‘মন কী বাত’ৰ ১২ বছৰীয়া যাত্ৰাক তীর্থযাত্ৰাৰ সৈতে তুলনা প্ৰধানমন্ত্ৰীৰ
ৰঙিলী বাৰ্ত্তাসেৱা- প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ আকাশবাণীৰ নিয়মীয়া অনুষ্ঠান মন কি বাতৰ ১২ বছৰীয়া যাত্রাক ‘তীর্থযাত্রা’ বুলি অভিহিত কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে ই দেশৰ জনসাধাৰণৰ প্রচেষ্টাক ঘনিষ্ঠভাৱে জনা আৰু তেওঁলোকৰ অৱদানক স্মৰণ কৰাৰ এক তীর্থযাত্রাতকৈ কম নহয়। মন কী বাতৰ ১৩৯সংখ্যক পর্বত ‘ভোকেল ফৰ লোকেল’ৰ পক্ষত মন্তব্য কৰে প্রধানমন্ত্রী মোদীয়ে। তেওঁ কয়-‘ভোকেল ফৰ লোকেলে ভাৰতীয় পণ্যক বিশ্ব বজাৰ বিচাৰি পোৱাত সহায় কৰিছে।’ যোৱা ১২ বছৰত দেশৰ আওহতীয়া অঞ্চলৰো সাধাৰণ মানুহৰ, সাধাৰণ কাহিনীয়ে এই অনুষ্ঠানৰ প্ৰাণ বুলি তেওঁ মন্তব্য কৰে। অনুষ্ঠানত ভোকেল ফৰ লোকেলৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰে প্রধানমন্ত্রী মোদীয়ে। তেওঁ কয়- ‘বিহাৰৰ পূর্ণিয়াৰ মাখানা এতিয়া গ্রীচলৈ ৰপ্তানি হৈছে। কৰ্ণাটকৰ কালবুর্গি ৰহৰ দাইল গৈছে মালদ্বীপলৈ।’ প্রধানমন্ত্রীয়ে কয়- ‘দেশত ভোকেল ফৰ লোকেলৰ চেতনা অধিক শক্তিশালী হৈছে আৰু বিশ্ব বজাৰত ভাৰতীয় পণ্যই এক নতুন পৰিচিতি লাভ কৰিছে। এই পদক্ষেপে দেশৰ কৃষকসকলৰ বাবে বিশ্ব বজাৰৰ দুৱাৰ মুকলি কৰিছে। ‘ উৎসৱৰ সময়ৰ ক্রয়-বিক্রয়ৰ ক্ষেত্ৰত স্থানীয় পণ্যক অগ্রাধিকাৰ দিবলৈ দেশবাসীৰ ওচৰত আবেদন জনায় তেওঁ। তেওঁ কয় যে এই পদক্ষেপে শিল্পীসকলৰ কঠোৰ পৰিশ্ৰমক উৎসাহিত কৰিব আৰু আত্মনিৰ্ভৰ ভাৰতৰ সপোন বাস্তৱায়িত কৰাত সহায় কৰিব। মহাৰাষ্ট্ৰৰ আদিবাসী শিল্পীসকলৰ হস্তশিল্প আৰু খাদীৰ চাহিদা দেশত বৃদ্ধি পাইছে বুলিও জনায় প্রধানমন্ত্রী মোদীয়ে। তেওঁ কয়- ‘ছাবাৰি নেচাৰেলছ’ৰ জৰিয়তে মৌ, মহুৱা, চিৰঞ্জী আৰু বাঁহৰ পৰা উৎপাদিত পণ্যক বজাৰলৈ অনা হৈছে। এই পণ্যসমূহৰ মাজেৰে আদিবাসী শিল্পৰ প্ৰতিফলন ঘটে আৰু ই জাপানৰ পৰা মর্যাদাপূর্ণ ‘গুড ডিজাইন এৱাৰ্ডছ’ লাভ কৰিছে। তেওঁ জনায় যে কর্ণাটকৰ এটা বাঁহভিত্তিক স্টার্টআপে বাঁহ আৰু কৃষিজাত পেলনীয়া সামগ্ৰীৰ পৰা তৈয়াৰ কৰা পণ্যই বিশ্ব বজাৰত স্থান লাভ কৰিছে। এইধৰণৰ উদ্ভাৱনে কেৱল স্থানীয় পণ্যকেই আকর্ষণীয় নকৰে, বৰং তাৰ বজাৰ সম্প্ৰসাৰণতো সহায় কৰে। দেশৰ খাদীৰ জনপ্রিয়তাও ব্যাপক বৃদ্ধি পাইছে বুলি জনায় প্রধানমন্ত্রীয়ে। তেওঁ কয় যে চলিত বছৰত গান্ধী জয়ন্তীত খাদী গ্রাম্য উদ্যোগৰ পণ্যই এদিনতে ২৮ কোটি টকাৰো অধিক বিক্রী হৈছে। যি যোৱা বছৰৰ তুলনাত ১.৫ কোটি টকা অধিক। খাদীৰ ক্রমবর্ধমান জনপ্ৰিয়তাৰ সুফল তেওঁলোকৰ ওচৰলৈ আহিছে, যাৰ দক্ষতা আৰু কঠোৰ পৰিশ্ৰমে হস্তশিল্প আৰু অন্যান্য পণ্য তৈয়াৰ কৰা হয়।
