নতুন দিল্লীত ৯ জন সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ
ৰঙিলী বাৰ্ত্তাসেৱা- পাকিস্তানী চোৰাংচোৱা সংস্থা আইএছআই আৰু আণ্ডাৰ ৱৰ্ল্ডৰ এক বৃহৎ ষড়যন্ত্রক ব্যর্থ কৰিলে দিল্লী আৰক্ষীৰ বিশেষ গোটে। দিল্লী আৰু মুম্বাই মহানগৰীক লক্ষ্য কৰি ভয়ংকৰ আক্ৰমণৰ পৰিকল্পনা কৰা ৯জন সন্ত্রাসবাদীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। তদুপৰি ইয়াৰ সৈতে জড়িত থকাৰ সন্দেহত কেইবাজনো লোকক আটক কৰি সোধা-পোছা অব্যাহত ৰখা হৈছে। তদন্তকাৰী সংস্থাটোৱে দাবী কৰিছে যে ধৃত লোকসকলে দিল্লীৰ গুৰুত্বপূৰ্ণ স্থান, নিৰাপত্তা বাহিনীৰ সদস্য আৰু ধৰ্মীয় স্থানক লক্ষ্য কৰি বৃহৎ কূটাঘাতৰ পৰিকল্পনা কৰিছিল। সূত্ৰ অনুসৰি, এই সন্ত্ৰাসবাদী দলটোৱে দীৰ্ঘদিন ধৰি গোপনে সক্ৰিয় হৈ আছিল আৰু চোৰাংচোৱা সংস্থাসমূহে তেওঁলোকৰ কাৰ্যকলাপ নিৰীক্ষণ কৰি আছিল। গোপন সূত্ৰৰ পৰা তথ্য লাভ কৰাৰ পিছত দিল্লী আৰক্ষীৰ বিশেষ কোষে একাধিক স্থানত অভিযান চলায়। উক্ত অভিযানৰ ফলস্বৰূপে এই গেঙৰ সদস্যসকল ধৰা পৰে। এই অভিযানৰ অংশ হিচাপে মুম্বাইৰ কুড়লাৰ পৰা ছাজিদ মেহমুদ শ্বেইখ ওৰফে আৰবাছ খান আৰু মুন্ত্ৰাৰ পৰা তৌকিৰ ৰিজৱান শ্বেইখক গ্ৰেপ্তাৰ কৰা হয়। দুয়োকে পৰৱৰ্তী তদন্তৰ বাবে দিল্লীলৈ অনা হৈছে। আৰক্ষী সূত্ৰই সদৰী কৰা মতে, ধৃত দুই সন্ত্রাসবাদীক দিল্লীলৈ যাবলৈ নির্দেশ দিয়া হৈছিল, য’ত তেওঁলোকক পৰৱৰ্তী আক্ৰমণৰ লক্ষ্যস্থান বাছনি কৰি দিয়াৰ কথা আছিল। এই সমগ্র কাৰ্যসূচী আৰু ভ্ৰমণৰ বাবে দুয়োজন সন্ত্রাসবাদীক বৃহৎ পৰিমাণৰ ধন দিয়া হৈছে। মুম্বাইৰ কুড়লা আৰু মুন্ত্ৰা অঞ্চলত চলোৱা যুটীয়া অভিযানত আণ্ডাৰ ৱৰ্ল্ডৰ ডন ডাউদ ইব্রাহিম আৰু পাকিস্তানৰ চোৰাংচোৱা সংস্থা আইএছআইৰ মাজৰ গভীৰ সম্পৰ্ক পুনৰ উদঙাই দিছে। ধৃত লোককেইজনৰ পৰা বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ, হেণ্ড গ্ৰেনেড আৰু বিস্ফোৰক সামগ্ৰী উদ্ধাৰ কৰা হৈছে। উদ্ধাৰ হোৱা সামগ্ৰীসমূহৰ ভিতৰত কিছুমান অস্ত্ৰ-শস্ত্ৰও আছে, যিবোৰ বৃহৎ আক্ৰমণত ব্যৱহাৰ কৰিব পৰা গ’লহেঁতেন বুলি তদন্তকাৰীয়ে বিশ্বাস কৰে। উদ্ধাৰ হোৱা অস্ত্ৰভাণ্ডাৰৰ পৰা স্পষ্ট যে অভিযুক্তসকলৰ এটা সুসংগঠিত আৰু দীৰ্ঘম্যাদী পৰিকল্পনা আছিল। ধৃত ৯জনৰ ভিতৰত নেপালী মূলৰ লোকো আছে। দিল্লী আৰক্ষীৰ এক সূত্ৰই সদৰী কৰা মতে, ভাৰতত দীৰ্ঘদিন ধৰি পাকিস্তানী চোৰাংচোৱাই এই মডিউলটো গঢ়ি তুলিছিল। সন্ত্রাসবাদী গোটটোৰ মূল লক্ষ্য আছিল দেশৰ পাৰমাণৱিক প্রকল্প, বিমানকোঠ, ৰে’ল ষ্টেচন আৰু বিদ্যুৎ প্রকল্পসমূহ। বিগত কেইবামাহো ধৰি এই গোটটোক চোৰাংচোৱাই তীব্র নজৰত ৰাখিছিল। বৰ্তমান তেওঁলোকৰ আন্তঃৰাষ্ট্ৰীয় সংযোগ, ধনৰ উৎস আৰু বিদেশত থকা মাষ্টাৰমাইণ্ডসকলৰ ভূমিকা সন্দৰ্ভত তদন্ত চলাই থকা হৈছে। সম্ভাব্য আক্ৰমণৰ তথ্য পোহৰলৈ অহাৰ পাছতে দিল্লীত হাই এলার্ট জাৰি কৰা হৈছে। চলিত মাহৰ আৰম্ভণিতে নিৰাপত্তা সংস্থাসমূহে আত্মঘাতী আক্রমণ, আইইডি বিস্ফোৰণ আৰু ধাৰাবাহিক গুলীচালনাৰ জৰিয়তে দিল্লীৰ গুৰুত্বপূৰ্ণ কাৰ্যালয় আৰু জনাকীর্ণ অঞ্চলসমূহ লক্ষ্য কৰি লোৱাৰ পৰিকল্পনা কৰি লোৱা বুলি সতর্কবাণী লাভ কৰিছিল। ইয়াৰ পিছতে সকলো জিলা আৰক্ষী গোটক কেন্দ্ৰীয় অর্ধসামৰিক বাহিনীৰ সৈতে সমন্বয় ৰক্ষা কৰি তীক্ষ্ণ নজৰ ৰাখিবলৈ নিৰ্দেশ দিয়া হৈছে।
