ যিবোৰ ভবা নহয়, সেইবোৰ ভাবি…স্বপ্ননীল আকাশ,চানমাৰি

PC-PREMIUMBEAT

সচৰাচৰ যিবোৰ ভবা নহয়, সেইবোৰ ভাবি…
————————————————–

কিতাপ এখনত পঢ়িবলৈ পাইছিলো মানুহে কুকুৰ কিয় পোহে ? আৰু মানুহে কুকুৰ কিয় ভাল পায় ? এই সন্দৰ্ভে । বহুজনে ভাবে কুকুৰে নিশা ঘৰত পহৰা দিয়ে, যাৰ বাবে সি সাৰে থাকে আৰু কোনোবা অহাৰ উমান পালেই ভুকিবলৈ আৰম্ভ কৰে । আচলতে প্ৰকৃতাৰ্থক এয়া সঁচা জানো ? কিতাপৰ সেই পৃষ্ঠাটিত পাইছিলো- কুকুৰ বৰ স্বাৰ্থপৰ আৰু বুধিয়ক । স্বাৰ্থপৰ এই কাৰনেই যে- নিশা গৃহস্থ শুই থকা সময়ত পোহনীয়া কুকুৰটোৱে যেতিয়া অকলে বাহিৰত থাকে, তেতিয়া সি খুব ভয় খায় । কোনোবা আহিলে সি ভাবে- কিজানি মোক মাৰেই ! সেয়েহে ভয়তে সি ভুকিবলৈ আৰম্ভ কৰে । আমি ভবাৰ দৰে গৃহস্থৰ সুৰক্ষাৰ স্বাৰ্থত সি নুভুকে, ভুকি ভুকি সি আচলতে গৃহস্থকহে মাতে আৰু যেতিয়া তাৰ ভুকাৰ উমান পাই গৃহস্থ ওলাই অাহে তেতিয়া সি, অহা মানুহজনৰ ফালে খেদি ওলাই যায় । গৃহস্থই ভাবে কুকুৰটো বৰ বিশ্বাসী আৰু কুকুৰটোৱে ভাবে উস্ ৰক্ষা ! গৃহস্থ ওলাই আহিল ।

আনহাতে, কুকুৰ বুদ্ধিমান হোৱাৰ কাৰণ এয়াই যে- কুকুৰটোৱে জানে সি একো কামৰ মানুহ নহয় কিন্তু তথাপিও তাক খাবলৈ ভাল বস্তু লাগে । যাৰ বাবে সি বৰ তেলিয়াই থাকে । গৃহস্থই নিজ কৰ্মৰ পৰা ঘৰলৈ আহিলে, গাড়ী-মটৰৰ মাত শুনিলে শব্দ চিনি পাই কুকৰটোৱে দৌৰ মাৰি বাহিৰলৈ ওলাই আহি গৃহস্থৰ হাত-ভৰি চেলেকে, গাত জপিয়ায় । এইবোৰ কৰি কুকুৰটোৱে গৃহস্থৰ মনত এইটো বিশ্বাস জন্মাব বিচাৰে যে, সি গৃহস্থক খুব ভাল পায়, গৃহস্থক পাই সি খুব সুখী । ইয়াৰ পৰিৱৰ্তে কুকুৰটোৰ এনে আচৰণ দেখিলে গৃহস্থই ভাবে যে, কুকুৰটোৱে নিজৰ গুৰুত্ব বুজি পায়, ভাল পাই গৃহস্থক, যাৰ বাবে গৃহস্থই নিজে নিৰামিষ ভোজন কৰিলেও কুকুৰটোৰ কাৰণে মাংস কিনি আনে ।
এনেবোৰ কথা আমি গভীৰভাৱে চিন্তা কৰোনে ? কুকুৰ-গৃহস্থৰ এই আচৰণ সমূহৰ পৰাও আমি যথেষ্ট শিকিবলগীয়া আছে ।

