১৯৪৫ত হিৰোছিমাত আণৱিক বোমাত আক্ৰান্ত হোৱা  জাপানৰ ছুনাও ছুবৈৰ ৯৬ বছৰত মৃত্যু 

Pc- Quick info News

১৯৪৫ত হিৰোছিমাত আণৱিক বোমাত আক্ৰান্ত হোৱা  জাপানৰ ছুনাও ছুবৈৰ ৯৬ বছৰত মৃত্যু 

ৰঙিলী বাৰ্ত্তাসেৱা- জাপানৰ ছুনাও ছুবৈৰ ৯৬ বছৰত মৃত্যু হয়। বিশ্বৰ প্ৰথমটো আণবিক বোমা আক্ৰমণত আক্রান্ত হৈছিল ছুনাও ছুবৈ। পাৰমাণৱিক অস্ত্ৰবিৰোধী প্ৰচাৰ অভিযানৰ অন্যতম নেতা আছিল ছুনাও ছুবৈ। ১৯৪৫ চনৰ ৬ আগষ্টত আমেৰিকাই হিৰোছিমা চহৰত পেলোৱা প্ৰথমটো আণৱিক বোমাত আক্ৰান্ত হৈছিল ছুনাও ছবৈ। কলেজলৈ গৈ থকা অৱস্থাতে আমেৰিকান বাহিনীয়ে পেলোৱা এই বোমাত গুৰুতৰভাৱে আহত হৈছিল ছুবৈ। ছুবৈৰ সমগ্ৰ শৰীৰ জ্বলি গৈছিল। তথাপিও দীর্ঘদিন ধৰি মৃত্যুৰ সৈতে যুঁজি জীৱন ঘুৰাই পাবলৈ সক্ষম হৈছিল ছুবৈয়ে। বিশ্বৰ পৰা পৰমাণু অস্ত্ৰৰ বিলুপ্তিৰ বাবে প্ৰচাৰত ছুবৈয়ে তেওঁৰ সমগ্ৰ জীৱন উৎসর্গা কৰে। ২০১৬ চনত অ’বামাৰ হিৰোছিমা ভ্ৰমণৰ সময়ত ছুবৈয়ে পৃথিৱীত পুনৰ যাতে পৰমাণু অস্ত্ৰৰ ব্যৱহাৰ নহয়, সেই ক্ষেত্ৰত বিশেষ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নেতাগৰাকীক আহ্বান জনাইছিল।