নির্বাচনী সততা তথ্য, পদ্ধতি আৰু জনসাধাৰণৰ অংশগ্ৰহণৰ ওপৰত নিৰ্ভৰশীলতা
শৈলেন কুমাৰ, মিৰ্জা
কোনো নির্বাচনী ব্যৱস্থাৰ বিশুদ্ধতা বা সততা কেৱল নির্বাচন পৰিচালনাৰ ওপৰতেই নিৰ্ভৰ নকৰে, বৰঞ্চ যিবোৰ পদ্ধতিৰ জৰিয়তে ভোটাৰ তালিকা প্রস্তুত, সংশোধন আৰু চূড়ান্ত কৰা হয়, সেই সম্পর্কে জনসাধাৰণৰ সঠিক বোধগম্যতাৰ ওপৰতো সেয়া নিৰ্ভৰ কৰে। শেহতীয়াকৈ’ বিশেষ নিবিড় সংশোধন (Special Intensive Revision)-ক কেন্দ্ৰ কৰি সৃষ্টি হোৱা ৰাজহুৱা বিতর্কই খচৰা পৰ্যায়ৰ তথ্য আৰু চূড়ান্ত ভোটাৰ তালিকাৰ পৰিসংখ্যাৰ মাজৰ পাৰ্থক্য বুজি পোৱাৰ প্রয়োজনীয়তাক বিশেষভাৱে প্ৰতিফলিত কৰিছে।
ব্যাপকভাৱে প্ৰচাৰিত এটা দাবীত কোৱা হৈছে যে ১৩ কোটি ভোটাৰৰ নাম কৰ্তন কৰা হৈছে’। নির্বাচন আয়োগে যোগান ধৰা সমল অনুসৰি, এই পৰিসংখ্যাটো প্ৰকৃততে বিভিন্ন শ্ৰেণীৰ অন্তৰ্গত খচৰা পৰ্যায়ৰ নামভৰ্তিৰ সৈতেহে সম্পর্কিত। ইয়াৰ ভিতৰত আছে প্ৰায় ২.৮ কোটি মৃত ব্যক্তি, ৩ কোটি অনুপস্থিত বা সন্ধানহীন ব্যক্তি, ৬. ৩ কোটি স্থায়ীভাৱে স্থানান্তৰিত ব্যক্তি আৰু প্ৰায় ১ কোটি একাধিকবাৰ নামভৰ্তি হোৱা ভোটাৰ। এই শ্ৰেণীসমূহ কোনোপধ্যেই ১৩ কোটি ভোটাৰৰ চূড়ান্ত কৰ্তনৰ সমপৰ্যায়ৰ নহয়। চূড়ান্ত তালিকা প্রস্তুত হোৱাৰ পূৰ্বে এই ভোটাৰ তালিকা প্ৰস্তুতকৰণ প্ৰক্ৰিয়াটো পৰীক্ষণ (verification), দাবী-আপত্তি দাখিল আৰু চূড়ান্তকৰণৰ বিভিন্ন পৰ্যায়ৰ মাজেৰেহে অগ্ৰসৰ হয়।
ভাৰতৰ নিৰ্বাচনী ইতিহাসে প্রমাণ কৰে যে প্রতিষ্ঠানিক বিশ্বাস যোগ্যতা কালক্ৰমতহে গঢ় লৈ উঠে। ১৯৯০ৰ দশকত টি. এন. শেষানৰ কাৰ্যকাল ছোৱাক আয়োগৰ বিদ্যমান ক্ষমতা সমূহৰ অধিক দৃঢ় প্ৰয়োগৰ বাবে স্মৰণ কৰা হয়, য’ত আদর্শ নিৰ্বাচনী আচৰণ বিধিৰ কঠোৰ বলৱৎকৰণ আৰু আয়োগৰ ভূমিকাৰ অধিক স্পষ্ট প্রকাশ অন্তর্ভুক্ত আছিল। সেই সময়ছোৱাৰ তাৎপর্য কেৱল আয়োগে নিজৰ ক্ষমতা প্রয়োগ কৰাটোতেই সীমাবদ্ধ নাছিল, বৰঞ্চ নাগৰিকসকলে ক্রমান্বয়ে ইয়াক ৰাজনৈতিক চাপৰ পৰা মুক্ত হৈ স্বাধীনভাৱে কাম কৰিব পৰা এটা প্রতিষ্ঠান হিচাপে প্রত্যক্ষ কৰিবলৈ লৈছিল।
