পৰিৱেশে জীৱ জগতত সৌন্দৰ্য আনে এক বৃক্ষ দশ পুত্ৰ সম – নমিতা দাস

Pc Vecteezy

পৰিৱেশে জীৱ জগতত সৌন্দৰ্য আনে এক বৃক্ষ দশ পুত্ৰ সম

নমিতা দাস,শুৱালকুছি

সেউজ পৃথিৱী আৰু তাত থকা বিভিন্ন চৰাই-চিৰিকতিৰ লগতে জীৱ জন্তবোৰৰ উপৰিও গছ-গছনিবোৰ জড় বস্তুবোৰৰ লগত থকা সম্পৰ্ক বোৰেও মানুহক আকৰ্ষিত কৰি আহিছে । এক বৃক্ষ দশ পুত্ৰ সম বুলি সুধাকণ্ঠ হাজৰিকা দেৱে তাহানিতে গাই গৈছে । পৰিৱেশ গঢ় লয় চাৰিও ফালৰ সৌন্দৰ্য বোধে । আমাৰ চাৰিওফালৰ বায়ু ,পানী , বতাহ আৰু তাৰ লগত থকা সম্পৰ্কবোৰৰ পৰাই পৰিৱেশ গঢ় লয় ।পৃথিৱী খনক জল, স্থল, বায়ু আৰু জীৱ চাৰিটা মণ্ডলত ভাগ কৰিব পাৰোঁ। জল মণ্ডলত থকা সৰীসৃপ প্ৰাণীৰ লগত জলচৰ উদ্ভিদবোৰ আৰু স্থল মণ্ডলত থকা বিভিন্ন জীৱ-জন্তু, গছ-গছনিৰ লগতে বায়ু মণ্ডলৰ ওপৰত পৰিৱেশৰ প্ৰভাৱ অতিকে গুৰুত্বপূৰ্ণ । বায়ু, পানী, মাটিয়ে জীৱ-জন্তুৰ ওপৰতো প্ৰভাৱ পেলাই । এই সকলোবোৰৰ সংমিশ্ৰণেৰে পৰিৱেশ এটা গঢ়ি উঠে । পৰিৱেশ পৰিৱৰ্তনশীল স্থান, কাল ভেদে এই পৰিৱেশ সলনি হয় । পৃথিৱীত থকা প্ৰতিটো জীৱৰেই নিজৰ নিজৰ বৈশিষ্ট আছে । কোনো এটা প্ৰাণীৰ লগতে কোনো প্ৰাণীৰ মিল দেখা নাযায় । বায়ু মণ্ডলৰ পৰিৱৰ্তন অনুসৰি জীৱ-জন্ত উদ্ভিদৰ আগমন ঘটে । গ্ৰীষ্ম কালত যিবোৰ উদ্ভিদ বা জীৱ-জন্ত চৰাই চিৰিকতি সহজে দেখিবলৈ পোৱা যায় সেইবোৰ শীত কালত কম পৰিমানে বা কিছুমান জীৱ-জন্ত দেখা পোৱা নাযায় । কিন্তু বৰ্তমান সময়ত পৰিৱেশ বিধস্ত হোৱাত বায়ু মণ্ডলৰ পৰিৱৰ্তনেই উদ্ভিদ জগতৰ লগত জীৱ জগতৰো সৌন্দৰ্যত ম্লান পৰা দেখিবলৈ পোৱা যায় ।