বিশেষকৈ গৃহস্থৰ আচৰণবোৰৰ পৰা জানিবলগীয়া কথাটো হ’ল- গৃহস্থৰ কুকুৰটোৰ প্ৰতি থকা এক মোহ ভাব, একাৰ্থক ক’বলৈ গ’লে এয়াও এক সাধাৰণ দুৰ্বলতা । কুকুৰটোৰ পৰা শিকিবলগীয়া কথাটো হ’ল- গৃহস্থৰ পৰা বিচৰা তাৰ গুৰুত্ব তথা প্ৰাধান্য ।

এই বাস্তৱ উদাহৰণটো দাঙি ধৰি এয়াই ক’ব বিচাৰো যে সকলো মানুহৰে এক উমৈহতীয়া অৰ্থাৎ সাধাৰণ দুৰ্বলতা থাকে আৰু সেই দুৰ্বলতা হ’ল- আনৰ পৰা গুৰুত্ব তথা প্ৰাধান্য পোৱা । আমিবোৰে আনৰ পৰা গুৰুত্ব বিচাৰো ঠিকেই কিন্তু সেই গুৰুত্ব পাবৰ বাবে যিখিনি গুণ অামাৰ মাজত থাকিব লাগে, সেই কথা আমি বাৰু ভাবোনে ? আমি বাৰু চিন্তা কৰোনে ? এয়াও এক আজিৰ প্ৰেক্ষাপটত ডাঙৰ প্ৰশ্ন ।

কাৰণ… সাম্প্ৰতিক কোৰোনাকালীন এই সংকটৰ সময়তো আমি সচেতন হোৱা নাই । চৰকাৰ তথা প্ৰশাসনে বান্ধি দিয়া নীতি-নিৰ্দেশনা পালন কৰিবলৈয়ো একাংশ অপ্ৰস্তুত । আনকি কোৰোনাৰ ভেকচিন গ্ৰহণ কৰিবলৈয়ো এচাম অচেতন লোক অপ্ৰস্তুত, কিজানিবা ভেকচিন ল’বলৈ গৈ কোৰোনা টেষ্ট কৰিলে পজিটিভ ওলায়েই!!!! এয়া আচলতে শংকা, অচেতনতা নে ইজনে সিজনৰ সুৰক্ষা নুবুজি কৰা গুৰুত্বহীনতা !!!! এয়া এক সাম্প্ৰতিক সময়ৰ উদাহৰণহে ।

এইখিনিতে আন এক প্ৰসংগলৈ আহো । আজিৰ সমাজত সকলোৱে নেতা(LEADER) হ’ব বিচাৰে । কিন্তু নেতা(LEADER) মানে কি আমি বাৰু জানোনে ? বিজ্ঞজনে আগবঢ়োৱা LEADER শব্দৰ সংক্ষিপ্ত ভাঙনি অনুসৰি—

L- Light(জ্ঞানৰ জ্যোতি), E- Energetic(স্বাস্থ্যৱান, ভাগৰি নপৰা), A- Approachable(সন্মূখৰ পৰা বিষয়বস্তুৰ সন্দৰ্ভত নিৰ্ভয়ে ক’ব পৰা), D- Dynamic(গতিশীল, আনতকৈ আগত আগবাঢ়িব পৰা), E- Enthusiastic(উৎসাহ, সকলোতে আগভাগ ল’ব পৰা) আৰু R- Resourceful(ব্যক্তিগত সম্পৰ্কৰে বহুতো কাম কৰিব পৰা) ।

এই সমুদায় গুণ থকা জনকহে বিজ্ঞজনৰ দৃষ্টিত এজন প্ৰকৃত নেতা হ’ব পাৰে ।

কিন্তু আজিৰ সমাজত বাৰু এনে গুণবোৰ থকা প্ৰকৃত নেতা কেইজন আছে ? কেইজন আছে সমাজ তথা ৰাজ্য-দেশৰ সু-পৰিচালক ?

