পথ নে গৰু-ছাগলীৰ চৰণীয়া পথাৰ
কুণ্ডিল হাজৰিকা
ভগামুখ, টিয়ক, যোৰহাট
বৰ্তমান আমাৰ ৰাজ্যৰ উন্নত পথসমূহ দ্ৰুত যাতায়তৰ পৰিৱৰ্তে যেন মৃত্যুৰ ফান্দলৈহে ৰূপান্তৰিত হৈছে। বিশেষকৈ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা গাঁৱৰ পকী আলিবাটবোৰত গৰু ছাগলীৰ অবাধ বিচৰণে চৰম বিপদ মাতি আনিছে। পথাৰত এৰাল দিয়াৰ সলনি একাংশ দায়িত্বহীন পশুপালকে পশুধনক পথলৈ মেলি দিয়াৰ ফলত নিতৌ ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে।
প্ৰশ্ন হয়, এই দুৰ্ঘটনাবোৰৰ বাবে দায়ী কোন? চৰণীয়া পথাৰ থকাৰ পিছতো কেৱল এলেহী স্বভাৱৰ বাবে পশুধনক ৰাস্তাৰ কাষত মুকলিকৈ এৰি দিয়া হয়। তীব্ৰবেগী যান-বাহনৰ সন্মুখলৈ এই জন্তুবোৰ হঠাতে আহি পৰিলে চালকে নিয়ন্ত্ৰণ হেৰুৱাই মৃত্যুক সাৱটি ল’বলগীয়া হয়। এজন ব্যক্তিৰ প্ৰাণ হানিৰ উপৰি পশুধনসমূহৰো অকাল মৃত্যু ঘটে। অথচ, নিজৰ পোহনীয়া জন্তুৰ প্ৰতি পশুপালকসকলৰ নূন্যতম দায়িত্ববোধ দেখা নাযায়।
প্ৰশাসনৰ শিথিলতাও এই ক্ষেত্ৰত সমানেই দায়ী। পথৰ ওপৰত গৰু-ছাগলী মেলি দিয়া মালিকক চিনাক্ত কৰি কঠোৰ জৰিমনা বা আইনী ব্যৱস্থা গ্ৰহণ নকৰিলে এই সমস্যা কেতিয়াও শেষ নহয়। পশুধনক পথাৰত খুটি খুটি চৰোৱাৰ(এৰাল দি চৰোৱা) যি পৰম্পৰা আছিল, সেয়া বৰ্তমান বিলুপ্তপ্ৰায়।
পথচাৰীৰ জীৱনক তুচ্ছ জ্ঞান কৰি গৰু-ছাগলীৰ বাবে পথটো এৰি দিয়াৰ এই প্ৰৱণতা এতিয়াই বন্ধ হোৱা উচিত। চৰকাৰ আৰু সচেতন সমাজে একগোট হৈ পশুপালকসকলক দায়িত্বশীল হ’বলৈ বাধ্য নকৰিলে, এই চকচকীয়া পথবোৰ কেৱল শ্মশানৰ পথহে হৈ পৰিব।