তিনিটা দশকৰ পাছত বর্তমান এই প্রত্যাহ্বানৰ স্বৰূপ সলনি হৈছে। আয়োগে এতিয়া এনে এক তথ্য-পৰিৱেশত কাম কৰিবলগীয়া হয়, য’ত এটা দাবীৰ প্ৰকৃত প্ৰসংগ বুজি উঠাৰ পূর্বেই সি কোটি কোটি মোবাইল বা কম্পিউটাৰৰ পৰ্দালৈ বিয়পি পৰে। নির্বাচনী তথ্য, প্রশাসনিক সিদ্ধান্ত আৰু কাৰিকৰী পদ্ধতিসমূহক এটা শিৰোনাম অথবা এটা চুটি ভিডিঅ’লৈ সংকুচিত কৰি পেলাব পৰা যায়। এনে এক পৰিৱেশত প্রতিষ্ঠানিক ভাব-বিনিময় বা যোগাযোগো নির্বাচনী স্বচ্ছতাৰ এক অপৰিহাৰ্য অংগ হৈ পৰে।
ভোটাৰ তালিকা সংশোধনক লৈ শেহতীয়াকৈ হোৱা বিতর্কই এই কথাটোকে প্রমাণ কৰে। কোনো খচৰা প্ৰক্ৰিয়াৰ লগত জড়িত এটা বৃহৎ সংখ্যাই ইয়াৰ প্ৰকৃত প্রশাসনিক মর্যাদাতকৈ সম্পূর্ণ সুকীয়া অর্থ বহন কৰিব পাৰে। আয়োগৰ নিজস্ব নির্বাচনী বিধি-ব্যৱস্থাত নাম অন্তর্ভুক্তিৰ দাবী, প্ৰস্তাৱিত অন্তর্ভুক্তি বা কৰ্তনৰ বিৰুদ্ধে আপত্তি, আৰু শুধৰণি বা ঠিকনা সলনিৰ আবেদন সমূহৰ মাজত স্পষ্ট পার্থক্য নির্ধাৰণ কৰা আছে।
গতিকে, ৰাইজৰ সন্দেহ বা সংশয়ৰ উত্তৰ কেৱল নির্বাচন আয়োগ এটা সাংবিধানিক কর্তৃপক্ষ বুলি কোৱাটোৱেই হ’ব নোৱাৰে। সাংবিধানিক মর্যাদাই আয়োগৰ কাৰ্যভাৰ (mandate) প্রতিষ্ঠা কৰে সঁচা, কিন্তু সেই কাৰ্যভাৰ যেতিয়া স্বচ্ছভাৱে প্ৰয়োগ কৰা হয় আৰু ইয়াৰ সিদ্ধান্তসমূহ সকলোৱে বুজি পোৱা তথা পৰীক্ষা কৰিব পৰা বিধৰ হয়, তেতিয়াহে জনসাধাৰণৰ আস্থা দৃঢ় হয়।
ইয়াৰ অৰ্থ এইটো নহয় যে আয়োগে প্ৰতিগৰাকী সমালোচককে সন্তুষ্ট কৰিব লাগিব। কোনো স্বতন্ত্র সাংবিধানিক প্রতিষ্ঠানেই সকলোৰে সৰ্বসন্মতি বিচাৰি কাম কৰিব নোৱাৰে। কিন্তু ইয়াৰ বাবে প্ৰয়োজন হয় যে প্রতিষ্ঠানটোৱে নিজৰ কাম-কাজৰ পদ্ধতিসমূহ স্পষ্টভাৱে ব্যাখ্যা কৰক, প্রাসঙ্গিক তথ্যসমূহ সহজলভ্য ৰূপত প্ৰকাশ কৰক আৰু সাময়িক তথ্য, প্রশাসনিক সিদ্ধান্ত আৰু চূড়ান্ত ফলাফলৰ মাজৰ পাৰ্থক্য স্পষ্ট কৰি তোলক।
