২০ বছৰীয়া মৰমৰ সম্পৰ্কৰ কৰুণ পৰিণতি বেলতলাৰ বৃদ্ধ দম্পতীৰ হত্যাকাণ্ডৰ মূল কালপ্ৰীত কেয়াৰটেকাৰ আকাশ চৌধুৰী

২০ বছৰীয়া মৰমৰ সম্পৰ্কৰ কৰুণ পৰিণতি বেলতলাৰ বৃদ্ধ দম্পতীৰ হত্যাকাণ্ডৰ মূল কালপ্ৰীত কেয়াৰটেকাৰ আকাশ চৌধুৰী

ৰঙিলী বাৰ্ত্তাসেৱা- বেলতলাৰ বৃদ্ধ দম্পতীক হত্যাকাণ্ডই জোকাৰি গৈছে সকলোকে।বেলতলাৰ চন্দন নগৰৰ হত্যাকাণ্ডৰ ন-ন তথ্য আৰক্ষীয়ে লাভ কৰিছে।এই সন্দৰ্ভত মহানগৰৰ আৰক্ষী আয়ুক্ত গৰাকীয়ে কয় যে,”কেয়াৰটেকাৰ আকাশ চৌধুৰী মূল কালপ্ৰীত।খিৰিকী-দুৱাৰত আকাশৰ ফিংগাৰপ্ৰিণ্ট পোৱা গৈছে।যিমান ফিংগাৰপ্ৰিণ্ট পোৱা গৈছে সকলো আকাশ চৌধুৰীৰ।পাছফালে থকা এখন দুৱাৰেদি প্ৰবেশ কৰিছিল আকাশে।ভিতৰৰ পৰা খুলা হৈছিল বাৰাণ্ডাৰ গ্ৰীল।আৰক্ষীয়ে উদ্ধাৰ কৰিছে এটা পটাগুটি।এই পটাগুটিৰেই বৃদ্ধ দম্পতীহালক মূৰত প্ৰহাৰ কৰি আকাশে হত্যা কৰাৰ সন্দেহ কৰা হৈছে।”উল্লেখযোগ্য যে,২০ বছৰ ধৰি ছাৰ্ভেৰ চন্দন নগৰত বৃদ্ধ দম্পতীৰ কেয়াৰটেকাৰ হিচাপে আছিল আকাশ চৌধুৰী।বৰ্তমানেও আৰক্ষীৰ জেৰাত মুখ খোলা নাই অভিযুক্ত আকাশ চৌধুৰীয়ে৷আৰক্ষীৰ জেৰাত হত্যাকাণ্ডৰ জড়িত নাই বুলি দোহাৰি আছে আকাশে৷আনহাতে গুৱাহাটীৰ বেলতলাৰ ছাৰ্ভেৰ দম্পতী হত্যাকাণ্ড সন্দৰ্ভত আৰক্ষীয়ে এইপৰ্যন্ত ৫জন লোকক আটক কৰিছে।