শিশুৰ সুৰক্ষাৰ কাৰণে দুচকীয়া বাহনত শিশুক তোলাৰ নতুন নিয়ম

শিশুৰ সুৰক্ষাৰ কাৰণে দুচকীয়া বাহনত শিশুক তোলাৰ নতুন নিয়ম, শিশুক লৈ যাত্ৰা কৰোতে কেতবোৰ নতুন নিয়ম পালন কৰিব লাগিব

ৰঙিলী বাৰ্ত্তাসেৱা-  দুচকীয়া বাহনত শিশুক তোলাৰ নতুন নিয়ম পথ পৰিবহণ মন্ত্ৰণালয়ৰ।বাইক চলোৱাসকলে শিশুক লৈ যাত্ৰা কৰোতে কেতবোৰ নতুন নিয়ম পালন কৰিব লাগিব।পথ পৰিবহণ তথা ৰাজমাৰ্গ মন্ত্ৰণালয়ে শিশুৰ সুৰক্ষাৰ কাৰণে কেতবোৰ নিয়মৰ সালসলনি কৰিছে।ইয়াৰ পূৰ্বে মন্ত্ৰণালয়ে বাইকৰ পিছফালৰ ছীটৰ দুয়োফালে হেণ্ড হোল্ড বাধ্যতামূলক কৰিছিল।নতুন প্ৰস্তাৱ অনুসৰি ৪ বছৰ পৰ্যন্ত শিশুক দুচকীয়া বাহনত নিয়াৰ সময়ত স্পীড লিমিট ৪০ কিঃমিঃ প্ৰতি ঘণ্টাৰ ওপৰত যাব নালাগিব৷দুচকীয়া বাহনৰ চালকে পিছফালে বহা ৯মহীয়াৰ পৰা ৪বছৰ পৰ্যন্ত শিশুক ক্ৰেছ হেলমেট পিন্ধাব লাগিব।মটৰচাইকেলৰ চালকে ৪ বছৰৰ তলৰ শিশুক নিজৰ লগতে বাইক বা স্কুটাৰত নিওতে ছেফটি হাৰ্নেছৰ ব্যৱহাৰ কৰিব লাগিব।