আজিৰ সমাজখন সু-পৰিচালনাৰ অভাৱৰ বাবেই বহু দূৰ পিছপৰি আছে । তাহানিৰ তুলনাত আজিৰ সমাজত উচ্চ শিক্ষিত মানুহো বহুত আছে । কিন্তু তথাপিও যেন সু-পৰিচালকৰ অভাৱ । সমাজৰ একাংশ উচ্চ শিক্ষিত লোকে ডক্টৰেট(Ph.D), এম.বি.এ.আদি উচ্চ ডিগ্ৰী লাভ কৰিলে ঠিকেই । কিন্তু সেই ডিগ্ৰী তথা উপাধি থকা একাংশ উচ্চ শিক্ষিত লোকৰ অন্তৰৰ বিকাশ আৰু মগজু বিকাশৰ সামঞ্জস্য হয়তো কোনোবাখিনিত হোৱা নাই । দলপতি অৰ্থাৎ পৰিচালকৰ ভূমিকা লৈয়ো বহুজনে নিজৰ কৰ্তব্য পালন নকৰাকৈয়ে দলপতি হৈ বহি আছে । যাৰ বাবে ইয়ো এক সাম্প্ৰতিক সমাজখন আগবাঢ়ি নোযোৱাৰ অন্যতম কাৰণ হিচাপে চিহ্নিত হয় ।

আমি এই কথাও ভাবি ল’ব নালাগে যে, এজন ৰজা, নেতা বা মুৰব্বীয়েহে দলপতি হ’ব পাৰে । আমি সকলোৱে দলপতি হ’ব পাৰো । আমি সকলোৱে কোনো পৰিচালনাৰ খিতাপ নথকাকৈও পৰিচালক হ’ব পাৰো । নাটক বা চিনেমাৰ কোনো এটা চৰিত্ৰ সৰু নহয় । সকলোতকৈ সৰু চৰিত্ৰত অংশগ্ৰহণ কৰাজনেও আপোনাক সুধিব পাৰে—‘মোৰ অভিনয় চাইছিল নে, ভাল হৈছিলনে ?’ সকলো কামতে স্বীকৃতি থাকে কাৰণ কামৰ সৰু বৰ নাই ।

ঠিক একেদৰে যিকোনো সংগঠন তথা অনুষ্ঠানত আমি যি বাবতেই কাম নকৰো কিয়, তাক যদি নিষ্ঠা আৰু সততাৰে কৰা যায়, তেন্তে আপুনি স্বীকৃতি লাভ কৰিবই ।

ড° মাৰ্টিন লুথাৰ কিং জুনিয়ৰে কৈ গৈছে— ‘যদি এজন মানুহে ৰাস্তা চাফা কৰা কাম কৰে তেন্তে ৰাস্তাটো এনেকৈ চাফা কৰিব লাগে যেনেকৈ মাইকেল এনজেলোৱে পেইণ্ট কৰিছিল বা বিথোফেনে সংগীত ৰচিছিল বা শ্বেইক্সপীয়েৰে কবিতা লিখিছিল।
তাৰ মানে ৰাস্তাটো এনেকুৱাকৈ চাফা কৰিব লাগে যাতে সকলোৱে কয়- ইয়াতে এজন ৰাস্তা চাফা কৰা মানুহ আছে যিয়ে নিজৰ কামটো খুব ভালকৈ কৰে।’

ঠিক তেনেকুৱাকৈ আমিও যিটো কাম কৰি আছো বা কৰো নিয়াৰিকৈ যদি কৰো তেন্তে বহুতে আপোনাক-মোক লক্ষ্য কৰিব, অনুসৰণ কৰিব আৰু ভাল পাব । যেতিয়া আপোনাক আনে অনুসৰণ কৰিবলৈ আৰম্ভ কৰিব তেতিয়াহে আপুনি মানুহ হিচাপে জন্ম লাভ কৰাৰ সাৰ্থকতা থাকিব লগতে প্ৰকৃত মানুহ ৰূপে সমাজত স্বীকৃতি লাভ কৰিবলৈ সক্ষম হ’ব ।।

________

স্বপ্ননীল আকাশ
চানমাৰি, গুৱাহাটী-০৩
ফোনঃ ৬০০০০৫১৫৩২