শ্রীভূমিৰ ঘটনাত জড়িত অপৰাধীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ
ৰঙিলী বাৰ্ত্তাসেৱা- শ্রীভূমি জিলাত বিহুৱা দলৰ ওপৰত আক্রমণৰ ঘটনাক দুর্ভাগ্যজনক আখ্যা দি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই দুষ্কৃতিকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল’বলৈ আৰক্ষী সঞ্চালক প্রধানক নির্দেশ দিছে। উল্লেখযোগ্য যে বৰাক আৰু ব্ৰহ্মপুত্ৰ উপত্যকাৰ মাজত থকা ব্যৱধান হ্রাস কৰাৰ বাবে মুখ্যমন্ত্ৰী ড° শর্মাই বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি থকাৰ সময়ত অসমীয়া জাতীয় উৎসৱ বিহুগীত পৰিৱেশন কৰিবলৈ যোৱা এটি দলৰ ওপৰত অসমীয়া গীত নচলিব বুলি বৰ্বৰ আক্ৰমণৰ ঘটনা সংঘটিত হোৱাৰ পাছতে ৰাজ্যত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এই ঘটনাই সমগ্র ৰাজ্যতে তীব্র প্রতিক্ৰিয়াৰ সৃষ্টি কৰাৰ মাজতে সামাজিক মাধ্যমযোগে দোষীসকলৰ বিৰুদ্ধে তাৎক্ষণিক আৰু কঠোৰ ব্যৱস্থা গ্রহণ কৰিবলৈ তেওঁ অসম আৰক্ষী সঞ্চালকপ্রধানক নির্দেশ দিছে। বিহুক অসমৰ আত্মা, গৌৰৱ আৰু জাতীয় পৰিচয় তথা সমন্বয়ৰ প্ৰতীক ৰূপে অভিহিত কৰি মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে শ্রীভূমিত বিহু দলৰ ওপৰত হোৱা আক্ৰমণৰ খবৰটোৱে মোক গভীৰভাৱে ব্যথিত কৰিছে। এয়া অতি দুর্ভাগ্যজনক আৰু গৰিহণাযোগ্য ঘটনা। বিহু অসমৰ আত্মা, আমাৰ গৌৰৱ আৰু জাতীয় পৰিচয় তথা সমন্বয়ৰো এক প্রতীক। আমাৰ চহকী সাংস্কৃতিক ঐতিহ্য আৰু পৰম্পৰাৰ প্রতি কৰা এনে অপমান কোনো কাৰণতে সহ্য কৰা নহ’ব। উক্ত ঘটনাৰ সৈতে জড়িত দোষীসকলৰ বিৰুদ্ধে তাৎক্ষণিক আৰু কঠোৰ ব্যৱস্থা গ্রহণ কৰিবলৈ অসম আৰক্ষীৰ সঞ্চালক প্রধানক নির্দেশনা প্রদান কৰিছোঁ। উল্লেখ্য যে শ্রীভূমি নগৰত হিন্দুস্থান ক্লাবৰ উদ্যোগত আয়োজিত শাৰদীয় দুর্গাপূজাৰ প্ৰতিমা বিসর্জনৰ শোভাযাত্ৰাত অংশগ্ৰহণ কৰা বদৰপুৰ আদৰকোণা গাঁৱৰ এটা বিহুদলৰ শিল্পীসকলক একাংশই আক্রমণ কৰে। যাৰ ফলত কেইবাজনো বিহুৱা শিল্পী গুৰুতৰভাৱে আহত হয়। ইতিমধ্যে ঘটনাত জড়িত থকাৰ অভিযোগত ১৩জন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ সমান্তৰালকৈ তদন্ত অব্যাহত ৰাখিছে।
