শিৱসাগৰক ঐতিহ্য ক্ষেত্ৰৰূপে ঘোষণা কৰাৰ পক্ষে বিধানসভাত ভাষণ আগবঢ়াব অখিল গগৈয়ে

pc-the wire

অনলাইন বাৰ্ত্তাসেৱা- শিৱসাগৰক ৰাজ্যিক ঐতিহ্য ক্ষেত্ৰৰূপে ঘোষণা কৰিবলৈ প্ৰয়োজনীয় সকলো নথি পত্ৰ বিধানসভাত দাখিল কৰিছে অখিল গগৈয়ে।ইতিমধ্যে ভাৰতৰ দুখন নগৰক ঐতিহ্য ক্ষেত্ৰ ৰূপে ঘোষণা কৰিছে বুলিও উল্লেখ অখিল গগৈৰ।গুৰাটৰ আহমেদাবাদ আৰু ৰাজস্থানৰ জয়পুৰক ঐতিহ্য ক্ষেত্ৰৰূপে ঘোষণা কৰা হৈছে। শিৱসাৰক ৰাজ্যিক ঐতিহ্য ক্ষেত্ৰ, ৰাষ্ট্ৰীয় ঐতিহ্য ক্ষেত্ৰ আৰু বিশ্ব ঐতিহ্য ক্ষেত্ৰৰূপে কিয় ঘোষণা কৰিব লাগে সেই বিষয়ে যুক্তি দাঙি ধৰিব গগৈয়ে । শিৱসাগৰক ঐতিহ্য ক্ষেত্ৰ্ৰৰূপে ঘোষণা কৰিবলৈ চৰকাৰ তথা সংশ্লিষ্ট বিভাগ কিদৰে আগবাঢ়িব লাগিব সেই বিষয়ে আলোচনা কৰিব বিধানসভাত।বিধানসভাৰ আৰম্ভণিৰ পূৰ্বে এই বিষয়ে বিধানসভাত সৰ্বসন্মতি মৰ্মে প্ৰস্তাৱ গ্ৰহণ কৰা হ’ব বুলি আশা প্ৰকাশ অখিল গগৈৰ।শিৱসাগৰত আছে ৫৫১ টা ঐতিহাসিক সমল। by utpal kalita