ভাৰতৰ পৰিৱেশ সুৰক্ষা আন্দোলনঃ এটি পৰ্যালোচনা – নাছিৰ আহমেদ

Pc Pik Vrbovec

ভাৰতৰ পৰিৱেশ সুৰক্ষা আন্দোলনঃ এটি পৰ্যালোচনা

নাছিৰ আহমেদ, শিমলাবাৰী, গোৱালপাৰা

ভাৰতৰ পৰিৱেশ সুৰক্ষা আন্দোলন সম্পৰ্কে ধাৰণা গ্ৰহণ কৰিবলৈ হ’লে বিভিন্ন পৰীক্ষা-নিৰীক্ষা আৰু অধ্যয়নৰ প্ৰয়োজনীয়তা,  ইয়াৰ প্ৰেক্ষাপট সম্পৰ্কে ইয়াৰ মৌলিক ধাৰণাসমূহ আৰু ইতিহাস অধ্যয়ন ,  ইয়াৰ ঐতিহাসিক আন্দোলনৰ কাৰ্যসূচীসমূহ ৰূপায়ণ, মানৱ অধিকাৰ ৰক্ষণাবেক্ষণ আৰু  ভাৰতৰ পৰিৱেশ সুৰক্ষা আন্দোলনত নাৰীৰ অংশগ্ৰহণ সম্পৰ্কে আলোচনা কৰাৰ প্ৰয়োজনীয়তা অস্বীকাৰ কৰিব নোৱাৰি ।

ভাৰতৰ প্ৰধান পৰিৱেশ সুৰক্ষা আন্দোলনবোৰৰ সংক্ষিপ্ত তালিকা তলত দিয়া হ’ল, ক্ৰমে–

(১) তেহৰি বান্ধ আন্দোলন (১৯৮৩ ৰ দশক) :- ভাগীৰথী নদীৰ ওপৰত নিৰ্মাণাধীন তেহৰি বান্ধৰ পৰিৱেশগত প্ৰভাৱ আৰু ভূমিকম্পৰ সম্ভাব্য আশঙ্কাৰ বিৰুদ্ধে এই প্ৰতিবাদ গঢ়ি উঠে।

বিষ্ণোই আন্দোলন(১৭০০) ৰাজস্থানত গছ কটাৰ প্ৰতিবাদত অমৃতা দেৱীৰ নেতৃত্বত বিষ্ণোই সম্প্ৰদায়ৰ ৩৬০ জন মানুহে প্ৰাণ বিসৰ্জন দিছিল ; যিয়ে ভাৰতৰ প্ৰাচীনতম পৰিৱেশ সুৰক্ষা আন্দোলনৰ অন্যতম।

চিপকো আন্দোলন(১৯৭৩):- উত্তৰাঞ্চলৰ ( তৎকালীন উত্তৰ প্ৰদেশ) গাড়োয়াল হিমালয় অঞ্চলত বাণিজ্যিক উদ্দেশ্যে গছ কটাৰ প্ৰতিবাদত এই আন্দোলন আৰম্ভ হয়। স্থানীয় নাৰীসকলে গছক সাৱটি ধৰি ( চিপকো) ইয়াক ৰক্ষা কৰিছিল।

ছাইলেন্ট ভ্যালি আন্দোলন (১৯৭৩):- কেৰালাৰ পালঘাট জিলাত ছাইলেন্ট ভ্যালি ৰেইন ফৰেষ্টত জলবিদ্যুৎ প্ৰকল্পৰ বাবে বান্ধ নিৰ্মাণৰ বিৰোধিতা কৰি এই আন্দোলন সংগঠিত হৈছিল।

নৰ্মদা বাঁচাও আন্দোলন ( ১৯৮৫):- নৰ্মদা নদীৰ ওপৰত বৃহৎ বৃহৎ বান্ধ নিৰ্মাণ কৰাৰ ফলত হাজাৰ হাজাৰ পৰিয়ালৰ বাস্তুচ্যুত আৰু পৰিবেশৰ অপৰিসীম ক্ষতিৰ প্ৰতিবাদত মেধা পাটেকৰ আৰু বাবা আমতে প্ৰমুখ্যে এই আন্দোলন আৰম্ভ কৰে।

