মৰিয়নী সমষ্টিৰ প্ৰাক্তন বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে কয়, ১০ জন ৰিপুন বৰা,১০ জন ৰকিবুল হুছেইন, ১০ জন গৌৰৱ গগৈ আৰু ১০ জন অখিল গগৈ আহিলেও মোক হৰোৱাব নোৱাৰে

Pc-Guwahatitimes

অনলাইন বাৰ্ত্তাসেৱা-  দেউতা-মাৰ আশীৰ্বাদত, মৰিয়নি সমষ্টিৰ ৰাইজৰ আশীৰ্বাদত মই পুনৰ মৰিয়নি সমষ্টিত জয় হম। ৰাখে হৰি মাৰে কোনে, মাৰে হৰি ৰাখে কোনে। ১০ জন ৰিপুন বৰা, ১০ জন ৰকিবুল হুছেইন, ১০ জন গৌৰৱ গগৈ আহিলেও মোক হৰোৱাব নোৱাৰে। ১০ জন অখিল গগৈ আহিলেও মোক হৰোৱাব নোৱাৰে।এই চেলেঞ্জ ৰূপজ্যোতি কুৰ্মীৰ। অখিল গগৈয়ে মৰিয়নি সমষ্টিৰ উপ নিৰ্বাচনত ৰূপজ্যোতি কুৰ্মীক পৰাস্ত কৰিব বুলি কৰা মন্তব্যৰো প্ৰতিক্ৰিয়া। ‘তেওঁ (ভগৱানে) ইচ্ছা কৰিলে অখিল গগৈয়ে মোক কি হৰোৱাব’ ৰূপজ্যোতি কুৰ্মীৰ প্ৰতিক্ৰিয়া। নিজকে হাতীৰ লগত তুলনা কৰিলে ৰূপজ্যোতি কুৰ্মীয়ে। হাতী গৈ থাকিলে কুকুৰে ভুকেই, এই মন্তব্য কুৰ্মীৰ।  এই মন্তব্য ৰূপজ্যোতি কুৰ্মীৰ।