এছিয়ান গেমছৰ ভাৰতীয় সম্ভাব্য দলত বৈভৱ
ৰঙিলী বাৰ্ত্তাসেৱা- ১৯ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব এছিয়ান গেমছ। বিগত এছিয়ান গেমছৰ স্বৰ্ণপদক জয়ী ভাৰতে এইবাৰো শ্রেষ্ঠত্ব অৰ্জন কৰাৰ বাবে সাজু হৈছে। ইতিমধ্যে ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ৰ্ডে এছিয়ান গেমছৰ বাবে সম্ভাব্য ৩০জনীয়া দল এটা অলিম্পিক এছ’চিয়েচনক অর্পণ কৰিছে। এই সম্ভাব্য দলটোত ১৫ বছৰীয়া বৈভৱ সূর্যবংশীকো অন্তর্ভুক্ত কৰিছে ব’র্ডে। মন কৰিবলগীয়া যে এছিয়ান গেমছৰ সময়ত টীম ইণ্ডিয়াই ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া আৰু টি-২০ শৃংখলা খেলিব। মূলতঃ উক্ত শৃংখলাত ছিনিয়ৰ ক্ৰিকেটাৰসকলে ভাগ ল’ব। সেইবাবেই শুভমন গিল আৰু সূর্যকুমাৰ যাদৱক এছিয়ান গেমছৰ বাবে ঘোষিত সম্ভাব্য ৩০জনীয়া দলটোত ৰখা হোৱা নাই। ইপিনে, সম্ভাব্য দলটোত তাৰকা পেচবলাৰ যশপ্রীত বুমৰাহক অন্তর্ভুক্ত কৰা হৈছে।অৱশ্যে ৱেষ্ট ইণ্ডিজ শৃংখলাত কোনে খেলিব আৰু এছিয়ান গেমছলৈ কোন খেলুৱৈক প্ৰেৰণ কৰিব সেয়া এতিয়াও স্পষ্ট হোৱা নাই যদিও এছিয়ান গেমছৰ ভাৰতীয় দলত বৈভৱক অন্তর্ভুক্ত কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। ৰাষ্ট্ৰীয় দলৰ জাৰ্জী পিন্ধি খেলাৰ সপোন হয়তো এছিয়ান গেমছত বাস্তৱায়িত হ’ব বৈভৱৰ।