নৰ্মদা বাঁচাও আন্দোলন ( Save Narmada Movement) হ’ল এটি পৰিৱেশ আৰু মানৱাধিকাৰ আন্দোলন , যিয়ে ভাৰতৰ নৰ্মদা নদীৰ পাৰত অৱস্থিত বৃহৎ বৃহৎ বান্ধ নিৰ্মাণৰ বিৰুদ্ধে প্ৰতিবাদ গঢ়ি উঠে। এই আন্দোলনত মূল উদ্দেশ্য হ’ল, নদীৰ প্ৰাকৃতিক সুৰক্ষা প্ৰদান কৰা। আৰু বান্ধ নিৰ্মাণৰ ফলত ক্ষতিগ্ৰস্ত হোৱা স্থানীয় জনগোষ্ঠীৰ অধিকাৰ ৰক্ষা কৰা। নৰ্মদা নদী ভাৰতৰ মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ আৰু গুজৰাট ৰাজ্যৰ মাজেৰে প্ৰবাহিত হৈছে। এই নদীৰ ওপৰত বৃহৎ বৃহৎ বান্ধ নিৰ্মাণৰ ফলত লক্ষ লক্ষ মানুহে গৃহহাৰা আৰু কৃষিভূমি হেৰুৱাৰ উপৰিও পৰিৱেশৰ ক্ষতিঃ বান্ধ নিৰ্মাণৰ ফলত নদীৰ প্ৰাকৃতিক প্ৰবাহ আৰু পৰিৱেশৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰে।

মানুহৰ প্ৰভাৱ:- স্থানীয় আদিবাসী আৰু কৃষক সম্প্ৰদায়ৰ পুনৰ্বাসন আৰু ক্ষতিপূৰণ সংক্ৰান্ত সমস্যা।

সামাজিক আৰু সাংস্কৃতিক প্ৰভাৱ:- বৃহৎ বৃহৎ বান্ধ নিৰ্মাণৰ ফলত নৰ্মদা নদীৰ পাৰত বসবাস কৰা জনগোষ্ঠীৰ সামাজিক আৰু সাংস্কৃতিক ক্ষেত্ৰত বেয়াকৈ প্ৰভাৱ পৰে।

গঙ্গা নদীৰ পৰিৱেশ সংৰক্ষণৰ মূল উদ্দেশ্য হ’ল, ইয়াৰ প্ৰদূষণ ৰোধ আৰু বাস্তুতন্ত্ৰ পুনৰুদ্ধাৰৰ সাৰ্বিক প্ৰচেষ্টাক বুজায়। ভাৰতৰ জাতীয় নদী গঙ্গাৰ প্ৰদূষণ হ্ৰাসৰ প্ৰধান হাতিয়াৰ হ’ল কেন্দ্ৰীয় চৰকাৰৰ ফ্লেগশ্বিপ প্ৰকল্প নমামি গঙ্গে। এই প্ৰকল্পৰ আওতালৈ নদীৰ জল পৰিশোধন, তীৰৱৰ্তী অঞ্চলত বনানিকৰণ, আৰু জীৱ-বৈচিত্ৰ সংৰক্ষণৰ কাম চলি আছে।

গঙ্গা নদীৰ পৰিৱেশ সুৰক্ষাৰ বাবে তলত উল্লেখ কৰা প্ৰধান পদক্ষেপবোৰ গ্ৰহণ কৰা হৈছে।

ছুয়েজ ট্ৰিটমেন্ট প্ল্যান্ট (STP) :- অপৰিশোধিত বৰ্জ্য পদাৰ্থবোৰ নদীত পেলোৱা  বন্ধ কৰিবলৈ আধুনিক প্ল্যান্ট বহুওৱা হৈছে, যিয়ে দুষিত জল পৰিষ্কাৰ কৰি নদীত পেলায়।

শিল্পবৰ্জ্য নিয়ন্ত্ৰণ:- নদীৰ তীৰৱৰ্তী কাৰখানাসমূহৰ ওপৰত কঠোৰ হাতেৰে নিয়ন্ত্ৰণৰ ব্যৱস্থা লোৱা হৈছে  ; যাতে কোনো অপৰিশোধিত ৰাসায়নিক বৰ্জ্য পদাৰ্থ পানীত মিহলি হ’ব নোৱাৰে।

