শব্দ তুমি আৰু মই- নীলাক্ষী মিশ্ৰ

Pc- The nature conservancy

শব্দ তুমি আৰু মই

শব্দৰ মাজত তোমাক খেপিয়াই ফুৰো
সহজ হয় তোমাৰ মোৰ সহৱস্থান
শব্দৰ গাত ভেজা দি
গঢ়িব পাৰোঁ, ভাঙিব পাৰো
তোমাক ,তোমাৰ মাজত মোক
শব্দৰ মাতাল বানত উটিব পাৰো
মোৰ পৰা তোমালৈ বিশ্বাসৰ নভঙা সাঁকো বাান্ধিব পাৰোঁ
বিষাদৰ অগ্নিত জ্বলিব
পাৰো
তোমাৰ সৃষ্ট মোৰ প্ৰতিটো শব্দ
শব্দৰ মুকুতাৰ মাজত বন্দী এতিয়া মোৰ অস্তিত্ব

“নীলাক্ষী মিশ্ৰ
যোৰহাট প্ৰধান ডাকঘৰ”