আজি  আহমেদাবাদত আইপিএলৰ ফাইনেল

Pc Cricketnmore

আজি  আহমেদাবাদত আইপিএলৰ ফাইনেল

ৰঙিলী বাৰ্ত্তাসেৱা- দুমাহজোৰা প্ৰতীক্ষাৰ অন্ত। আজি আই পি এলৰ ফাইনেল। ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ৰ্ডৰ ঐশ্বর্যশালী টি-২০ ক্রিকেট লীগ আইপিএলৰ বহু প্রতীক্ষিত ফাইনেল মেচখন আজি আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত সন্ধিয়া ৭.৩০ বজাত অনুষ্ঠিত হ’ব। বিগত ২৮ মাৰ্চৰ পৰা দেশৰ ১৩টা ভেন্যুত অনুষ্ঠিত প্রতিযোগিতাখনৰ আজি হ’বলগীয়া খিতাপ যুঁজৰ মেচখনত প্রতিদ্বন্দ্বিতা আগবঢ়াব ডিফেণ্ডিং চেম্পিয়ন ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু আৰু গুজৰাট টাইটানছে। ইতিমধ্যে দুয়োটা দলে এবাৰকৈ লাভ কৰিছে আই পি এলৰ খিতাপ।  আজি দুয়ো দলৰ সন্মুখত পুনৰ খিতাপ দখলৰ সুৱৰ্ণ সুযোগ। অৱশ্যে খিতাপ জয়ৰ বাবে দুয়োটা দলে প্ৰবল দাবীদাৰ যদিও মেচখনত আৰচিবিক ফেভাৰিট হিচাপে আখ্যা দিয়া হৈছে। প্রতিযোগিতাখনৰ প্রথমখন কোৱালিফায়াৰত শুভমন গিল নেতৃত্বাধীন গুজৰাটক পৰাস্ত কৰি আত্মবিশ্বাস তুংগত থকা ৰজত পাটিদাৰ নেতৃত্বাধীন আৰচিবিয়ে খিতাপ অক্ষুণ্ণ ৰখাৰ লক্ষ্যৰে অৱতীৰ্ণ হ’ব। শুকুৰবাৰে নিউ চণ্ডীগড়ত ৰাজস্থান ৰয়েলছৰ বিপক্ষে অনুষ্ঠিত দ্বিতীয় খন কোৱালিফায়াৰত অধিনায়ক গিলে দর্শনীয় শতক অৰ্জন কৰি দলটোৰ জয়ত মুখ্য ভূমিকা লয়। প্রতিযোগিতাখনত গিলে এতিয়ালৈকে ৬টা অর্ধশতক আৰু এটা শতক অৰ্জন কৰি নিজকে দুর্দান্ত ফৰ্মত থকাৰ ইংগিত দিছে। আজিৰ বহু প্রতীক্ষিত ফাইনেল মেচখন ৰোমাঞ্চকৰ হৈ উঠাটো নিশ্চিত। অৱশ্যে গুজৰাটৰ চিন্তাৰ কাৰণ হৈছে বিৰাট কোহলি, টীম ডেভিড, ক্ৰুনাল পাণ্ডিয়া, ভেংকাটেশ আয়াৰ, ৰজত পাটিদাৰৰে গঠিত বেটিং- লাইন। তাৰোপৰি বলিঙৰ ক্ষেত্ৰতো দলটো যথেষ্ট ভাৰসাম্য থকা দল। অভিজ্ঞ বলাৰ ভুবনেশ্বৰ কুমাৰ, ৰোমাৰিঅ’ ছেফাৰ্ড, হেজেলউডে নিজৰ দিনত সদায়ে যে ভয়াৱহ সেই কথা বিগত মেচসমূহত দি থৈছে। স্পীন আক্ৰমণত আছে সুয়স শৰ্মা।  ইফালে গৃহচহৰত খেলাৰ হেতু আজি ঘৰুৱা দৰ্শকৰ সমৰ্থন পাব গুজৰাটে। আনহাতে, গুজৰাট টাইটানছৰ বেটিং নিৰ্ভৰ কৰিব অধিনায়ক গিলৰ লগতে সাই সুদৰ্শন আৰু জ’ছ বাটলাৰৰ ওপৰত। বলিঙৰ দায়িত্বত থাকিব মহম্মদ চিৰাজ, কাগিছ’ ৰাবাডা আৰু প্ৰসিদ্ধ কৃষ্ণৰ ওপৰত।