জৈৱ-বৈচিত্ৰ সংৰক্ষণ:- গঙ্গাৰ জাতীয় জলজ প্ৰাণী ‘ গঙ্গা নদীৰ ডলফিন ‘ ৰক্ষাৰ বাবে বিশেষ ভাৱে নজৰ ৰখা, গৱেষণা আৰু সচেতনতাৰ কৰ্মসূচী চলোৱা হৈছে।

তীৰৱৰ্তী পৰিচ্ছন্নতা:- নদীৰ কুলসমূহৰ আধুনিকীকৰণ আৰু শ্মশানৰ সংস্কাৰ কৰা হৈছে যাতে অৰ্ধদগ্ধ মৃত্যুদেহ পানীত নপৰে।

বৃক্ষৰোপণ আৰু জৈব কৃষি :- মাটিৰ ক্ষয় ৰোধ আৰু জলৰ গুণমান বৃদ্ধি কৰিবলৈ ব্যাপক ভাবে নদীৰ পাৰত বনানীকৰণ চলি আছে আৰু কৃষকসকলক ৰাসায়নিক সাৰৰ পৰিৱৰ্তে জৈব কৃষি কাৰ্যত উৎসাহিত কৰা হৈছে।

অসমৰ নদ-নদীসমূহ আমাৰ ৰাজ্যৰ প্ৰাণ-স্বৰূপ। জলবায়ুৰ ভাৰসাম্য ৰক্ষা, কৃষি,মীনপালন আৰু জৈৱ-বৈচিত্ৰৰ বাবে নদীৰ পৰিৱেশ সংৰক্ষণ কৰাটো অতি প্ৰয়োজনীয়। নদীৰ পৰিৱেশ সুৰক্ষিত কৰাৰ বাবে তলৰ পদক্ষেপসমূহ গুৰুত্বপূৰ্ণ।

নদীৰ পাৰৰ খহনীয়া প্ৰতিৰোধ

গছপুলি ৰোপণ:- নদীৰ পাৰত বনানীকৰণ কৰিলে মাটিৰ খহনীয়া ৰোধ হয়। আৰু নদীৰ পাৰৰ পৰিৱেশ সুৰক্ষিত থাকে।

নদী প্ৰদূষণ ৰোধ কৰা।

আৱৰ্জনা নিষ্কাষণ:- নগৰাঞ্চলৰ আৱৰ্জনা আৰু প্লাষ্টিক পোনপটীয়াকৈ নদীত পেলোৱা বন্ধ কৰিব লাগে।

পানী শোধন:- উদ্যোগ আৰু নগৰৰ পৰা ওলোৱা দূষিত পানী (Sewage) নদীৰ পানীত মিহলোৱাৰ পূৰ্বে শোধন (Treatment) কৰাটো উচিত।

বৈজ্ঞানিক মথাউৰি নিৰ্মাণ:- বিজ্ঞান-সন্মত ভাৱে মথাউৰি নিৰ্মাণ কৰা উচিত।

জলজ প্ৰাণীকূলৰ সুৰক্ষা:- অবৈধ ভাৱে ডলফিন ( শিশু) ,কাছ বা অন্যান্য জলচৰ প্ৰাণীক ক্ষতি কৰা অবৈধ জালৰ ব্যৱহাৰ আৰু বিহ প্ৰয়োগ কঠোৰ ভাৱে নিষিদ্ধ কৰা উচিত।

বাসস্থান সংৰক্ষণ:- নদীৰ পাৰ্শ্বৱৰ্তী অঞ্চলত থকা জলাশয় আৰু সেউজ অঞ্চলবোৰ সংৰক্ষণ কৰি নদীৰ স্বাভাৱিক খাদ্য শৃংখল অক্ষুণ্ণ ৰখা উচিত।

মুঠতে, যিহেতু নদী ভাৰতৰ জনগণৰ জীৱন ৰেখা। এই কথা উপলব্ধি কৰি সকলোৱে নদীৰ পৰিৱেশ সুৰক্ষিত কৰিব পাৰিলে আমাৰ দেশৰ পৰিৱেশ সুৰক্ষা আন্দোলনসমূহ সম্পূৰ্ণ ৰূপে কৃতকাৰ্যতা লাভ কৰিব পাৰিব।