শৈশৱৰ সোণালী দিনবোৰঃ- অঞ্জুমণি শইকীয়া

Pc- Kiddles

শৈশৱৰ সোণালী দিনবোৰঃ-

অঞ্জুমণি শইকীয়া

 

সেই সময়ত আমাৰ চুবুৰীটোত মানুহৰ বসতি সেৰেঙা আছিল (মালৌআলি, তিনিআলি, যোৰহাট)৷ দুঘৰ বা তিনিঘৰ পদূলি এৰি হাবি আছিল৷ বাঁহনি, ফুটুকানি, ঢেকীয়া আদিৰ পৰা শিয়াল, হেপা, জহামাল আহি আমাৰ গড়ালৰ পৰা কুকুৰা ধৰি নিছিল৷ তিনিআলিটোৰ চুকটোৰ পৰা আমাৰ ঘৰৰ সন্মুখলৈকে এখন বৃহৎ হাবি আছিল৷ মাজেমাজে ক’লা জামু, আম, তামোল, ৰবাবটেঙা গছত আছিল৷ আমি বতৰৰ দিনত সেইবোৰ বুটলি খাইছিলো৷ হাবিখনৰ তিনিফালে তিনিটা বৃহৎ পুখুৰীও আছিল৷ মায়ে কৈছিল, এই মাটিবোৰৰ মালিক দূৰত থাকে৷ স্কুল ছুটিৰ পিছত চুবুৰীটোৰ ল’ৰাছোৱালী গোট খাই হাবিখনৰ লগত লাগি থকা মুকলি ঠাইখিনিত লুকাভাকু, চেংগুটি, অলংদলং, পিত্থু আদি খেলবোৰ খেলিছিলোঁ৷ দেওবাৰে মায়ে ওকণি চাইছিল৷

এদিন দেখিলো, হাবিখনৰ সমুখত থকা দুফালে দুজোপা বকুলফুলৰ গছ মানুহ কেইজনমানে গুৰিটো কাটি আছে৷ পিছত জানিব পাৰিলোঁ, মাটিখিনি কোনোবাই কিনিলে৷ তাৰমানে আমাৰ বকুলফুলৰ মালা গোঁথা, জামু খোৱা, খেলাধূলা কৰা আনন্দবোৰৰ মুদা মৰিল৷ আবেলি ল’ৰাছোৱালীবোৰ গোট খাই হাবি কাটি মুকলি কৰি থকা মানুহবোৰ চাওঁগৈ, ঠাইবোৰ চাওঁগৈ৷ এইখন হাবিক আমি বৃন্দাবন কল্পনা কৰি ৰাস খেলিছিলোঁ৷ আমাৰ চকুবোৰ সেমেকি আহিছিল৷ আমি যেন চিৰদিনৰ বাবে আপোনজনক হেৰুৱালোঁ৷

দেৱালীৰ আগেআগে সমুখৰ পুখুৰীটোৰ পৰা দল ঘাঁহ আনি ঘাঁহবোৰৰ শকত গাটো এক আঙুলতকৈ অলপ দীঘলকৈ কাটি ৰ’দত শুকুৱাইছিলো৷ বাঁহৰ জোঙাল খৰি এডালেৰে ইটো মূৰৰ পৰা সিটো মূৰলৈ মাজেদি খুচি দিলে কপাহৰ নিচিনা ওলাই আহে৷ সেইবোৰ কেইদিনমান ৰ’দত দি (শলিতাৰ দৰে) দেৱালীৰ দিনা চাকিবন্তি জ্বলাওঁ৷ বৰ ধুনীয়া জ্বলে৷

আমাৰ সন্মুখৰ মূল পথবোৰ ঠেক আছিল৷ দুফালৰ পৰা দুখন গাড়ী আহিলে, এখন ৰৈ দিলেহে ইখন গাড়ী পাৰ হ’ব পাৰে৷ পুৱা ৯ বজাত আৰু আবেলি ৩ বজাতহে পথত ভিৰ হৈছিল৷ বিশেষকৈ ছাত্ৰ-ছাত্ৰী, চাকৰিয়াল, ব্যৱসায়ী আৰু অন্যান্য কামত যোৱা মানুহবোৰ এই একেটা সময় আছিল৷ দুপৰীয়া গধূলি ৭ বজাৰ পিছত পথটো নিজান হৈ থাকে৷ নিজান হৈ থকা সময়ত আমি তামোলগছৰ চকুৱাত উঠি গাড়ী খেলোঁ৷ এজন বহে, এজনে টানে৷ সেই সময়ত মানুহে ৰিক্সা বা চাইকেল বেছি ব্যৱহাৰ কৰিছিল৷

অচিনাকি মানুহে কাৰোবাৰ ঘৰ বিচাৰি আহিলে সোধপোছ কৰি আগবঢ়াই নি ঘৰটো দেখুৱাই দিছিলোঁ৷ বিয়া সবাহলৈ সকলো একেলগে গৈছিলো৷ ভাওনা, বিহু সন্মিলন চাবলৈ গ’লে আমাৰ গোটটো দেখি কিছুমানে “মালৌ আলি” আহিছে বুলি কৈছিল৷ কাৰোবাৰ ঘৰলৈ আলহী আহিলে চুবুৰীটো ফুৰাবলগীয়া হৈছিল, নহ’লে চুবুৰিৰ মানুহে অসন্তোষ কৰিছিল৷৷ ট্ৰেন্সপৰ্ট বাছ আস্থানত কোনখন বাছ কেতিয়া যাব মাইক’ত কৰা ঘোষণা, ঠাকুৰবাৰীৰ প্ৰাৰ্থনা ঘন্টা, যোৰহাট ষ্টেচনৰ ৰে’লৰ উকি, ক’ৰ্টৰ ৮ বজাৰ চাইৰেণ আমাৰ ঘৰলৈকে শুনিছিলোঁ৷

এতিয়া সেই ৰামো নাই অযোধ্যাও নাই৷ ডাঙৰ চোতালৰ সৈতে বাৰী থকা গৃহস্থই ভাড়াঘৰ সাজি চোতাল বাৰী নাইকীয়া কৰিলে (কিছুমানে)৷ বাঁহনি, ফুটুকানিবোৰ কাটি ফ্লেট সাজিলে৷ পথবোৰ বহল হ’ল৷ যাতায়ত ব্যৱস্থা উন্নত হ’ল৷ ঘৰেঘৰে গাড়ী হ’ল৷ সেউজীয়া অৰণ্যৰ ঠাইত কংক্ৰিটৰ অৰণ্য হ’ল৷ শিয়ালৰ মাত নুশুনা হ’লো৷ জহামালৰ (প্ৰাণী) গোন্ধ নোপোৱা হ’লো৷ হেপা চিনি নোপোৱা (এতিয়া) হ’লো৷ বাসগৃহৰ সন্মুখেদি ছাত্ৰছাত্ৰী শাৰীপাতি অহাযোৱা কৰা দৃশ্যবোৰ দুৰ্লভ হ’ল৷ বয়সস্থ মানুহবোৰ স্বৰ্গবাসী হ’ল৷ যাক আমি তেজৰ সম্পৰ্ক নথকা সত্তেও খুৰা-খুৰী, বৰতা্-বৰমা বুলি সম্বোধন কৰিছিলোঁ৷ চুবুৰীয়াৰ আলহী আহিলেও দেৰিকৈহে গম পোৱা যায়৷

এৰা! সময়ৰ লগেলগে সকলো সলনি হ’ল৷ শৈশৱৰ সোণালী দিনবোৰ সুঁৱৰিলে সাধু কথা যেন লগা হ’ল৷