ৰাজ্যৰ স্বাস্থ্য বিভাগৰ আন এক মাইলৰ খুঁটি অতিক্রম

Pc- Reuters

 ৰাজ্যৰ স্বাস্থ্য বিভাগৰ আন এক মাইলৰ খুঁটি অতিক্রম

ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যৰ স্বাস্থ্য বিভাগে আন এক মাইলৰ খুঁটি অতিক্রম কৰিলে । ক’ভিড প্রতিষেধকৰ প্ৰথম পালি প্ৰদান কৰা লোকৰ সংখ্যাই ২ কোটি অতিক্রম কৰিলে। ভাৰত চৰকাৰৰ ক’উইন প’ৰ্টেলৰ তথ্য অনুসৰি ৰাজ্যত প্ৰথম পালি ক’ভিড প্রতিষেধক গ্ৰহণ কৰা লোকৰ সংখ্যা হৈছে– ২,০০,০৩,৬২৩জন।ৰাজ্যৰ ৭৬,০৬,৩৩৭জন লোকে দ্বিতীয় পালি ক’ভিড প্রতিষেধক গ্ৰহণ কৰিছে। স্বাস্থ্য বিভাগে ৰাজ্যবাসীক মুঠ ২,৭৬,০৯,৯৬০ ড’জ ক’ভিড প্রতিষেধক প্ৰদান কৰিলে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ক’ভিড প্রতিষেধক অভিযানত অসমে লাভ কৰা সফলতাৰ ক্ষেত্ৰত ব্যাপক সঁহাৰি জনোৱাৰ বাবে স্বাস্থ্যকর্মী তথা প্রতিষেধক অভিযানত জড়িত প্রত্যেককে অভিনন্দন জনোৱাৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকো এই অভিযানৰ সফলতাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তয়ো  দুই কোটি লোকক প্রথম প্রতিষেধক প্ৰদান অভিযানৰ অধীনত সামৰি লোৱাৰ বাবে ৰাজ্যবাসীক অভিনন্দন জনায়। স্বাস্থ্যমন্ত্রী মহন্তই জিলা প্ৰশাসনসমূহৰ লগতে জিলা স্বাস্থ্য বিভাগৰ বিষয়াসকলে এই অভিযান সফল কৰাৰ বাবে গ্ৰহণ কৰা ভূমিকাৰো শলাগ লয়।