পৰিৱেশ পৰিৱৰ্তনৰ প্ৰধান কাৰক সমুহ হৈছে – জনসংখ্যা বৃদ্ধি, উদ্যোগীকৰণ, নগৰীকৰণ, যাতায়ত পৰিবহনৰ পৰিবৰ্ধন আদি । মানুহৰ জনসংখ্যা বৃদ্ধিৰ লগে লগে বিভিন্ন সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ বিভিন্ন সম্পদৰ প্ৰয়োজন হ’ল । এই প্ৰয়োজনবোৰ পুৰাবলৈ বিভিন্ন সম্পদ ব্যৱহাৰ কৰাৰ প্ৰয়োজন আহিল । এই প্ৰয়োজনীয়তা পুৰাবৰ বাবে সম্পদবোৰৰ ব্যৱহাৰে পৰিৱেশৰ ওপৰতো প্ৰভাৱ পেলালে । পৰিৱেশৰ ভাৰসাম্য বিনষ্ট হোৱাৰ পিছত কিছুমান সমস্যাৰ সৃষ্টি হ’বলৈ ধৰিলে । ফলত পৰিৱেশ বিনষ্ট কৰি হ’লেও মানুহৰ প্ৰয়োজনীয়তা পুৰণ কৰাত প্ৰাধান্য দিবলৈ ধৰিলে । লাহে লাহে সমস্যাবোৰ বৃদ্ধিৰ লগে লগে খাল, বীল, পাহাৰ, পৰ্বতবোৰৰ প্ৰকৃত সৌন্দৰ্যত ম্লান পৰিবলৈ ধৰিলে । প্ৰকৃতিৰ মাজত বিচৰণ কৰি ফুৰা চৰাই চিৰিকতিৰ বাসস্থান হেৰুৱাৰ উপক্ৰম হ’ল । জনসংখ্যা বৃদ্ধিয়ে উদ্যোগী কৰণ কৰিলে । এই উদ্যোগবোৰেও পৰিৱেশৰ ওপৰত ভুতৰ ওপৰত দানহ পৰা দি গছ-বন , পাহাৰ ,পৰ্বতৰ অবৈধ খনন কাৰ্যই খৰাঙৰ সৃষ্টি কৰিলে, আৰু কোনো ঠাইত বানপানী আৰু খহনীয়াৰ সমস্যা আনিলে। বায়ু মণ্ডলত লাহে লাহে প্ৰদূষণ আৰম্ভ হ’ল ,প্ৰকৃতিৰ পৰা বহু চৰাই-চিৰিকতি জীৱ- জন্তু বিলুপ্ত হৈ পৰিল ।

বৰ্তমান সময়ত পৰিৱেশৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে যদিও ঠাই বিশেষে গছপুলি লালন-পালন কৰাৰ লগতে জীৱ-জন্তুৰ প্ৰতিও গুৰুত্ব প্ৰদান কৰা দেখা যায় , কিন্তু সুন্দৰ ভাবে থকা বনাঞ্চলবোৰ কাটি দিওতে সৌন্দৰ্য নোহোৱা হোৱাৰ লগতে পৃথিৱীত শীত-তাপ মাত্ৰাৰ অধিক পৰিৱৰ্তন দেখা পোৱা গৈছে । প্ৰত্যকজন ব্যক্তিয়ে নিজৰ নিজৰ ঘৰতে প্ৰকৃতিৰ কথা ভাবি সুস্থিৰ, শুদ্ধ আৰু নিয়মানুবৰ্তীতা বজাই ৰাখি এটি বিশুদ্ধ পৰিৱেশ সৃষ্টি কৰি লৈ প্ৰত্ত্যেকজন ব্যক্তিয়ে প্ৰকৃতিৰ কথা ভাবিলে তাতেই সৌন্দৰ্য দেখা পোৱা যাব । আনহাতে সামাজিক ভাবেও কিছুমান শুদ্ধবাৰ্তা বৰণেৰে সুন্দৰ পৰিবেশ সৃষ্টি কৰি সৌন্দৰ্য গঢ়ি তুলিবলৈ প্ৰচেষ্টা কৰিব পাৰি। জন্মলগ্নৰে পৰা পোৱা পৰিৱেশৰ ওপৰত এজন মানুহৰ জীৱনৰ কৰ্মবোৰ আগবাঢ়ি যায়। পৰিৱেশ অনুসৰি আমাৰ কথা, কাম আৰু কাৰ্য্যৰ পৰিবৰ্তন ঘটে। সেয়েহে আমি নিজেই নিজৰ ঠাই খনৰ লগতে সমাজ খনৰ প্ৰতি দায়বদ্ধ হৈ ভৱিষ্যত প্ৰজন্মৰ হাতত এখন সেউজীয়া পৃথিৱী তুলি দিয়াৰ কথা চিন্তা কৰি নিজেই সচেতন হ’ব লাগিব ।

প্ৰতিটো উৎসৱ উৎযাপন কৰোতে এডাল গছপুলি ৰুই অভ্যাসত পৰিণত কৰিব পাৰিলে নিশ্চয় এখন সেউজ পৃথিৱীৰ কল্পনা কৰিব পাৰিম । জধে-মধে প্ৰকৃতিক বিনষ্ট নকৰি প্ৰকৃতিৰ প্ৰতি দায়বদ্ধতা অবলম্বনে এখন সেউজ পৃথিৱী পোৱা যায় ।