ধ্ৰুৱ ৰাথীক ঘৰৰ পৰা আৰু অভিজিৎ দীপকেক বিমানতে আটক আৰক্ষীৰ
ৰঙিলী বাৰ্ত্তাসেৱা- মুখ্য নির্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ক’কৰোচ জনতা পার্টীয়ে আহ্বান জনোৱা প্ৰতিবাদী কাৰ্যসূচীক কেন্দ্ৰ কৰি ৰাজধানী নতুন দিল্লীত পৰিৱেশ উত্তপ্ত হৈ পৰিছে। আন্দোলন ৰোধ কৰিবলৈ দিল্লী আৰু প্রশাসনে গঢ়ি তুলিছে কটকটীয়া নিৰাপত্তা বেষ্টনী। ইয়াৰ মাজতে ইউটিউবাৰ ধ্ৰুৱ ৰাথীক আটক কৰিলে দিল্লী আৰক্ষীয়ে। শনিবাৰে পুৱা গুৰুগ্ৰামৰ ছেক্টৰ ৫৬স্থিত তেওঁৰ বাসগৃহৰ পৰা আৰক্ষীয়ে ৰাথীক আটক কৰা বুলি জানিব পৰা গৈছে। ককৰোচ জনতা পাৰ্টি দিল্লীৰ যন্তৰ মন্তৰত আহ্বান জনোৱা প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ ৰাথী দিল্লীলৈ অহা বুলি জানিব পৰা গৈছে। জার্মানীৰ নাগৰিকত্ব থকা সত্ত্বেও ভাৰতৰ ৰাজনৈতিক আন্দোলনত ধ্ৰুৱ ৰাথীৰ সক্রিয় অংশগ্রহণে এতিয়া আইনী আৰু ৰাজনৈতিক প্ৰশ্নৰ অৱতাৰণা কৰিছে। সূত্ৰ অনুসৰি, শনিবাৰে পুৱা ৭ বাজি ৪৮ মিনিটত ৰাথীৰ মাতৃয়ে দুৱাৰ খোলাৰ পাছত দিল্লী আৰক্ষীৰ লোক তেওঁৰ বাসগৃহত প্ৰৱেশ কৰে। শুকুৰবাৰে নিশাৰ পৰাই বাসগৃহৰ বাহিৰত প্ৰায় ৫০জন আৰক্ষীৰ লোক উপস্থিত থকা বুলিও জানিব পৰা গৈছে। গুৰগ্ৰামৰ ছেক্টৰ ৫৬ৰ চেণ্ট্ৰেল পাৰ্ক বিহাৰত থকা পৰিয়ালৰ বাসগৃহৰ পৰাই আৰক্ষীয়ে ৰাথীক জিম্মাত লয় বুলি সূত্ৰই প্ৰকাশ কৰিছে। ইফালে, প্ৰতিবাদক কেন্দ্ৰ কৰি সষ্টম হৈ থকা আৰক্ষীয়ে যন্তৰ-মন্তৰৰ সমাৱেশলৈ অহা চিজেপিৰ মুৰব্বী অভিজিৎ দীপকে, সৌৰভ দাস, আশুতোষ ৰাংকাক ইন্দিৰা গান্ধী আন্তর্জাতিক বিমানবন্দৰৰ ভিতৰতে আটক কৰে। প্ৰাপ্ত তথ্য অনুসৰি, মুম্বাইৰ পৰা দিল্লীলৈ অহা অভিজিত দীপকে আৰু তেওঁৰ সহযোগীসকল দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অৱতৰণ কৰাৰ পাছতে আৰক্ষীৰ জিম্মালৈ যায়। তাৎপর্যপূর্ণ এই যে তিনিওগৰাকী শীর্ষ নেতাক আটক কৰিবলৈ মহিলা আৰক্ষী প্ৰেৰণ কৰিছিল দিল্লী আৰক্ষীয়ে। ইফালে আন্দোলন প্রতিহত কৰিবলৈ দিল্লীক একপ্ৰকাৰ দুৰ্গলৈ ৰূপান্তৰ কৰা হৈছে। ৰাজধানী চহৰখনত ৮ হাজাৰ মহিলাকে ধৰি প্ৰায় ৪০ হাজাৰ আৰক্ষী, অর্ধসামৰিক বাহিনী নিয়োগ কৰা হৈছে। চিজেপি আৰু বিৰোধীৰ প্ৰতিবাদক লৈ শাসকীয় বিজেপিয়ে তীব্র প্রতিক্রিয়া প্রকাশ কৰিছে। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনে অভিযোগ কৰি কয়, ১৪০ কোটি জনসাধাৰণে শান্তিত থকা দেশখনক দুটা শক্তিয়ে অস্থিৰতা স্থিতি কৰিবলৈ ডাঙৰ ষড়যন্ত্ৰ ৰচিছে। এই শক্তি দুটা হৈছে ৰাহুল গান্ধী নেতৃত্বাধীন ইণ্ডি মিত্রজোঁট আৰু আনটো হৈছে অৰবিন্দ কেজৰিৱালৰ নেতৃত্বত ক’কৰোচ পাৰ্টী। তদুপৰি এক বিদেশী শক্তিয়েও ভাৰতক অস্থিৰ কৰাৰ ষড়যন্ত্ৰ ৰচি আহিছে বুলি গুৰুতৰ অভিযোগ কৰে নীতিন নবীনে।
