সাঁচিপাত আৰু পাণ্ডুলিপি বিজ্ঞানৰ ওপৰত ইন্টাৰ্ণশ্বিপ কাৰ্যসূচী আয়োজন
গুৱাহাটী,ৰঙিলী বাৰ্ত্তাসেৱা- : অসমৰ পৰম্পৰাগত পাণ্ডুলিপি চিত্ৰকলা আৰু সংৰক্ষণৰ জ্ঞান নতুন প্ৰজন্মৰ মাজলৈ আগবঢ়াই নিবলৈ ‘ছ’চাইটি ফৰ শ্ৰীমন্ত শংকৰদেৱ’ৰ উদ্যোগত আৰু ‘আন্তৰ্জাতিক কীৰ্তিচিহ্ন আৰু স্থান পৰিষদ’ (International Council on Monuments and Sites, India, North-East Zone) চমুকৈ ICOMOSৰ সহযোগত বিভিন্ন মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ত শিক্ষাৰত ছাত্ৰ-ছাত্ৰীসকলৰ উপযোগী হোৱাকৈ নতুন শিক্ষানীতিৰ আধাৰত ‘Manuscript and Manuscriptology’ বিষয়ত ইন্টাৰ্ণশ্বিপ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে।
১ জুলাইৰ পৰা আৰম্ভ হবলগীয়া দুসপ্তাহজোৰা এই প্ৰশিক্ষণত ৰাজ্যৰ বিভিন্ন মহাবিদ্যালয়ৰ কলা, ইতিহাস, পুৰাতত্ত্ব, সংগ্ৰহালয় বিজ্ঞানকে আদি কৰি সকলো বিষয়ৰ শিক্ষাৰ্থীসকলে অংশগ্ৰহণ কৰিব পাৰিব। কাৰ্যসূচীত পৰম্পৰাগত সাঁচিপাত প্ৰস্তুতকৰণ, প্ৰাকৃতিক ৰং হেঙুল, হাইতাল আদিৰ ব্যৱহাৰ, পৰম্পৰাগত চিত্ৰকলা, পাণ্ডুলিপিৰ নথিকৰণ, সংৰক্ষণ আৰু ডিজিটাইজেচনৰ প্ৰাথমিক জ্ঞান প্ৰদান কৰা হ’ব।
এই প্ৰশিক্ষণ কাৰ্য্যসূচীৰ জৰিয়তে বিশ্ব ঐতিহ্যৰ অমূল্য সম্পদ অসমৰ সাঁচিপতীয়া পুথি আৰু শংকৰী চিত্ৰশৈলীক ICOMOSৰ দৰে আন্তৰ্জাতিক সংস্থাৰ সহযোগত ছাত্ৰ-ছাত্ৰীক হাতে-কামে প্ৰশিক্ষণ দি ভৱিষ্যতৰ ঐতিহ্য সংৰক্ষক গঢ়ি তুলিব বুলি ছ’চাইটি ফৰ শ্ৰীমন্ত শংকৰদেৱে আশা ব্যক্তি কৰে। সফল প্ৰশিক্ষাৰ্থীক ছ’চাইটি ফৰ শ্ৰীমন্ত শঙ্কৰদেৱ আৰু ICOMOSৰ যুটীয়া প্ৰমাণপত্ৰ প্ৰদান কৰা হ’ব।
ইতিমধ্যে ছ’চাইটিৰ প্ৰচেষ্টাত অসমৰ প্ৰায় দুহেজাৰ চিত্ৰশিল্পীয়ে এই কলাৰ প্ৰশিক্ষণ লাভ কৰিছে আৰু এটা মৃতপ্ৰায় কলা পুনৰ সক্ৰিয় হৈ উঠিছে। ছ’চাইটিৰ এই কামক Make in India আঁচনিত ভাৰত চৰকাৰেও পৃষ্ঠপোষকতা কৰিছিল।
প্ৰশিক্ষণৰ মুখ্য সমল ব্যক্তি হিচাপে বিশিষ্ট পাণ্ডুলিপি চিত্ৰশিল্পী তথা ঐতিহ্য সংৰক্ষক মৃদু মৌচম বৰাৰ লগতে কেইবাগৰাকীও বিশেষজ্ঞই পাঠদান কৰিব। আগ্ৰহী শিক্ষানুষ্ঠান আৰু শিক্ষাৰ্থীয়ে ছ’চাইটি ফৰ শ্ৰীমন্ত শঙ্কৰদেৱৰ সাধাৰণ সম্পাদকৰ লগত ৯৪০১৩৮৩৫১৭ নম্বৰত যোগাযোগ কৰিব পাৰিব।
উল্লেখ্য যে, এই পদক্ষেপে অসমৰ সাঁচিপতীয়া চিত্ৰকলাক ৰাষ্ট্ৰীয়-আন্তৰ্জাতিক পৰ্যায়ত পুনৰ প্ৰতিষ্ঠা কৰাৰ লগতে ভৱিষ্যত প্ৰজন্মক লুপ্তপ্ৰায় কলাবিধৰ লগত সংযোগ স্থাপন কৰাৰ ক্ষেত্ৰত সহায় কৰিব বুলি আশা কৰা হৈছে।