ভুল-ত্রুটিৰ ক্ষেত্ৰতো একেই নীতি প্রযোজ্য। ভাৰতৰ দৰে বিশাল পৰিসৰৰ নিৰ্বাচনী প্ৰক্ৰিয়া পৰিচালনা কৰা এটা প্রতিষ্ঠানত অনিবার্যভাৱেই কিছুমান ভুল, আসোঁৱাহ আৰু বিবাদৰ সৃষ্টি হ’ব পাৰে। এনে সমস্যা কেতিয়াও হ’ব নোৱাৰে বুলি কৃপাণ ভাওজোৰাটো প্ৰতিষ্ঠানিক বিশ্বাসযোগ্যতাৰ পৰিচায়ক নহয়। বৰঞ্চ সুনির্দিষ্ট পদ্ধতিৰ মাজেৰে সেই ভুলসমূহ চিনাক্ত কৰিব পৰা, শুধৰাব পৰা আৰু ইয়াৰ প্ৰকৃত জবাবদিহিতা প্ৰদৰ্শন কৰাটোহে প্ৰয়োজনীয়।
ইয়াৰ মাজত এক গভীৰ সাংবিধানিক শিক্ষা নিহিত হৈ আছে। যেতিয়া কোনো প্রতিষ্ঠানৰ কর্তৃত্বৰ সৈতে স্বচ্ছতাও যুক্ত হয়, তেতিয়া সি অধিক শক্তিশালী হৈ পৰে। স্বতন্ত্র হৈ থাকিবলৈ নির্বাচন আয়োগ জনসাধাৰণৰ পৰীক্ষা-নিৰীক্ষাৰ পৰা আঁতৰি থকাৰ কোনো প্রয়োজন নাই। বৰঞ্চ নির্দিষ্ট আৰু স্পষ্ট পদ্ধতি, সহজলভ্য তথ্য আৰু যুক্তিযুক্ত ব্যাখ্যাইহে ইয়াৰ স্বতন্ত্রতাক অধিক বিশ্বাসযোগ্য কৰি তুলিব পাৰে।
গতিকে, নিৰ্বাচনৰ প্ৰতি জনসাধাৰণৰ বিশ্বাসক কোনো এটা প্ৰতিষ্ঠানৰ প্ৰতি থকা অন্ধবিশ্বাস বুলি ধৰি লোৱা অনুচিত। ইয়াৰ প্ৰকৃত অৰ্থ হ’ল এনে এক সুদৃঢ় আস্থা- যত প্রতিষ্ঠানটোৰ কাৰ্য সম্পাদনৰ যথোচিত কর্তৃত্ব আছে, ভুল শুধৰোৱাৰ সঠিক পদ্ধতি আছেআৰু নিজৰ সিদ্ধান্তসমূহ ৰাইজক বুজাই দিয়াৰ স্পষ্ট উদাৰতা আছে।
পৰিশেষত, নির্বাচন আয়োগৰ বিশ্বাস যোগ্যতাৰ আটাইতকৈস্থায়ী ভেটিটোহ’ল: নাগৰিকসকলে কোনো প্ৰশ্ন নকৰাকৈয়ে বিশ্বাস কৰিব বুলি আশা কৰাটো নহয়, বৰঞ্চ এনে এক নির্বাচনী ব্যৱস্থা নিশ্চিত কৰাটোহে, য’ত নাগৰিকসকলৰ আস্থা ৰখাৰ যুক্তিযুক্ত কাৰণ থাকে, কিয়নো প্রতিষ্ঠানটোৱে কিদৰে আৰু কিয় কাম কৰে, সেয়া ধাৰাবাহিকভাৱে কার্যক্ষেত্রত প্ৰতিপন্ন কৰি দেখুৱায়।
